অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঈশ্বৰী

ঈশ্বৰী (সংস্কৃত: ईश्वरी, ৰোমানীকৃত: Īśvarī) সংস্কৃত মূলৰ হিন্দু উপনাম৷ এই শব্দই ইশ্বৰৰ সমকক্ষ ঐশ্বৰিক নাৰী দেৱীসকলক বুজায়। ইয়াৰ উপৰিও ই এটা শব্দ যিয়ে শক্তি বা ত্ৰিমূৰ্তিৰ নাৰী শক্তিক অৰ্থাৎ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক বুজায়।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঈশ্বৰী (সংস্কৃত ভাষা: ईश्वरी, ৰোমানীকৃত: Īśvarī) সংস্কৃত মূলৰ হিন্দু উপনাম৷ এই শব্দই ইশ্বৰৰ সমকক্ষ ঐশ্বৰিক নাৰী দেৱীসকলক বুজায়। ইয়াৰ উপৰিও ই এটা শব্দ যিয়ে শক্তি বা ত্ৰিমূৰ্তিৰ নাৰী শক্তিক অৰ্থাৎ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক বুজায়।১

ব্যুৎপত্তি

ঈশ্বৰ শব্দটোৰ মূল হৈছে সংস্কৃত পদাংশ ‘ঈশ’ "বৈধ বা শক্তিশালী হোৱা; সিদ্ধহস্ত হোৱা" আৰু ‘ৱৰ’ "নিৰ্বাচিত, পছন্দৰ, মূল্যৱান, শ্ৰেষ্ঠ, অতি উত্তম বা বিশিষ্ট" সংযুক্ত হৈ সৃষ্টি হোৱা এক শব্দ৷২ শাক্তবাদত ঈশ্বৰৰ নাৰী স্বৰূপত বুজাবলৈ স্ত্ৰীলিঙ্গ ঈশ্বৰী শব্দ ব্যৱহাৰ কৰা হয়।৩

ত্ৰিমূৰ্তিৰ দেৱী

সৰস্বতী জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।৪ সৰস্বতী ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।৫

লক্ষ্মী ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।৬ তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত দেৱীৰ মাজৰ অন্যতম এগৰাকী দেৱী৷৭

পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়।

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2015-08-29). Ishvari, Īśvarī: 14 definitions. www.wisdomlib.org
  2. ↑ Sanskrit and Tamil Dictionaries
  3. ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 376. ISBN 978-0-14-341421-6
  4. ↑ Kinsley, David. (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. ISBN 0-520-06339-2
  5. ↑ Encyclopaedia of Hinduism, p. 1214; Sarup & Sons, ISBN 978-81-7625-064-1
  6. ↑ Ph.D, James G. Lochtefeld. (2001-12-15). The Illustrated Encyclopedia of Hinduism, Volume 1. The Rosen Publishing Group, Inc. ISBN 978-0-8239-3179-8
  7. ↑ Mark W. Muesse. The Hindu Traditions: A Concise Introduction. Fortress Press. পৃ. 157. ISBN 978-1451414004

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশ্বৰী” প্ৰবন্ধৰ সংশোধন ৪৭৭৩৫৬ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।