এণ্ড্ৰমেডা (/ænˈdrɒmɪdə/; প্ৰাচীন গ্ৰীক: Ἀνδρομέδα, ইংৰাজী: Andromeda) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইথিওপিয়াৰ ৰাজকুমাৰী৷ তেওঁ ইথিওপিয়াৰ ৰজা চেফিয়াছ আৰু ৰাণী কেচিঅ’পিয়াৰ কন্যা।
ব্যুৎপত্তি
এণ্ড্ৰমেডা নামটো গ্ৰীক শব্দ Ἀνδρομέδα ৰ পৰা আহৰণ কৰা হৈছে৷ শব্দটোৰ অৰ্থ হয়তো ‘স্বামীৰ প্ৰতি সচেতন’ হ’ব পাৰে৷ গ্ৰীক বিশেষ্য পদ ἀνήρ, ἀνδρός, anḗr, andrós ‘মানুহ’ আৰু ক্ৰিয়াপদ μέδεσθαι 'মন সচেতন হোৱা', μέδω, 'ৰক্ষা কৰা, শাসন কৰা'ৰ পৰা, বা μήδομαι 'বিচৰা-কল্পনা কৰা, ৰচনা কৰা, সিদ্ধান্ত লোৱা' শব্দৰ সংযোগত এই শব্দটো সৃষ্টি কৰা হৈছে। এই ক্ৰিয়াবোৰ যাদুকৰী মেডিয়া নামৰ সম্ভাৱ্য উৎপত্তি μήδεια 'পৰিকল্পনা, ধূৰ্ততা' শব্দৰ সৈতে জড়িত৷১
কিংবদন্তী
এণ্ড্ৰমেডাৰ মাতৃ কেচিঅ’পিয়া এগৰাকী অহংকাৰী আৰু আত্ম-গৌৰৱী তিৰোতা আছিল আৰু সেয়াই তেওঁৰ পতনৰ সূচনা কৰিছিল৷ কাহিনী অনুসৰি কেচিঅ’পিয়াই তেওঁ বা তেওঁৰ কন্যা এণ্ড্ৰমেডা, সাগৰ দেৱতা নেৰিয়াছৰ অপেশ্বৰী-কন্যা সকলো নেৰেইডছতকৈও অধিক ধুনীয়া বুলি গৌৰৱ কৰিছিল।২ ইয়াৰ ফলত ইথিওপিয়া ৰাজ্য সাগৰৰ শাসক দেৱতা প'জাইডনৰ আক্ৰোশৰ বলি হ’বলগীয়া হয়।৩
প'জাইডনে সমগ্ৰ ৰাজ্যখনক বানপানীত বুৰাই পেলোৱাৰ সিদ্ধান্ত লৈছিল৪ নে সাগৰীয় দানৱ চেটাছক দেশখন ধ্বংস কৰিবলৈ নিৰ্দেশ দিছিল সেই সম্পৰ্কে ভিন্ন সংস্কৰণ পোৱা যায়। যিকোনো ক্ষেত্ৰতে নিজৰ ৰাজ্য ৰক্ষা কৰাৰ প্ৰচেষ্টাত চেফিয়াছ আৰু কেচিঅ’পিয়াই এজন জ্ঞানী পুৰোহিতৰ পৰামৰ্শ লয়৷ পুৰোহিতে তেওঁলোকক তেওঁলোকৰ কন্যাক বলি দি সাগৰ দেৱতাক সন্তুষ্ট কৰিলেহে দেশ ৰক্ষা কৰিব পৰা যাব বুলি কয়৷
সেই অনুসৰি এণ্ড্ৰমেডাক সাগৰৰ পাৰত থকা শিল এটাত শিকলিৰে বান্ধি সাগৰীয় দানৱটোৰ হাতত গতাই দিয়া হৈছিল। পাৰ্চিয়াছ আহি চেটাছক হত্যা কৰি এণ্ড্ৰমেডাক ৰক্ষা কৰে আৰু তেওঁক বিয়া কৰায়।৪
তথ্যসূত্ৰ
- ↑ Andromeda. Online Etymology Dictionary
- ↑ Both Catasterismi 16 (Hard 2015, p. 19) and De astronomia 2.10 cite Sophocles' lost play Andromeda as their source for this. According to Hyginus, Fabulae 64 Cassiopeia boasts of her daughter Andromeda's beauty rather than of her own
- ↑ Tripp, s.v. Cassiopeia. According to Apollodorus, 2.4.3, and Hyginus, De astronomia 2.10, Cassiopeia boasted that she was more beautiful, while according to Hyginus, Fabulae 64, it was that her daughter Andromeda was more beautiful
- ↑ Poseidon, god of the sea, floods and earthquakes - Greek Gods, Mythology of Ancient Greece. www.greek-gods.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰমেডা (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৮৫ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।