ইয়াৰা (ইংৰাজী: Iara, Uiara, Yara বা Hiara; পৰ্তুগীজ উচ্চাৰণ: ), হৈছে প্ৰাচীন টুপি আৰু গুয়াৰানি লোককথাৰ ওপৰত ভিত্তি কৰি ব্ৰাজিলৰ শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। শব্দটোৰ উৎপত্তি হৈছে পুৰণি টুপি ভাষাৰ yîara = y (“পানী”) + îara (“প্ৰভু; নাৰী”) = “হ্ৰদৰ নাৰী” (পানীৰ ৰাণী) শব্দটোৰ পৰা। মৌখিক পৰম্পৰা আৰু কাহিনীৰ প্ৰসংগ অনুসৰি১ তাইক হয় পানীৰ নিম্ফ (nymph; অপেশ্বৰী), চাইৰেন (siren; অপেশ্বৰী) বা আমাজন নদীত বাস কৰা এগৰাকী ধুনীয়া জলকুঁৱৰীৰ সৈতে তুলনা কৰিব পাৰি।
অৱলোকন

মৌখিক কাহিনী অনুসৰি ইয়াৰা হৈছে এগৰাকী ধুনীয়া যুৱতী, যাৰ সেউজীয়া চুলি, দেহৰ ছালৰ ৰং পাতল বাদামী বা তাম ৰঙী (ব্ৰাজিলৰ খিলঞ্জীয়া আমেৰিকান ভাৰতীয়ৰ দৰে) আৰু বাদামী চকু, ডলফিনৰ দৰে এডাল নেজ, শৰীৰ মেনাটি (manatee) বা মাছৰ দৰে (টুপি শব্দ y ৰ কোনো সুকীয়া অৰ্থ নাছিল, সাধাৰণতে যিকোনো নদীৰ পাৰ বা মিঠা পানীৰ হ্ৰদৰ ঠাইৰ বাবে ব্যৱহাৰ কৰা হয়)। এই যুৱতীগৰাকী নদীৰ কাষৰ শিলত চুলি মেলি বহি থাকে নাইবা ৰ’দ লৈ টোপনিয়াই থাকে। যেতিয়া তাইৰ ওচৰে পাজৰে কোনো মানুহ পাৰ হৈ যায় তাই তাক প্ৰলোভিত কৰিবলৈ লাহে লাহে গান গাবলৈ আৰম্ভ কৰিছিল। ইয়াৰাৰ মন্ত্ৰৰ জালত পৰা পুৰুষসকলে নিজৰ সকলো ত্যাগ কৰি তাইৰ সৈতে চিৰদিনৰ বাবে পানীৰ তলত থাকিবলৈ বাধ্য হৈছিল,২ কাৰণ তাই খুব ধুনীয়া আছিল আৰু তাইৰ প্ৰেমিকৰ গোটেই জীৱন সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি বিশ্বাস কৰিছিল। আন কিছুমান সংস্কৰণৰ মতে তাই মানুহজনক পানীত ডুবাই হত্যা কৰিছিল।
ব্ৰাজিলৰ লোককথাৰ মৌখিক পৰম্পৰা অনুসৰি ইয়াৰা এক পিতৃতান্ত্ৰিক জনগোষ্ঠীৰ এগৰাকী সুন্দৰী খিলঞ্জীয়া যুৱতী আছিল। তাই যুদ্ধৰ প্ৰতিভা আয়ত্ত কৰি জনগোষ্ঠীৰ পৰা প্ৰশংসা আৰু পিতৃৰ আৰু মুখিয়াল পৰা সন্মান লাভ কৰিছিল।৩ কিন্তু তাইৰ ভাতৃসকলে তাইক ঈৰ্ষা কৰিছিল আৰু এদিন ৰাতি তাইক হত্যা কৰি কৰাৰ সিদ্ধান্ত লৈছিল। কিংবদন্তিটোত কোৱা হৈছে যে ইয়াৰাই নিজৰ ভাতৃদ্বয়ৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিছিল আৰু আকস্মিকভাবে তেওঁলোকক হত্যা কৰিছিল।৪ তাই পলাই গৈ হাবিত আশ্ৰয় লয় যদিও পিতৃৰ বন্দী হয় আৰু ভাতৃদ্বয়ক হত্যা কৰাৰ অপৰাধত নদীত ডুবাই শাস্তি দিছিল (কিছুমান মৌখিক সংস্কৰণৰ মতে তাই অন্তৰ্ধান হোৱা বাবে ৰাতিৰ দেৱী জেচিক দোষাৰোপ কৰি তাইক হত্যা কৰি মৃতদেহ নদীত পেলাই দিছিল২)। পূৰ্ণিমাৰ নিশা মাছবোৰে বা কিছুমান সংস্কৰণত জেচিয়ে তাইক উদ্ধাৰ কৰি জলপৰীলৈ ৰূপান্তৰ কৰিছিল। পিছত তাই প্ৰতিশোধ ল’বৰ বাবে পুৰুষসকলক প্ৰলোভিত কৰি নদীত ডুবাই হত্যা কৰাৰ সিদ্ধান্ত লয়। কিছুমান লোককথাৰ মতে যিসকল লোক কেনেবাকৈ বাচি থাকে তেওঁলোকে শেষত উন্মাদ হৈ পৰে,৫ বা ডিঙিত দাঁতৰ দাগ লৈ জীয়াই থাকে।৬
কিংবদন্তি
১৮ শতিকালৈকে ইয়াৰাৰ কিংবদন্তি এগৰাকী প্ৰলোভনমূলক জলপৰীৰ প্ৰতিচ্ছবিৰ সৈতে জড়িত নাছিল বুলি প্ৰায়ে দাবী কৰা হয়। বৰঞ্চ ই প্ৰথমে মাছমৰীয়াক ভক্ষণ কৰা ইপুপিয়াৰা (Ipupiara; "মিঠা পানীৰ দানৱ"৭) নামেৰে জনাজাত এক আক্ৰমণাত্মক আৰু নদী দানৱ ‘মেৰ্মেন’ (merman) আছিল বুলিহে কোৱা হয়।
ইয়াৰা অমৰ (গ্ৰীক শ্ৰুতিকথাৰ নিম্ফবোৰৰ দৰে), কিন্তু তাইৰ প্ৰেমিকসকল বুঢ়া হৈ যায় বা মৃত্যু হয়। ইয়াৰ অৰ্থ হ’ল ইয়াৰা বেছিভাগ সময় অকলশৰে জীয়াই থাকে।
অৰণ্যৰ মাজলে অকলে যাবলৈ সাহস কৰাসকলৰ অন্তৰ্ধানৰ অন্যতম কাৰণ হিচাপে সাধাৰণতে কিংবদন্তিমূলক জীৱ ইয়াৰাক জগৰীয়া কৰা হয়।
লেটিন আমেৰিকাৰ শ্ৰুতিকথা
মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকাৰ লা ল’ৰ’না (La Llorona), কলম্বিয়াৰ লা পাটাছ’লা (La Patasola) আৰু উত্তৰ আমেৰিকাৰ টুণ্ডা (Tunda) আৰু হৰিণ মহিলা (Deer Woman) আদি অন্যান্য অঞ্চলৰ লোককথাত বৰ্ণিত কেইবাগৰাকীও নাৰী কিংবদন্তিৰ সৈতে ইয়াৰাৰ প্ৰকৃতিগত সাদৃশ্য আছে। এই সকলো নাৰী কিংবদন্তিয়ে পুৰুষসকলক মৃত্যুৰ দিশে লৈ যায় বুলি গণ্য কৰা হয়।
অভিযোজন
এণ্ড্ৰু লেঙে “দ্য ব্ৰাউন ফেয়াৰী বুক” (The Brown Fairy Book) নামৰ গ্ৰন্থত ইয়াৰাৰ কিংবদন্তিক কিছু পৰিবৰ্তিত ৰূপত উপস্থাপন কৰিছিল।৮
আমেৰিকাৰ প্ৰকৃতিবিদ হাৰ্বাৰ্ট হাণ্টিংডন স্মিথে ইয়াৰা কিংবদন্তিৰ এটা সংস্কৰণ নথিভুক্ত কৰিছিল, যাৰ নাম তেওঁ “অইৰাৰা, দ্য ৱাটাৰ-মেইডেন্স” (Oiará, The Water-Maidens) ৰাখিছিল।৯
উত্তৰাধিকাৰ আৰু প্ৰভাৱ
ইয়াৰা বা য়াৰা (Iara বা Yara) হৈছে ব্ৰাজিলৰ মহিলাসকলৰ এটা অতি জনপ্ৰিয় মহিলা।
আধুনিক সংবাদ মাধ্যমত
উপন্যাস “মাকুনাইমা” (Macunaíma, 1969)ৰ চলচ্চিত্ৰ সংস্কৰণত নায়কজন এগৰাকী ইয়াৰাৰ হাতত মৃত্যু হৈছিল। তাইক তাক আলিংগন কৰে আৰু ডিঙিৰ পিছফালে ফুটা কৰি তাৰ জীৱন শক্তি পান কৰে। ধুনীয়া ছোৱালীজনী যে প্ৰকৃততে এজনী দানৱী সেই কথা বুজি পাওতে তাক বহু পলম হৈ যায়।
২০২১ চনৰ ব্ৰাজিলত প্ৰচাৰিত “ইনভিজিবল চিটি” (Invisible City) নামৰ অতিপ্ৰাকৃতিক দূৰদৰ্শন ধাৰাবাহিকখনৰ নায়কজনেও এগৰাকী ইয়াৰাক লগ পায় আৰু কথমপি মৃত্যুৰ পৰা ৰক্ষা পৰে। তাই তাক কয় যে তাইৰ প্ৰেমিকজনে তাইক হত্যা কৰি নদীত ডুবাই দিয়াৰ পিছত তাই ইয়াৰা হৈ পৰিছিল।
২০২১ চনৰ ডিচি কমিক্সৰ ৱাণ্ডাৰ গাৰ্ল কমিক বুকত ভৱিষ্যতৰ ব্ৰাজিলিয়ান ৱাণ্ডাৰ উইমেন য়াৰা ফ্ল'ৰ (Yara Flor) নামৰ এটা চৰিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰা (Iara) এগৰাকী মহান ব্ৰাজিলিয়ান যোদ্ধা আছিল যি পিছলৈ পবিত্ৰ জলৰ ৰক্ষক হিচাপে জলপৰীৰ দৰে ঐশ্বৰিক সত্তালৈ ৰূপান্তৰিত হৈছিল। তেখেতে ইয়াৰা ফ্ল'ৰক তেওঁৰ ক্ষমতাৰ বৈশিষ্ট্যপূৰ্ণ অস্ত্ৰ গোল্ডেন বলেড'ৰাছ (Golden Boleadoras) প্ৰদান কৰিছিল। ১০
তথ্যসূত্ৰ
- ↑ Article on the city of Olinda
- ↑ A história da lenda da sereia Iara (The story of the legend of the mermaid Iara)
- ↑ Iara (Mermaid Iara)
- ↑ Lenda da Iara (Legend of Iara)
- ↑ Conto popular do folclore brasileiro - Lenda da Iara (Popular tale of Brazilian folklore - Legend of Iara)
- ↑ BANE, Teresa. (7 July 2010). Encyclopedia of Vampire Mythology. McFaland & Company, Inc. ISBN 9780786444526
- ↑ in Portuguese phonological rules; by that [Pre-Pombaline] time, most Brazilians still spoke línguas gerais
- ↑ Lang, Andrew. The Brown Fairy Book. London; New York: Longmans, Green. 1904. pp. 88-99
- ↑ Smith, Herbert Huntington. Brazil, the Amazons and the coast. New York: C. Scribner's Sons. 1879. p. 572
- ↑ Jones, Joëlle. Wonder Girl (Volume 3) #2. DC Comics. 2021
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াৰা (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪১৪৬৫০ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।