অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আকিকা

ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।

আকীকাৰ হুকুম

অধিকাংশ আলিমৰ মতে সন্তানৰ আকীকা কৰা ছুন্নাতে মুৱাক্কাদাহ। হাদিছ গ্ৰন্থত আছে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“যি ব্যক্তিয়ে নিজ সন্তানৰ আকীকা কৰিব বিচাৰে, তেওঁ যেন তাক পালন কৰে”।১

অন্য হাদিছত আছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আকৌ কৈছে-

প্ৰতিটো সন্তানেই আকীকাৰ বিনিময়ত আটক হৈ থাকে”।২

আকীকা কৰাৰ সময়

হাদিছ অনুযায়ী আকীকাৰ কাৰণে উত্তম সময় হ'ল সন্তান ভূমিষ্ঠ হোৱাৰ সপ্তম দিবস। সপ্তম দিনা আকীকা কৰাৰ লগতে সন্তানৰ সুন্দৰ নাম ৰখা, মূৰৰ চুলি কমোৱা আৰু চুলিৰ সমপৰিমাণ ওজনৰ ৰূপ ছাদকাহ কৰাও মুস্তাহাব।৩

বিনা কাৰণত আকীকা দিয়াত বিলম্ব কৰা ছুন্নাতৰ বিৰোধিতা কৰাৰ অন্তৰ্ভুক্ত। দৰিদ্ৰতা বা অন্য কোনো কাৰণত যদি ৭ দিনত আকীকা কৰিবলৈ সক্ষম নহয়, তেনেহ'লে যেতিয়াই অভাৱ দূৰ হ'ব, তেতিয়াই আকীকা কৰা জায়েজ আছে।

কেনে ধৰণৰ পশুৰ দ্বাৰা আকীকা কৰিব লাগে? সংখ্যা কিমান?

আকীকাৰ ক্ষেত্ৰত ছুন্নাত হ'ল, পুত্ৰ সন্তান হ'লে দু‘টি দুম্বা বা ছাগলী আৰু ছোৱালী সন্তান হ'লে এটি দুম্বা বা ছাগলীৰ দ্বাৰা আকীকা কৰা। কিয়নো মুহাম্মাদ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি সমবয়সৰ ছাগলী আৰু ছোৱালী সন্তানৰ পক্ষৰ পৰা এটি ছাগলীৰ দ্বাৰা আকীকা দিব লাগিব।৪ আৰ্থিক অসচ্ছলতাৰ কাৰণে যদি পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি ছাগলীৰ দ্বাৰা আকীকা দিব নোৱাৰে, তেন্তে এটি ছাগলীৰে আকীকা দিলেও হ’ব।

আকীকাৰ মাংস কোনে খাব পাৰে?

আকীকাৰ মাংস কুৰবাণীৰ মাংসৰ দৰেই। তাক নিজে খাব, আত্মীয় স্বজনক খুৱাব আৰু গৰীব-মিছকীনক ছাদাকা কৰিব। আকীকাৰ মাংসও কুৰবাণীৰ দৰে তিনি ভাগ কৰা জৰুৰী নহয়। আকীকাৰ মাংস যদি আটাইখিনি ৰান্ধে আৰু আত্মীয়-স্বজন ও বন্ধু-বান্ধৱ আৰু অন্যান্য মুছলিমসকলক দাওৱাত দি খুওৱা হয, তথাপিও জায়েজ আছে।

গৰুৰ দ্বাৰা আকীকা কৰা

কোনো হাদীছতেই গৰুৰ দ্বাৰা আকীকা কৰাৰ কথা উল্লেখ হোৱা নাই। অথচ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহিৰ যুগত সকলো ধৰণৰ পশোৱেই বিদ্যমান আছিল। গতিকে উত্তম হৈছে ছাগলী বা দুম্বাৰ দ্বাৰা আকীকা কৰা।

কোৰবাণীৰ সৈতে ভাগে আকীকা দিয়া

আমাৰ দেশত সাতভাগত গৰুৰ দ্বাৰা কুৰবাণী কৰাৰ ক্ষেত্ৰত আকীকাৰ অংশীদাৰ হোৱাৰ নিয়ম ব্যাপকভাৱে প্ৰচলিত আছে। এইটো হাদীছ সন্মত নহয়। আকীকা যিহেতু এটি ইবাদত, সেয়ে হাদীছত যেনেকৈ বৰ্ণিত হৈছে তেনেদৰেই পালন কৰা উচিত।

আল্লাহু আলম।

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থঃ আহমাদ ও গ্ৰন্থঃ আবু দাউদ
  2. ↑ আহমাদ, তিৰমিজী ও অন্যান্য চুনান গ্ৰন্থ
  3. ↑ হাদিছ গ্ৰন্থঃ আবু দাঊদ হা/২৮৩০, হাদিছ গ্ৰন্থঃ তিৰমিজী
  4. ↑ আহমাদ হা/২৮২৫, তিৰমিজী হ/১৫১৩

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মইছলামী সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকিকা” প্ৰবন্ধৰ সংশোধন ৩৮৯৫০৫ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।