অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কমলাকামিনী

কমলা (कमला),কমলাত্মিকা (कमलात्मिका) বা কমলাকামিনী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ সুন্দৰ দিশটো হৈছে পৰিপূৰ্ণতা। তেওঁক দশম আৰু অন্তিম মহাবিদ্যা ("মহান জ্ঞান") বুলি বিশ্বাস কৰা হয় আৰু সকলো মহাবিদ্যাৰ দৰে পাৰ্বতীৰ এক প্ৰকাৰ। কেতিয়াবা, তেওঁক লক্ষ্মীৰ তান্ত্ৰিক ৰূপ বুলিও গণ্য কৰা হয়।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২১ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কমলা (कमला),কমলাত্মিকা (कमलात्मिका) বা কমলাকামিনী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ সুন্দৰ দিশটো হৈছে পৰিপূৰ্ণতা। তেওঁক দশম আৰু অন্তিম মহাবিদ্যা ("মহান জ্ঞান") বুলি বিশ্বাস কৰা হয় আৰু সকলো মহাবিদ্যাৰ দৰে পাৰ্বতীৰ এক প্ৰকাৰ। কেতিয়াবা, তেওঁক লক্ষ্মীৰ তান্ত্ৰিক ৰূপ বুলিও গণ্য কৰা হয়।১

স্বৰূপ

কমলাত্মিকাৰ দেহৰ বৰণ সোণালী। তেওঁৰ ওপৰত চাৰিটা ডাঙৰ হাতীয়ে অমৃতৰ কলহৰে অমৃত ঢালি থাকে।কমলা দেৱীৰ চাৰিখন হাতৰ দুখনত দুটা পদুম ফুল আৰু আন দুখন হাত ক্ৰমান্বয়ে অভয় মুদ্ৰা (আশ্বাস দিয়াৰ ভঙ্গী) আৰু বৰ মুদ্ৰা (বৰদান প্ৰদানৰ ভঙ্গী)ত থাকে। তেওঁ পদ্মাসনত (পদুমৰ ভঙ্গী) পদুমৰ ওপৰত বহি থকা বুলি চিত্ৰিত কৰা হৈছে।১ কমলাত্মিকা বিশুদ্ধতাৰ প্ৰতীক।

গৰুড় পুৰাণ, লিঙ্গ পুৰাণ আৰু পদ্ম পুৰাণত উল্লেখ কৰা অনুসৰি, তেওঁ মহৰ্ষি ভৃগু আৰু তেওঁৰ পত্নী ক্ষাতিৰ কন্যা হিচাপে দেৱী লক্ষ্মীৰ ৰূপত প্ৰকাশিত হৈছে, পিছত তেওঁৰ ভগৱান বিষ্ণুৰ সৈতে বিবাহ সম্পন্ন হয় আৰু শ্ৰী উপাধি লাভ কৰে। তেওঁ সকলো ভক্তক বস্তুবাদী আৰু আধ্যাত্মিক শান্তিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। ইয়ে শৈৱবাদ (শক্তিবাদ) আৰু বৈষ্ণৱ ধৰ্মৰ ধাৰণাবোৰক একত্ৰিত কৰে।

তথ্যউৎস

  • Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions by David Kinsley

তথ্যসূত্ৰ

  1. ↑ Kinsley, David R. (1997). Tantric Visions of the Divine Feminine: the Ten Mahāvidyās. University of California Press. পৃ. 223. ISBN 0-520-20498-0

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলাকামিনী” প্ৰবন্ধৰ সংশোধন ২৯৫৩৭৪ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।