একলব্য (Ekalavya, एकलव्य) মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ প্ৰাচীন ভাৰতৰ বন আৰু পাহাৰীয়া জনগোষ্ঠীৰ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। একলব্যক ৰাজসূয় যজ্ঞৰ এজন অগ্ৰণী ৰজা বুলি কোৱা হয় য’ত তেওঁ যুধিষ্ঠিৰক সন্মানেৰে পাদুকাযোৰ আগবঢ়াই সন্মান যাঁচে৷১২ একলব্য এজন শক্তিশালী ধনুৰ্বিদ আৰু যোদ্ধা হিচাপে বিখ্যাত আছিল৷৩ পিছলৈ দ্বাৰকাৰ যুদ্ধৰ সময়ত কৃষ্ণই একলব্যক বধ কৰে৷ তেওঁ হিৰণ্যধনুষৰ পুত্ৰ আছিল। তেওঁ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুৰ্বিদা তথা অদ্বিতীয় গুৰুভক্তিৰ বাবে বিশেষভাৱে জনা যায়।
কিংবদন্তী
আত্মপ্ৰশিক্ষণ
মহাভাৰতৰ কাহিনী মতে একলব্য আছিল নিষাদৰ প্ৰধান হিৰণ্যধনুষৰ দত্তক পুত্ৰ ৷হিৰণ্যধনুষ সেই সময়ৰ আটাইতকৈ শক্তিশালী ৰজা জাৰসন্ধৰ সেনাপতি আছিল আৰু একলব্যই নিজেও ৰজা জাৰসন্ধৰ সেনাপতিহিচাপে সেৱা আগবঢ়াইছিল। ডেকা অৱস্থাত একলব্যই দ্ৰোণাচাৰ্য্যক কুৰুবংশৰ ৰাজকুমাৰ কৌৰৱ আৰু পাণ্ডৱ- সকলক ধনুৰ্বিদ্যাৰ শিক্ষা দিয়া দেখা পায়। তেওঁৰো এইবিদ্যা শিকিবলৈ হেঁপাহ জাগিছিল৷ একলব্যই দ্ৰোণৰ ওচৰলৈ গৈ তেওঁকো শিষ্যত্ব দিবলৈ শ্ৰদ্ধাৰে অনুৰোধ জনালে।
গুৰু দ্ৰোণৰ ওচৰত ধনুবিদ্যা শিকিবলৈ আহিছিল, কিন্তু ক্ষত্ৰিয় নোহোৱাৰ বাবেই দ্ৰোণে শিষ্যত্য প্ৰদান কৰাত অস্বীকাৰ কৰে। নিৰাশ হৈ একলব্য বনলৈ গুচি যায় আৰু দ্ৰোণৰ মূৰ্তি বনাই তাকেই গুৰু বুলি লৈ ধনু চৰ্চা আৰম্ভ কৰে। একাগ্ৰতা তথা অধ্যৱসায়ৰ বলত একলব্যই কম সময়ৰ ভিতৰতে এজন নিপুণ ধনুৰ্ধৰত পৰিণত হয়। এদিন কৌৰৱ আৰু পাণ্ডৱ ৰাজকুমাৰসকলে সেইখন বনলৈ গৈছিল। তেওঁলোকৰ লগত যোৱা কুকুৰ এটাই বাট হেৰুৱাই একলব্যৰ সাধনা স্থানত উপস্থিত হৈ ভুকিব ধৰে। সাধনাত বাধা অহা বাবে একলব্যই এক বিশেষ কৌশলেৰে কুকুৰটোৰ আঘাত নলগাকৈ ভুকিব নোৱাৰাকৈ মুখখন শৰ মাৰি বান্ধি পেলায়। পিছত দ্ৰোণে তাকে দেখি শৰ মাৰোতাক বিচাৰি একলব্যৰ ওচৰ পালেহি। আহি তেওঁৰেই মানসশিষ্য বুলি গম পাই তেওঁৰ বুঢ়া আঙুলি গুৰু দক্ষিণা হিচাপে বিচাৰে। তেওঁৰ প্ৰতিভা নাশ কৰাৰ বাবেই এনে কৰা বুলি জানিও বিনাদ্বিধাই আঙুলি দান কৰে। তেওঁ তেতিয়া তৰ্জনি আৰু মধ্যমা আঙুলিৰে বাণ চলোৱা এক কৌশল উদ্ভৱ কৰে। এই কৌশলেৰেই আধুনিক যুগৰ ধনুৰ্ধৰসকলে ধনুচালনা কৰে।
মূল্যায়ন
আধুনিক ভাৰতত একলব্য দলিত আৰু জনজাতীয় অধিকাৰৰ প্ৰতীক হৈ পৰিছে৷ লেখক গুৰুচৰণ দাসে মহাভাৰতৰ একলব্যৰ খণ্ডটোক মহাকাব্যখনৰ ৰচনাৰ সময়ত বিৱৰ্তনশীল সামাজিক ব্যৱস্থাক প্ৰতিফলিত কৰা বুলি ব্যাখ্যা কৰিছে, যেতিয়া জাতি ব্যৱস্থাই গঢ় লৈ উঠিছিল। নিশাদাসকলৰ দৰে জনজাতি চাৰিগুণ বৰ্ণ ব্যৱস্থাৰ বাহিৰত থাকিল, বৰ্জন আৰু প্ৰান্তীয়কৰণৰ সন্মুখীন হ’ল। মহাভাৰতত একলব্যৰ অদম্য ভক্তি দাঙি ধৰাৰ বিপৰীতে দ্ৰোণৰ কঠোৰ দাবীকো সমালোচনা কৰি দৰুনা (ভয়ংকৰ) ৰূপে চিত্ৰিত কৰি তেওঁৰ প্ৰতিমূৰ্তি কলংকিত কৰা হৈছে। মহাকাব্যখনে একলব্যৰ মানৱীয়তাক স্বীকাৰ কৰিছে, সামাজিক ব্যৱস্থাৰ পৰা বাদ পৰাসকলৰ মৰ্যাদাক দৃঢ় কৰি তুলিছে। দাসে লক্ষ্য কৰিছে যে একলব্যৰ কাহিনীয়ে সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰা দলিত সম্প্ৰদায়ৰ বাবে ৰাজনৈতিক সমবেত বিন্দু হিচাপে কাম কৰে। নিজৰ ভাগ্যক মানি লোৱা মহাকাব্যৰ একলব্যৰ দৰে নহয়, আধুনিক ব্যাখ্যাই তেওঁৰ মৰ্যাদা আৰু সমতাৰ সংগ্ৰামক উজ্জ্বল কৰি তুলিছে।৪
উত্তৰাধিকাৰ

একলব্যৰ সন্মানত ভাৰত চৰকাৰে ভাৰতীয় জনজাতিসকলৰ বাবে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (EMRS) আৰ্হি আৱাসিক বিদ্যালয় আঁচনি চলায়।৫
ইয়াৰ উপৰিও কৰ্ণাটক, হাৰিয়ানা, আৰু মধ্য প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰে ক্ৰীড়াত ব্যতিক্ৰমী কৃতিত্বৰ বাবে ১৯ বছৰৰ তলৰ ব্যক্তিক একলব্য বঁটা প্ৰদান কৰে।৬
ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ গুৰুগ্ৰাম চহৰৰ ৩৭ নং ছেক্টৰৰ এখন গাঁৱত খাণ্ডছাৰ একলব্যক উৎসৰ্গিত এটা মন্দিৰ আছে৷ লোককথা অনুসৰি এইটোৱেই একলব্যৰ একমাত্ৰ মন্দিৰ আৰু ইয়াতেই একলব্যই বুঢ়া আঙুলি কাটি গুৰু দ্ৰোণক আগবঢ়াইছিল৷৭
তথ্যসূত্ৰ
- ↑ Ekalavya Honouring Yudhishthira
- ↑ Ekalavya—Foremost of the Kings of Rajasuya Yagna
- ↑ Eklavya—A Powerful Archer and Charioteer
- ↑ Das, Gurcharan. (2010-10-04). The Difficulty of Being Good: On the Subtle Art of Dharma. Oxford University Press. ISBN 978-0-19-977960-4
- ↑ Samvaad, Dhanush. Ministry of Tribal Affairs, Government of India. tribal.nic.in
- ↑ Eklavya Award, Haryana · National Government Services Portal. services.india.gov.in
- ↑ Locals want tourist circuit developed for the Guru - April 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একলব্য” প্ৰবন্ধৰ সংশোধন ৫০৯৫৬৭ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।