অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ওৰাং মাৱাছ

ওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ ইয়াক ওৰাং ডালাম (Orang Dalam) বুলিও জনা যায়৷ এই জীৱবোৰ মালয়েছিয়াৰ জোহৰৰ জংঘলত বাস কৰা বুলি কোৱা হয়।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ ইয়াক ওৰাং ডালাম (Orang Dalam) বুলিও জনা যায়৷ এই জীৱবোৰ মালয়েছিয়াৰ জোহৰৰ জংঘলত বাস কৰা বুলি কোৱা হয়।

বিৱৰণ

ওৰাং মাৱাছ প্ৰায় ২.৪–৩ মিটাৰ (৭ ফুট ১০ ইঞ্চি – ৯ ফুট ১০ ইঞ্চি) ওখ, দ্বিপদী আৰু ক'লা নোমেৰে আবৃত বুলি বৰ্ণনা কৰা হৈছে আৰু ই মাছ খাই আৰু ফলৰ বাগিচাত অভিযান চলাই বুলি কোৱা হৈছে।

মৌখিক সাক্ষ্য

স্থানীয় ওৰাং আছলি জনগোষ্ঠীৰ লোকসকলে হাণ্টু জৰাং গিগি বুলি কোৱা এই জীৱটোক বহুবাৰ বহুলোকে দেখা পাইছে বুলি দাবী কৰে৷ স্থানীয় ভাষাত হাণ্টু জৰাং গিগি শব্দৰ অৰ্থ হৈছে "উচলা-দাঁতৰ ভূত"।১ মাৱাছক দেখা পোৱাৰ লিপিবদ্ধ দাবী ১৮৭১ চনৰ পৰাই পোৱা যায়।২

কিছুমানে অনুমান কৰে যে এই জীৱটো হয়তো জীয়াই থকা জিগানটপিথেকাছ (বা অন্ততঃ প্ৰাণীটোৰ লোক স্মৃতি) হ’ব পাৰে, আনহাতে বৈজ্ঞানিক সমাজে এই দৃশ্যবোৰক ভুল চিনাক্তকৰণ কৰা গছ ভালুক বুলি উলাই কৰিব বিচাৰে। দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহতো একেধৰণৰ জীৱৰ তথ্য পোৱা যায়, যেনে ফিলিপাইনছৰ মুৱা (Muwa) বা দক্ষিণ থাইলেণ্ডৰ বুটনাক (Butnak, থাই: บุดนาก৩)।

সুমাত্ৰাত মাৱাছ (কেতিয়াবা মাইয়াছ) ওৰাঙোটাঙৰ এটা সাধাৰণ নাম।৪

তথ্যসূত্ৰ

  1. ↑ (April 2006). Malaysian man-ape seen. Fortean Times. Dennis Consumer Division. পৃ. 4–5
  2. ↑ McGirk, Jan. (2006-02-25). Stalking Bigfoot. The Hamilton Spectator
  3. ↑ White dress. (2014-08-21). 5 สัตว์ประหลาดที่มีคนอ้างว่าพบเห็นในประเทศไทย. dek-d
  4. ↑ Rubis, June Mary. (2020). The orang utan is not an indigenous name: knowing and naming the maias as a decolonizing epistemology. Cultural Studies. পৃ. 811–830

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওৰাং মাৱাছ” প্ৰবন্ধৰ সংশোধন ৪৮৮৮০৩ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।