অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ

আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ, আৰম্ভণিৰ বৌদ্ধ সাহিত্য বা আৰম্ভণিৰ বৌদ্ধ প্ৰৱচন হৈছে আৰম্ভণিৰ বৌদ্ধ পৰম্পৰাসমূহে লগে লগে সমভাগ কৰা বৌদ্ধ লেখ। আতাইতকৈ অধিক অধ্যয়ন হোৱা এনে গ্ৰন্থ হ'ল প্ৰথম চাৰি পালি নিকায়, আৰু সংশ্লিষ্ট চীনা আগম।

হালনাগাদ: ৩১ জুলাই ২০২২ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ, আৰম্ভণিৰ বৌদ্ধ সাহিত্য বা আৰম্ভণিৰ বৌদ্ধ প্ৰৱচন হৈছে আৰম্ভণিৰ বৌদ্ধ পৰম্পৰাসমূহে লগে লগে সমভাগ কৰা বৌদ্ধ লেখ। আতাইতকৈ অধিক অধ্যয়ন হোৱা এনে গ্ৰন্থ হ'ল প্ৰথম চাৰি পালি নিকায়, আৰু সংশ্লিষ্ট চীনা আগম।১২৩৪ পিচে, কোনো কোনো গৱেষকে দেখুৱাইছে, যে বিনয় সাহিত্য, যেনে বিভিন্ন বৌদ্ধ পৰম্পৰাৰ পাটিমোক্ষ আদি, তথা অভিধৰ্ম সাহিত্যও অতি পুৰণি।৫৬

ভাষা

পালি আৰু চীনা ভাষাত এনে গ্ৰন্থৰ এক বৃহৎ সংকলন আছে। তদুপৰি, সংস্কৃত, শক ভাষা, তিব্বতী ভাষা আৰু গান্ধাৰী ভাষাতো অনেক অতি পুৰণি বৌদ্ধ গ্ৰন্থ পোৱা যায়। প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্মৰ আধুনিক অধ্যয়নত এনে ভিন ভিন ভাষাত পোৱা আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থৰ সংস্কৰণৰ তুলনা প্ৰায় প্ৰয়োগ কৰা হয়।৭

বিষয়বস্তুৰ উৎস

বৌদ্ধ ধৰ্মৰ অনেক গৱেষক, যেনে ৰিচাৰ্ড গম্ব্ৰিছ, আকিৰা হিৰাকাৱা, এলেক্সেণ্ডাৰ ৱাইন আৰু এন্থনি কেনেডি ৱাৰ্ণাৰৰ মতে আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থসমূহত এনে বিষয় সন্নিৱিষ্ট হৈ আছে যি স্বয়ং গৌতম বুদ্ধই শিকাইছিল, বা অন্ততঃ প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্মৰ আৰম্ভণিৰ কেইবছৰত বিকশিত হোৱা ধাৰণা এই গ্ৰন্থসমূহত সন্নিৱিষ্ট।৮৯১০ জাপানী গৱেষক আকিৰা হিৰাকাৱাৰ মতে, গৌতম বুদ্ধৰ প্ৰকৃত বাণী জানিবলৈ আৰু প্ৰমাণিত কৰিবলৈ কৰা গৱেষণাত এই সাহিত্যৰ ওপৰত আধাৰিত হ'বই লাগিব।১১

মহাযান বৌদ্ধ ধৰ্মত এই সাহিত্যক কেতিয়াবা কেতিয়াবা হীনযান বা শ্ৰৱকযানো বোলা হয়। এই গ্ৰন্থসমূহক মহাযানৰ অংশ হিচাপে স্বীকাৰ কৰা নহয়।

তথ্যসূত্ৰ

  1. ↑ Tse-Fu Kuan. Mindfulness in similes in Early Buddhist literature in Edo Shonin, William Van Gordon, Nirbhay N. Singh. Buddhist Foundations of Mindfulness, page 267
  2. ↑ Mun-Keat Choong (1999). The Notion of Emptiness in Early Buddhism, Motilal Banarsidass, p. 3
  3. ↑ Mun-Keat Choong (1999). The Notion of Emptiness in Early Buddhism, Motilal Banarsidass, p. 3
  4. ↑ Shulman, Eviatar. Mindful Wisdom: The Sati-paṭṭhāna-sutta on Mindfulness, Memory, and Liberation. Vol. 49, No. 4 (May 2010), pp. 393-420
  5. ↑ Sujato, Bhante; Brahmali, Bhikkhu. (2015). The Authenticity of the Early Buddhist Texts. Chroniker Press. পৃ. 9–10. ISBN 9781312911505
  6. ↑ Frauwallner, Erich. Kidd, Sophie Francis (translator). Steinkellner, Ernst (editor). Studies in Abhidharma Literature and the Origins of Buddhist Philosophical Systems. SUNY Press. pp. 18, 100
  7. ↑ e.g. "Mun-keat, Choong (2000), The Fundamental Teachings of Early Buddhism" and "Analayo. Early Buddhist Meditation Studies (Volume 1)"
  8. ↑ Warder, A. K. (2004). Indian Buddhism, 3rd Revised edition. Motilal Banarsidass
  9. ↑ Warder, A. K. (2004). Indian Buddhism, 3rd Revised edition. Motilal Banarsidass
  10. ↑ Wynne, Alexander. Did the Buddha exist? JOCBS. 2019(16): 98–148
  11. ↑ Hirakawa, Akira (1993) A History of Indian Buddhism: From Śākyamuni to Early Mahāyāna, Motilal Banarsidass Publ. p. 38

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ” প্ৰবন্ধৰ সংশোধন ৩২৯৫৭৯ (৩১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।