অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কাটেৰী আম্মান

কাটেৰী আম্মান (காட்டேரி அம்மன்) বা সংক্ষিপ্ত ৰূপত কাটেৰী হৈছে এগৰাকী হিন্দু দেৱী। তেওঁৰ পূজাৰ উৎপত্তি যিটো হিন্দু ধৰ্মৰ অধীনত শ্ৰেণীভুক্ত দ্ৰাবিড় লোকধৰ্মৰ পৰা হৈছে। তামিলনাডুত তেওঁক প্ৰায়ে পাৰ্বতীৰ ৰূপ হিচাপে গণ্য কৰা হয়। তেওঁক কোনো এখন চহৰৰ ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৩ ৪২০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কাটেৰী আম্মান (காட்டேரி அம்மன்) বা সংক্ষিপ্ত ৰূপত কাটেৰী হৈছে এগৰাকী হিন্দু দেৱী। তেওঁৰ পূজাৰ উৎপত্তি যিটো হিন্দু ধৰ্মৰ অধীনত শ্ৰেণীভুক্ত দ্ৰাবিড় লোকধৰ্মৰ পৰা হৈছে।

তামিলনাডুত তেওঁক প্ৰায়ে পাৰ্বতীৰ ৰূপ হিচাপে গণ্য কৰা হয়। তেওঁক কোনো এখন চহৰৰ ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়।১ তেওঁৰ কোনো কোনো অনুগামীয়ে তেওঁক মহাদেৱীৰ এক ৰূপ বুলি গণ্য কৰে। কলিযুগত তেওঁক ৰোগ ধ্বংসৰ দায়িত্ব দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়।২ দেৱীক প্ৰায়ে তেওঁৰ স্বামী মুনিশ্বৰনৰ সৈতে চিত্ৰিত কৰা হয়।৩

কিংবদন্তী

তামিল লোককথা অনুসৰি শিৱই এবাৰ তেওঁৰ পত্নী পাৰ্বতীক মাজনিশা তেওঁলোকৰ বিছনা এৰি যোৱা, আৰু সূৰ্য্য উদয়ৰ আগতেহে উভতি অহা দেখা পাইছিল। এই সন্দৰ্ভত যেতিয়া তেওঁ দেৱীক প্ৰশ্ন কৰিছিল, তেতিয়া দেৱী বিমোৰত পৰিছিল, দেৱীয়ে শিৱৰ প্ৰশ্নৰ উত্তৰত জনাইছিল যে তেওঁ গোটেই ৰাতি তেওঁৰ কাষতেই আছিল। কলৈকো আঁতৰি যোৱা নাই। শিৱই যেতিয়া দ্বিতীয়বাৰৰ বাবে এই একেই পৰিঘটনাটোৰ পৰ্যবেক্ষণ কৰিলে, তেতিয়া তেওঁ দেৱী পিছে পিছে কৈলাসৰ পৰা এখন অৰণ্যলৈ আগবাঢ়ি গ’ল, আৰু প্ৰত্যক্ষ কৰিলে যে দেৱীয়ে মৃতদেহ খান্দি কালিৰ ভয়ানক ৰূপ ধাৰণ কৰি, সেইবোৰ ভক্ষণ কৰিবলৈ ধৰিছে। শিৱই দেৱীক ৰখাবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ হাবিৰ বাটত এটা গাঁত খান্দিলে। যেতিয়া গাঁতৰ ভিতৰত পৰি কালিয়ে শিৱক দেখা পালে, তেতিয়া তেওঁ নিজৰ কৰ্মৰ বাবে অনুশোচনাৰে ভৰি পৰিল, আৰু শিৱক প্ৰতিশ্ৰুতি দিলে যে তেওঁ এই ৰোগজনিত অনুসৰণৰ অন্ত পেলাব। ইয়াৰোপৰি তেওঁ শিৱক ক’লে যে তেওঁ গাঁতৰ ভিতৰতে নিজৰ ভয়ংকৰ ৰূপটো এৰি, আৰু কৰ্তব্যপৰায়ণ পত্নী হিচাপে তেওঁৰ ওচৰলৈ উভতি যাব। এইদৰে গাঁ‌তৰ ভিতৰত এৰি অহা শক্তিয়েই দেৱীৰ কাটেৰী আম্মান ৰূপ হৈ পৰিল, যি ৰোগ ধ্বংস কৰা আৰু নিজৰ অনুগামীসকলক ৰক্ষা কৰা উপকাৰী দেৱী।

অৱশ্যে কিছুমান সম্প্ৰদায়ৰ লোককথা অনুসৰি দেৱীক কেতিয়াবা কেতিয়াবা তেওঁৰ কুৎসিত দিশৰ সৈতেও চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে দলিত লোককথা অনুসৰি কাটেৰী আম্মানৰ উৎপত্তি শিৱই তেওঁক দিয়া অভিশাপৰ পৰাই উদ্ভৱ হৈছে, যাৰ ফলত তেওঁ অৰণ্যৰ মাজত ঘূৰি ফুৰে, তেওঁক গৰ্ভৱতী মহিলাই পূজা নকৰিলে চিকাৰৰ বলি সাজে।৪ এই কাৰণে কাটেৰীক হিংস্ৰ আৰু ডাইনীসদৃশ বুলিও চিত্ৰিত কৰা হৈছে। এই স্বৰূপত তেওঁক তেজ আৰু আধ্যাত্মিকতাৰে জড়িত আচাৰ-অনুষ্ঠানৰ সৈতে পূজা কৰা হয়।৫ তেওঁক এনে এক সত্তা হিচাপে চিত্ৰিত কৰা হৈছে যিয়ে সন্তুষ্ট হ'লে সন্তানক সুৰক্ষা দিয়ে, আৰু অসন্তুষ্ট হ'লে ডিঙি চেপি হত্যা কৰে।৬

মূৰ্তি প্ৰকাশ

কাটেৰী দেৱীক বহু ৰূপত চিত্ৰিত কৰা হয়। তেওঁৰ ছালৰ ৰং হয় গাঢ় নীলা বা ক’লা বুলি প্ৰতিনিধিত্ব কৰা হৈছে। দেৱীয়ে অৰুভাল (দা), বাটি, ত্ৰিশুল, পদুম বা এই সকলোবোৰ বৈশিষ্ট্য নিজৰ চাৰিবাহু ৰূপত ধৰি থকা দেখা যায়।৭

উপাসনা

দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ গাঁৱত দলিত সম্প্ৰদায়ৰ লোকে কাটেৰী আম্মানক পূজা কৰে। ট্ৰিনিদাদ, গায়ানা, জামাইকা, দক্ষিণ আফ্ৰিকাকে ধৰি অন্যান্য ঠাইৰ তামিল প্ৰব্ৰজনকাৰীসকলেও তেওঁক পূজা কৰে। দেৱীৰ প্ৰসাদত নিম পাত, চূণ, ৰঙা ফুল আদিৰ ব্যৱহাৰ হয়। কুকুৰা আৰু গাহৰি ব্যৱহাৰ কৰি পশু বলি দিয়াৰ দৰে নীতি-নিয়ম তেওঁৰ উপাসকসকলৰ মাজত সাধাৰণতে দেখা যায়। দেৱীক কুলাদৈৱম অৰ্থাৎ কুলদেৱতা বুলি গণ্য কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ McDermott, Rachel Fell; Kripal, Jeffrey John; Kripal, Vira I. Heinz Associate Professor of Religion Jeffrey J. (2003). Encountering Kālī: In the Margins, at the Center, in the West. University of California Press. পৃ. 236. ISBN 978-0-520-23239-6
  2. ↑ Kateri Amman · PDF · Feminist Spirituality · Hindu Theology. Scribd
  3. ↑ Division, India Census. (1967). Madras. Office of the Registrar General. পৃ. 86
  4. ↑ Racine, Viramma; Viramma; Racine, Josiane. (1997). Viramma, Life of an Untouchable. Verso. পৃ. 285. ISBN 978-1-85984-817-3
  5. ↑ Shulman, David Dean; Shulman, Professor Department of Indian Studies David; Thiagarajan, Deborah. (2006). Masked Ritual and Performance in South India: Dance, Healing, and Possession. Centers for South and Southeast Asian Studies, University of Michigan. পৃ. 41. ISBN 978-0-89148-088-4
  6. ↑ Racine, Viramma; Viramma; Racine, Josiane. (1997). Viramma, Life of an Untouchable. Verso. পৃ. 77. ISBN 978-1-85984-817-3
  7. ↑ லட்சுமணன்.ஜி. எந்த அம்மனை வணங்கினால் என்ன பிரச்னைகள் தீரும்? #PhotoStory. vikatan.com/
  8. ↑ காட்டேரி அம்மனை வழிபடுவதால் ஏற்படும் நன்மைகள் · Significance Of kateri Amman Temple · AadhanAanmeegam

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটেৰী আম্মান” প্ৰবন্ধৰ সংশোধন ৩৫৪৬৬২ (১৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।