ঈমান, ঐক্য, অনুশাসন (; বঙালী ভাষা: ঈমান, একতা, শৃঙ্খলা) হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ।১ ইয়াক পাকিস্তানৰ পথ-প্ৰদৰ্শক নীতি হিচাপে গণ্য কৰা হয়।২
মুহাম্মাদ আলী জিন্নাহই পাকিস্তানৰ স্বাধীনতাৰ সময়ত ইয়াক জাতীয় মূলমন্ত্ৰ হিচাপে প্ৰৱৰ্তন কৰি গ্ৰহণ কৰিছিল।৩
যদিও ইয়াত প্ৰথমে বাংলা আৰু উৰ্দু আখৰ আছিল, বৰ্তমানে ইয়াত কেৱল উৰ্দু ভাষাতহে লিপিবদ্ধ কৰা হৈছে। প্ৰতীকটো নিজেই চাৰিটা উপাদানৰ সংমিশ্ৰণ: মালা, অৰ্ধচন্দ্ৰ, তৰা আৰু স্ক্ৰল, ঢালৰ সকলো উপাদান জেচমিন ফুলৰ মালাৰে আগুৰি আৰু তাৰ ওপৰত অৰ্ধচন্দ্ৰযুক্ত তৰা।৪
উৎস আৰু উৎপত্তি
এই মূলমন্ত্ৰৰ উৎপত্তি হৈছে পাকিস্তানৰ জাতিৰ পিতা মুহাম্মাদ আলী জিন্নাহৰ ব্যক্তিগত জীৱন-দৰ্শনৰপৰা।৫ ১৯৪৭ চনৰ ২৮ ডিচেম্বৰত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দি কয়:
""আমি সকলোৱে জুইৰ মাজেৰে পাৰ হৈছো। সূৰ্য্য এতিয়াও উদয় হোৱা নাই। কিন্তু ঈমান, ঐক্য আৰু অনুশাসনত আমি পৃথিৱীৰ যিকোনো জাতিৰ সমান বুলি কোনো সন্দেহ নাই। আপোনালোক সকলোৱে সেই জুই পাৰ হ'বলৈ এতিয়া সাজু নেকি?"৬
| উৰ্দূ ভাষাত | দেৱনাগৰীত | অসমিয়াত |
|---|---|---|
| > ईमान, इत्तिहाद, नज़्म | > ঈমান, ঐক্য, অনুশাসন |
জনপ্ৰিয় অৰ্থসকল
বৰ্তমান পাকিস্তানত ইয়াৰ বহু ৰকমৰ অৰ্থ কৰা হয়। উদাহৰণ:
উৰ্দূত প্ৰতিলিপ্য
- ঈমান, ইত্তিহাদ, নজ্ম
- ঈমান, ইত্তিহাদ, তাঞ্জীম
- ঈমান, ইত্তেহাদ, মুনাযম
- ইত্তেহাদ, ইয়াকিন, তাঞ্জীম
- ইত্তেহাদ, তাঞ্জীম, ইয়াকীনে মোহকাম
ইংৰেজিত প্ৰতিলিপ্য
- য়ূনিটী, ফৈথ, ডিসিপ্লিন
বাংলাত প্ৰতিলিপ্য
- ঈমান, একতা, শৃঙ্খলা
ইয়াৰ উপৰি বিভিন্ন ভাৰতীয় ভাষাত বহু ধৰণে ব্যাখ্যা কৰা হয়। উদাহৰণ স্বৰূপে:
হিন্দীত প্ৰতিলিপ্য
- আস্থা, একতা, অনুশাসন
তথ্যসূত্ৰ
- ↑ হাসান হাফিজুৰ ৰহমান. (২০০৯). বাংলাদেশেৰ স্বাধীনতা যুদ্ধ দলিলপত্ৰ. হাক্কানি পাবলিশাৰ্স. পৃ. ৩৭৬
- ↑ en.humsub.com.pk/2900/the-state-emblem-of-pakist
- ↑ www.nation.com.pk/25-Dec-2013/unity-faith-and-di
- ↑ pakembassytashkent.org.pk/state-emblem/
- ↑ Quaid's Motto Unity Faith And Discipline. Paktribune
- ↑ Merchant, Liaquat; Mujahid, Sharif Al. (2020-09-08). Quotes from the Quaid: Foreword by Stanley Wolpert. Saiyid Books. ISBN 978-969-2200-00-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈমান, ঐক্য, অনুশাসন” প্ৰবন্ধৰ সংশোধন ৬১৭৪৪৫ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।