ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰেণুকা
ৰেণুকা মহাৰ (Reṇukā Mahar) হৈছে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য, তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পূজা কৰা এগৰাকী হিন্দু দেৱী৷ তেওঁক ৰেণুগা মহাৰ আৰু ৰেণুমাতা মহাৰ নামেৰেও জনা যায়৷ প্ৰাচীন ৰেণুকা মহাৰ/য়েল্লাম্মা দেৱীৰ মন্দিৰ হৈছে কৰ্ণাটকৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম, মহাৰ ৰেণুকাৰ…
-
অঙ্গদ
অংগদ বা অঙ্গদ (अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।
-
অন্নপ্ৰাশন
অন্নপ্ৰাশন (अन्नप्राशन, ) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাশনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"। সাধাৰণতে শিশুক ছয়মাহলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়।
-
অম্বিকা
অম্বিকা সাধাৰণত আদি শক্তি বা পৰশীবমৰ সহশক্তিৰ নাম। এই গৰাকী দেৱীৰ আঠখন হাত আছে, আৰু সেই হাতত একাধিক অস্ত্ৰ আছে। তেওঁ ভগৱতী বা চণ্ডী নামেৰেও পৰিচিত। তেওঁ নিজেই আদি শক্তি তথা বিশ্বজগতৰ মা বুলি পৰিচিত আৰু সমস্ত প্ৰাণী বুলিও বিবেচিত, আৰু ইয়ে "অম্বিকা" নামৰ অৰ্থ।
-
আদি পৰাশক্তি
আদি পৰাশক্তিক হিন্দু ধৰ্মৰ শক্তিপ্ৰথাৰ সৰ্বোচ্চ সত্তা হিচাপে গণ্য কৰা হয়। তেওঁ পৰমশক্তি, আদিশক্তি, মহাশক্তি, মহাদেৱী, মহাগৌৰী, মহাকালী, শ্যামাশক্তি আদি নামেৰেও প্ৰখ্যাত। শাক্ত সাহিত্য অনুসৰি পৰম মানে হৈছে চূড়ান্ত আৰু সত্য মানে সঁচা।
-
ইঅ’ছ
ইঅ'ছ (/ˈiːɒs/; ইংৰাজী: Eos) প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি দোকমোকালিৰ দেৱী আৰু ব্যক্তিত্ব৷ এই দেৱীয়ে প্ৰতিদিনে পুৱা অ'চেনাছ নদীৰ প্ৰান্তত অৱস্থিত নিজৰ আৱাসৰ পৰা উঠি ৰাতিৰ আন্ধাৰ আঁতৰাই পোহৰ বিলাই দিয়ে বুলি বিশ্বাস কৰা হয়।
-
ইউনুছ (ছূৰা)
ইউনুছ (يونس, Yūnus; "জোনাছ" বা "যোনা" ৰ আৰবী সমাৰ্থক শব্দ), কোৰআনৰ দশম অধ্যায় (ছূৰা), ইয়াৰ ১০৯টা শ্লোক (আয়ত) আছে। ইউনুছৰ নাম ভৱিষ্যতবক্তা ইউনুছ (যোনা)ৰ নামেৰে ৰখা হৈছে।
-
ইছলামিক বৰ্ষপঞ্জী
ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়।
-
ইৰ'চ
ইৰ'চ (Eros) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম আৰু যৌনতাৰ দেৱতা। তেওঁৰ ৰোমান সমকক্ষ হৈছে কিউপিড। প্ৰাৰম্ভিক কালত ইৰ'চক এক আদি দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ বিপৰীতে পিছৰ পৰ্যায়ৰ লিখনি আদিত তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটি আৰু যুদ্ধৰ দেৱতা এৰিচৰ পুত্ৰ বুলি আখ্যা দিয়া হৈছে।
-
উলূপী
উলূপী বা উলুপী (উলুচি বা উলূচি নামেৰেও খ্যাত) হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। নাগসকলৰ ৰজা কৌৰব্যৰ কন্যা উলূপী অৰ্জুনৰ চাৰিগৰাকী পত্নীৰ ভিতৰত দ্বিতীয় আছিল। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণতো তেওঁৰ উল্লেখ আছে।
-
ঐৰাৱত
ঐৰাৱত (সংস্কৃত: ऐरावत, ৰোমানীকৃত: airāvata, আক্ষৰিক অৰ্থ: 'ইৰাৱতীৰ সৈতে সম্পৰ্কীত') হিন্দু ধৰ্মৰ কিংবন্তিত বৰ্ণনা কৰা শুভ্ৰ বৰণৰ এটা ঐশ্বৰিক হাতী৷ ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ চাৰিটা দাঁত আৰু সাত ডাল শুৰ থাকে। "হস্তীৰ ৰজা" বুলি খ্যাত এই হাতীটোৱে ইন্দ্ৰ দেৱতা মূল বাহন হিচাপে কাম কৰে।
-
কালিন্দী আই
কালিন্দী আই বা কালিন্দ্ৰী আই ( Kalindi Aai/Kalindri Aai) (১৪৮৮ - ১৬২৮) শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়া পত্নী আছিল। পিতৃ আছিল ৰাম ভূঞা। ১৫ বছৰ বয়সত শংকৰদেৱৰ লগত বিয়াত সোমায়। শংকৰদেৱৰ মৃত্যুৰ পাছত ধৰ্মৰ গুৰি ধৰিছিল। এখেতৰ কথা মতে মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰে।
-
কেতু
কেতু বৈদিক বা হিন্দু জ্যোতিষত অৱনমিত (অৰ্থাৎ 'দক্ষিণ') চন্দ্ৰ ন’ড বা চন্দ্ৰপাত। দেৱতা হিচাপে ব্যক্তিত্বপ্ৰাপ্ত ৰাহু (আৰোহী (অৰ্থাৎ 'উত্তৰ') চন্দ্ৰ ন’ড) আৰু কেতুক বিষ্ণু দেৱতাই মূৰ কাটি পেলোৱা অমৰ অসুৰ (দানৱ) স্বৰভানুৰ দুটা অংশ বুলি গণ্য কৰা হয়।
-
চিত্ৰলেখা
চিত্ৰলেখা (चित्रलेखा; Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড। চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।
-
চিত্ৰাঙ্গদ
কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত চিত্ৰাঙ্গদ (चित्रांगद, Chitrāngada)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
-
জয় দৌল
জয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত। দৌলৰ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া…
-
জলন্ধৰ
জলন্ধৰ (সংস্কৃত: जलन्धर) বা চলন্তৰণ (সংস্কৃত: चलन्तरण) হৈছে হিন্দু ধৰ্মৰ এজন অসুৰ। ইন্দ্ৰই বজ্ৰৰে আঘাত কৰাত শিৱই ক্ৰোধত তৃতীয় নয়ন মেলাৰ ফলত তেওঁৰ জন্ম হৈছিল। অৱশ্যে শিৱৰ তৃতীয় নয়নৰ পৰা নিৰ্গত শক্তি সমুদ্ৰত প্ৰক্ষেপিত কৰাৰ বাবে ইন্দ্ৰ ৰক্ষা পৰে।
-
জৰথুষ্ট্ৰবাদ
জৰথুষ্ট্ৰবাদ (مزدیسنا; Zoroastrianism বা Zarathustraism ) বা পাৰ্চীবাদ (Magianism) (আৰু অনুগামীসকলৰ মাজত Magdayanism ) এটা প্ৰাচীন ইৰাণী একশ্বৰবাদী ধৰ্ম বা ধৰ্মীয় মতবাদ। ভাৰত উপমহাদেশত ইয়াক পাৰ্চী ধৰ্ম বুলিও জনা যায়। জৰথুষ্ট্ৰ হৈছে জৰাথুষ্ট্ৰবাদ ধৰ্ম বা পাৰ্চী ধৰ্মৰ প্ৰতিষ্ঠাপক।
-
তাম্ৰেশ্বৰী মন্দিৰ
তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত। এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত।
-
ত্ৰিপিটক
ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক।
-
দুৰ্বাসা
দুৰ্বাসা (दुर्वासा) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ বাবে জনাজাত। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি দুৰ্বাসা ঋষিৰ পিতৃ অত্ৰি আৰু মাতৃ অনসুয়া। ঋষি দুৰ্বাসা শিৱৰ অংশাৱতাৰ হিচাপেও জনা যায়। দুৰ্বাসা শব্দৰ অৰ্থ যাৰ সৈতে বাস কৰিব নোৱাৰি।
-
দেৱযানী
দেৱযানী ( Devayani; देवयानी, Devayānī) হিন্দু পৌৰাণিক কথা অনুসৰি দৈত্যগুৰু শুক্ৰাচাৰ্য্য আৰু উৰ্জস্বতীৰ জীয়ৰী। যযাতিৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানৰ জন্ম হৈছিল- যদু আৰু তুৰ্বসু। বিবাহৰ পূৰ্বে তেওঁ এবাৰ বৃহস্পতিৰ পুত্ৰ কচৰ প্ৰতি আসক্ত হৈছিল।
-
নব্য ন্যায়
ভাৰতীয় যুক্তি আৰু ভাৰতীয় দৰ্শনৰ নব্য-ন্যায় বা নব্য যুক্তিবাদী দৰ্শন খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত মিথিলাৰ দাৰ্শনিক গংগেশ উপাধ্যায়ৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু বংগত নবদ্বীপৰ ৰঘুনাথ শ্ৰীমণীয়ে অব্যাহত ৰাখিছিল। ই আছিল ধ্ৰুপদী ন্যায় দৰ্শনৰ বিকাশ।
-
নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ।
-
পাতাল
পাতাল (সংস্কৃত: पाताल; আক্ষৰিক অৰ্থ: ভৰিৰ তলত থকা) ভাৰতীয় ধৰ্ম অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ ভূগৰ্ভস্থ ৰাজ্যসমূহক বুজায়৷ পাতাল পাৰ্থিৱ মাত্ৰাৰ তলত অৱস্থিত। পাতালক প্ৰায়ে ইংৰাজীত আন্দাৰৱৰ্ল্ড (underworld) বা নেডাৰৱৰ্ল্ড (netherworld) বুলি অনুবাদ কৰা হয়।
-
বিদুৰ
বিদুৰ মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ তথা কুৰু ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক। তেওঁক ক্ষত্ৰি বুলিও জনা যায়।
-
ব্ৰহ্ম
হিন্দু ধৰ্মত, ব্ৰহ্ম (ब्रह्मन्; IAST: Brahman) হৈছে সৰ্বোচ্চ সৰ্বজনীন নীতি, বিশ্বৰ পৰম সত্য। বৈদিক উপনিষদসমূহত, ব্ৰহ্ম হৈছে অস্তিত্ব আৰু অনস্তিত্বৰ দ্বৈততা অতিক্ৰম কৰা মৌলিক সত্য। ই সময়, স্থান, আৰু প্ৰাকৃতিক নিয়মৰ উৎস হিচাপে কাম কৰে।
-
মন্থৰা
মন্থৰা (Manthara) ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত।
-
মহাবলী
মহাবলী (IAST: Mahābalī), বলি, ইন্দ্ৰসেনন বা মাভেলী বুলিও জনা যায়, হিন্দু ধৰ্মত প্ৰদৰ্শিত এজন দৈত্য ৰজা। তেওঁ প্ৰহ্লাদৰ নাতি, আৰু কাশ্যপ ঋষিৰ বংশধৰ। ৰামায়ণ, মহাভাৰত, শতপথ ব্ৰাহ্মণ, বহুতো পুৰাণ আদি প্ৰাচীন গ্ৰন্থত তেওঁৰ কিংবদন্তিৰ বহু সংস্কৰণ আছে।
-
মাৰীচ
মাৰীচ (Maricha, मारीच) হিন্দু মহাকাব্য ৰামায়ণত উল্লিখিত এগৰাকী ৰাক্ষস, যাক ভগৱান বিষ্ণুৰ অৱতাৰ ৰামে হত্যা কৰিছিল। তেওঁক মহাকাব্যৰ ৰাৱণৰ সহযোগী হিচাপে উল্লেখ কৰা হয়। ৰামৰ পত্নী সীতাক অপহৰণত কৰাত তেওঁৰ বিশেষ ভূমিকা আছে। তেওঁৰ পুত্ৰ কলনেমিক হনুমানে বধ কৰে।