কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত চিত্ৰাঙ্গদ (चित्रांगद, Chitrāngada)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
বীৰ যোদ্ধা হিচাপে চিত্ৰাঙ্গদ
কনিষ্ঠপুত্ৰ বিচিত্ৰবীৰ্য যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ শান্তনুৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়।
চিত্ৰাঙ্গদ আছিল এজন বীৰ যোদ্ধা। তেওঁ বহুতো শক্তিশালী বীৰ শত্ৰু তথা অসুৰবোৰক মাৰিছিল।
এদিন গন্ধৰ্বৰাজে চিত্ৰাঙ্গদক তেওঁৰ সৈতে দ্বন্দ্বযুদ্ধৰে কাৰণে আহ্বান কৰে। কুৰুক্ষেত্ৰৰ হিৰণ্যৱতী নদীৰ পাৰত দুই যোদ্ধা গন্ধৰ্বৰাজৰ আৰু চিত্ৰাঙ্গদৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। তিনিবছৰ অব্যাহত থকাৰ পিছত, অৱশেষত চিত্ৰাঙ্গদৰ মৃত্যু হয় আৰু সেই দ্বন্দ্ব যুদ্ধত গন্ধৰ্বৰাজ বিজয়ী হয়।১ চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছত গংগাপুত্ৰ ভীষ্মই বিচিত্ৰবীৰ্য্যক ৰাজসিংহাসনত বহুৱায়।২
বংশধৰ
চিত্ৰাঙ্গদৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল বিচিত্ৰবীৰ্য্যৰ ডাঙৰ ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাকৰ পুত্ৰ গংগাৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।
বংশলতা
মূল প্ৰবন্ধ: মহাভাৰতৰ পাত্ৰ
সহায়ক গ্ৰন্থ
- Citrangada in: M.M.S. Shastri Chitrao, Bharatavarshiya Prachin Charitrakosha (Dictionary of Ancient Indian Biography, in Hindi), Pune 1964, p. 213
- J.A.B. van Buitenen, Mahabharata, vol. 1, The University of Chicago Press, 1973
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰাঙ্গদ” প্ৰবন্ধৰ সংশোধন ২৮৬৪৪৮ (১৫ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।