অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চিত্ৰলেখা

চিত্ৰলেখা (चित्रलेखा; Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড। চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২২ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চিত্ৰলেখা (चित्रलेखा; Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড।১ চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।

কিংবদন্তি

প্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক তেওঁ পূজা কৰিছিল। শিৱ‌ই তাণ্ডৱ কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱ‌ই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী ঊষাক অগ্নিগড়ৰ দুৰ্গত বন্দী কৰি ৰাখে।

এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ জী চিত্ৰলেখা। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন কৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে।২ এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণ‌ই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰি-হৰ যুদ্ধ বোলে।১

যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। ব্ৰহ্মাৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱ‌ই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়।৩৪৫৬ বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

তথ্যসূত্ৰ

  1. ↑ কাকতি, ড॰ বাণীকান্ত. (2014). কুমৰ-হৰণ. অসম প্ৰকাশন পৰিষদ. পৃ. 19-26
  2. ↑ M. Padmanabhan; Meera Ravi Shankar. (1 August 2004). Tales of Krishna from Mahabharatha. Sura Books. পৃ. 56–57. ISBN 978-81-7478-417-9
  3. ↑ Vanamali. (2012). The Complete Life of Krishna. Simon and Schuster. ISBN 1594776903
  4. ↑ Stephen Knapp. Krishna Deities and Their Miracles. Prabhat Prakashan
  5. ↑ (2009). Krishna. Har Anand Publications. পৃ. 68. ISBN 8124114226
  6. ↑ Chandra sekhar Singh. The Purans volume-02. Lulu.com. ISBN 1365593274

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিঅসুৰভাগৱত পুৰাণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰলেখা” প্ৰবন্ধৰ সংশোধন ৩৩২৯০০ (১১ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।