ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আত্মা
বহুতো ধৰ্মীয়, দাৰ্শনিক আৰু পৌৰাণিক পৰম্পৰামতে আত্মা হৈছে জীৱৰ অন্তৰ্নিহিত এক অশৰীৰ সত্তা আত্মাই জীৱৰ মানসিক ক্ষমতা যেনে: কাৰণ, চৰিত্ৰ, অনুভূতি, চেতনা, স্মৃতি, উপলব্ধি, চিন্তাভাবনা ইত্যাদিক প্ৰতিনিধিত্ব কৰে। দাৰ্শনিক ব্যবস্থাৰ ওপৰত নিৰ্ভৰ কৰি আত্মা নশ্বৰ নাইবা অবিনশ্বৰ হ'ব পাৰে।
-
আদিত্য
হিন্দু ধৰ্মত আদিত্য (সংস্কৃত: आदित्य) প্ৰধান সৌৰ দেৱতাৰ এটা সমূহক বুজায়। আদিত্যসকল অদিতি দেৱীৰ সন্তান। একবচনত আদিত্য নামটো সৌৰ দেৱতা সূৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
আন-কাহ্ফ
আল-কাহ্ফ (الكهف, al-kahf; অৰ্থ: গুহা) কোৰআনৰ ১৮তম অধ্যায় (ছূৰা) যাৰ ১১০টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মদিনাৰ পৰিৱৰ্তে মক্কাত প্ৰকাশ কৰা হৈছিল।
-
আল-ইমৰান
আল-ইমৰান (آل عمران, āl ʿimrān; অৰ্থ: ইমৰানৰ পৰিয়াল) কোৰআনৰ তৃতীয় অধ্যায় (ছূৰা) যাৰ দুশটা শ্লোক (আয়াত) আছে। ইছলামধৰ্মত ইমৰানক মেৰীৰ পিতৃ বুলি গণ্য কৰা হয়। এই অধ্যায়টো ইমৰানৰ পৰিয়ালৰ নামেৰে নামকৰণ কৰা হৈছে, য'ত আছে ইমৰান, ছেইণ্ট এনি (ইমৰানৰ পত্নী), মেৰী আৰু যীশু।
-
আহলে হাদিছ
আহলে হাদিছ, বা আহল-ই-হাদিছ হ'ল ফাৰ্চী শব্দ, বা আছহাবুল হাদিছ (আৰবী: Ahl al-ḥadīth; أهل الحديث) অথবা (Aşḥāb al-ḥadīth; أصحاب الحديث) যাৰ শব্দিক অৰ্থ হ'ল, হাদিছৰ বিশেষজ্ঞ। পাৰিভাষিক অৰ্থ হ'লঃ ছহীহ,জঈফ,জাল সকলো হাদিছৰ নিৰপেক্ষ সংৰক্ষণকাৰী।
-
ইউৰেনাচ (গ্ৰীক দেৱতা)
ঊৰান'ছ বা ইউৰেনাচ (Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ। পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল।
-
কলিমা
কালিমা হ'ল ইছলামৰ মৌলিক বিশ্বাস সম্বলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্ৰথম স্তম্ভ শ্বাহাদাহ পূৰ্ণতা পায়। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বুলা হয়।
-
কৃপাচাৰ্য
কৃপাচাৰ্য, যাক কৃপ বুলিও জনা যায়, পৌৰাণিক মহাভাৰতৰ কাহিনীৰ এগৰাকী ব্যক্তিত্ব। মহাকাব্য মহাভাৰতৰ মতে তেওঁ কুৰু ৰাজ্যৰ পৰিষদৰ সদস্য আৰু পাণ্ডৱ আৰু কৌৰৱ ৰাজকুমাৰৰ শিক্ষক আছিল। তেওঁ কৰ্ণকে ধৰি মহাভাৰতত উল্লেখ কৰা বহু যোদ্ধাৰ শিক্ষকো আছিল।
-
কোণাৰ্ক সূৰ্য মন্দিৰ
কোণাৰ্ক সূৰ্য মন্দিৰ (Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত। মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত।
-
ক্লাইটেমনেষ্ট্ৰা
ক্লাইটেমনেষ্ট্ৰা (ইংৰাজী: Clytemnestra, ) গ্ৰীক শ্ৰুতিকথা অনুসৰি মাইচেনিয়াৰ ৰজা আগামেমননৰ পত্নী আৰু স্পাৰ্টাৰ হেলেনৰ ভগ্নী আছিল। ইস্কাইলাছৰ ত্ৰিলজী অৰেষ্টেয়াত বৰ্ণনা কৰা মতে তেওঁ আগামেমনন আৰু ট্ৰয়ৰ ধ্বংশৰ পিছত আগামেমননে যুদ্ধৰ পুৰস্কাৰ হিচাপে লাভ কৰা ট্ৰ’জান ৰাজকুমাৰী কেছাণ্ড্ৰাক হত্যা কৰে৷…
-
গায়ত্ৰী
গায়ত্ৰী (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।
-
গেইয়া
গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া (Gaia); (ভূমি বা পৃথিৱীৰ কাব্যিক নাম) হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ।
-
গোৰক্ষনাথ
গোৰক্ষনাথ বা গোৰখনাথ,এগৰাকী হিন্দু যোগী, সন্ন্যাসী আছিল। তেওঁ ভাৰতত নাথ পন্থৰ প্ৰৱৰ্তন কৰিছিল। গোৰক্ষনাথক মৎস্যেন্দ্ৰনাথৰ দুগৰাকী প্ৰধান শিষ্যৰ মাজৰ এগৰাকী বুলি ধৰা হয়। তেওঁৰ অনুৰাগী সকল ভাৰতৰ মহাৰাষ্ট্ৰৰ গৰ্ভগিৰী নামৰ অঞ্চলত বসবাস কৰি আহিছে।
-
গৌড়ীয় বৈষ্ণৱবাদ
গৌড়ীয় বৈষ্ণৱবাদ, চৈতন্য বৈষ্ণৱবাদ, বঙালী, চৈতন্য বা গৌড়ীয় সম্প্ৰদায়, চৈতন্যবাদ বা গৌড় ধৰ্ম হৈছে ১৪৮৬ৰ পৰা ১৫৩৪লৈ জীৱিত থকা চৈতন্য মহাপ্ৰভুৰ দ্বাৰা প্ৰেৰিত এটি বৈষ্ণৱ হিন্দু ধাৰ্মিক আন্দোলন। "গৌড়ীয়" শব্দই ভাৰতীয় উপমহাদেশৰ গৌড় বা বংগ অঞ্চল সূচায়।
-
চাৰিটেছ
চাৰিটেছ (প্ৰাচীন গ্ৰীক: Χάριτες, ইংৰাজী: Charites) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী। তেওঁলোকক গ্ৰেচ (Graces) বুলিও কোৱা হয়৷ হেচিয়ডৰ মতে চাৰিটেছ তিনি গৰাকী হৈছে এগলিয়া, ইউফ্ৰ’চাইন আৰু থেলিয়া৷ তেওঁলোকক জ্যুছ আৰু সমুদ্ৰৰ দেৱী ইউৰিনমৰ কন্যা বুলি কোৱা হয়।
-
জমদগ্নি
জমদগ্নি (সংস্কৃত: जमदग्नि, অৰ্থ-'মহৎ অগ্নি') হিন্দু সাহিত্যৰ এজন ঋষি। হিন্দু পৰম্পৰাত তেওঁক ৭ম, আৰু বৰ্তমানৰ মন্বন্তৰৰ যুগত সপ্তৰ্ষিৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই সৃষ্টি কৰা প্ৰজাপতিসকলৰ ভিতৰত অন্যতম ভৃগু ঋষিৰ বংশধৰ।
-
জয়-বিজয়
হিন্দু পুৰাণ অনুসৰি, জয় আৰু বিজয় আছিল শ্ৰীবিষ্ণুৰ আবাস ক্ষেত্ৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰৰ অভিশাপ মৰ্মে তেওঁলোক তিনিটা যুগত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল।
-
জলকুঁৱৰী
লোককথা অনুসৰি জলকুঁৱৰী বা জলপৰী বা মৎস্যকন্যা (Mermaid) হৈছে জলভাগত নিবাস কৰা একপ্ৰকাৰৰ জীৱ। দেহৰ নিম্নাংশ ফিছাৰে সৈতে মাছৰ আকৃতিধাৰী জলকুঁৱৰীৰ দেহৰ উৰ্দ্ধাংশ মানৱীৰ। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন সংস্কৃতিৰ লোককথাসমূহত জলকুঁৱৰীৰ উপস্থিতি দেখা পোৱা যায়।
-
তাওবাদ
তাওবাদ বা দাওবাদ চীনৰ এক থলুৱা বৈচিত্ৰ্যময় দাৰ্শনিক আৰু ধৰ্মীয় পৰম্পৰা। তাওবাদে সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাওবাদী চিন্তাধাৰাই তাওবাদী পৰম্পৰাৰ ভিতৰত আৰু ইয়াৰ বাহিৰৰ বিভিন্ন প্ৰথাৰ বিকাশৰ বিষয়ে অৱগত কৰিছে, য'ত ধ্যান, জ্যোতিষ, ছিগং, ফেং ছুই, আৰু অভ্যন্তৰীণ ৰসায়ন।
-
তাওহিদ
তাওহিদ শব্দটো আৰবী ‘ওয়াহাদা’ ক্ৰিয়া মূলৰ পৰা গৃহীত, যাৰ অৰ্থ ‘এক হোৱা’, ‘একক হোৱা’ বা ‘অতুলনীয় হোৱা’, তাওহিদৰ অৰ্থ ‘এক কৰা’, ‘একত্বৰ ঘোষণা দিয়া’ বা ‘একত্বত বিশ্বাস কৰা’। তাওহিদ বা তাওহীদে (আৰবী ভাষাত توحيد) ইছলাম ধৰ্মত এক আল্লাহৰ ধাৰণাক বুজায়।। তাওহিদ শব্দৰ অৰ্থ একত্ববাদ।
-
তাৰা
হিন্দু ধৰ্মত, দেৱী তাৰা (: तारा, tārā) হৈছে দশ মহাবিদ্যা বা "মহান জ্ঞানৰ দেৱী"ৰ ভিতৰত দ্বিতীয়, আৰু শক্তিৰ এক প্ৰকাৰ বা দেৱীৰ তান্ত্ৰিক প্ৰকাশ। তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা"। আন বহুতো সমসাময়িক ভাৰতীয় ভাষাত 'তাৰা' শব্দৰ আন এক অৰ্থ হৈছে তৰা।
-
তিলক
হিন্দু ধৰ্মত তিলক (तिलक), বা কথিত ভাষাত টিকা, সাধাৰণতে কপালত, অজ্ঞা চক্ৰৰ বিন্দুত (তৃতীয় চকু বা আধ্যাত্মিক চকু) আৰু কেতিয়াবা শৰীৰৰ অন্যান্য অংশ যেনে ডিঙি, হাত, বুকু বা বাহুত পিন্ধা চিহ্ন।
-
দৈৱকী
দৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বসুদেৱৰ ভাৰ্যা। আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।
-
পঞ্চামৃত
পঞ্চামৃত (আক্ষৰিক অৰ্থ: পাঁচ অমৃত) হৈছে হিন্দুসকলৰ বিভিন্ন পাৰ্বন আৰু পূজাত ব্যৱহাৰ কৰা পাঁচবিধ খাদ্যৰ এক মিশ্ৰণ যি কেইটা হৈছে প্ৰধানতঃ মৌ, তৰল গুৰ, গৰু গাখীৰ, দৈ আৰু ঘিঁউ।
-
মৎস্য অৱতাৰ
মৎস্য অৱতাৰ (मत्स्य) বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক ব্ৰহ্মাৰ সৈতে এক গণ্য কৰা হৈছিল।
-
শিখণ্ডী
শিখণ্ডী (शिखण्डी, Śikhaṇḍī) হিন্দু মহাকাব্য মহাভাৰতৰ এক উভয়লিঙ্গী চৰিত্ৰ। তেওঁ শিখন্দিনী নামৰ মহিলা হিচাপে পাঞ্চালৰ ৰজা দ্ৰুপদৰ ঘৰত জন্ম গ্ৰহণ কৰে, অৱশ্যে পিছলৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হয়। তেওঁ দ্ৰৌপদীৰ ভাতৃ। শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম।
-
সৌৰ পঞ্জিকা
সৌৰ এনে এটা শব্দ, যিয়ে বৈদিক যুগ আৰু মধ্যযুগীয় ভাৰতীয় কেলেণ্ডাৰত চন্দ্ৰ ব্যৱস্থাৰ পৰা পৃথক কৰা সৌৰ দিন আৰু মাহক বুজায়।
-
হিন্দু ধৰ্মত যমুনা
যমুনা (Yamuna) হৈছে হিন্দু ধৰ্মৰ এক পৱিত্ৰ নদী আৰু হিন্দু ধৰ্মৰ আটাইতকৈ পৱিত্ৰ নদী গংগা (গঙ্গা) দেৱীৰ মুখ্য উপনদী। নদীখনক যমুনা নামৰ হিন্দু দেৱী হিচাপে পূজা কৰা হয়। যমুনাক প্ৰাৰম্ভিক গ্ৰন্থসমূহত য়ামি বুলি জনা যায়, আনহাতে পৰৱৰ্তী সাহিত্যত তেওঁক কালিন্দী বুলি কোৱা হয়।
-
ৰীয়া
ৰীয়া বা ৰেইয়া (Rhea) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ ভূমিদেৱী গেইয়া আৰু আকাশৰ দেৱতা ইউৰেনাচৰ জীয়ৰী। তেওঁ ক্ৰ'নচৰ ভগ্নী তথা সহধৰ্মিণী। পৌৰাণিক কালত ৰীয়া 'দেৱতাৰ জননী' নামেৰে পৰিচিত আছিল আৰু সেয়ে দুই দেৱমাতৃ গেইয়া আৰু চিবিলৰ সৈতে তেওঁৰ নিকট সম্পৰ্ক আছিল।
-
ৰুক্মিণী হৰণ নাট
ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল। কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মিয়ে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে।