পাতাল (সংস্কৃত ভাষা: पाताल; আক্ষৰিক অৰ্থ: ভৰিৰ তলত থকা) ভাৰতীয় ধৰ্ম অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ ভূগৰ্ভস্থ ৰাজ্যসমূহক বুজায়৷ পাতাল পাৰ্থিৱ মাত্ৰাৰ তলত অৱস্থিত।১২৩ পাতালক প্ৰায়ে ইংৰাজীত আন্দাৰৱৰ্ল্ড (underworld) বা নেডাৰৱৰ্ল্ড (netherworld) বুলি অনুবাদ কৰা হয়। শাস্ত্ৰ সমূহত পাতলক স্বৰ্গতকৈও সুন্দৰ বুলি বৰ্ণনা কৰা হৈছে (সূক্ষ্ম মাত্ৰা, কেতিয়াবা স্বৰ্গ (হেভেন) বুলিও অনুবাদ কৰা হৈছে)। পাতালত অজস্ৰ ৰত্ন, ধুনীয়া বাগিচা আৰু হ্ৰদেৰে ভৰি থকা বুলি বৰ্ণনা কৰা হৈছে।
বজ্ৰযান বৌদ্ধ ধৰ্মত অসুৰ বসবাস কৰা গুহাবোৰ পাতালৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়; এই অসুৰবোৰক, বিশেষকৈ মহিলা অসুৰবোৰক পদ্মসম্ভৱৰ দৰে বিখ্যাত বৌদ্ধ সন্তসকলে প্ৰায়ে ধৰ্মপাল বা ডাকিনী হিচাপে "ৰূপান্তৰিত" (বৌদ্ধ ধৰ্মলৈ ৰূপান্তৰিত) কৰে।৪
হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞানত বিশ্বব্ৰহ্মাণ্ডক স্বৰ্গ, ভূমি বা মৰ্ত্য (পৃথিৱী) আৰু পাতাল (স্থূল মাত্ৰা) নামৰ তিনিখন জগতত বিভক্ত কৰা হৈছে।৫ পাতাল আকৌ সাতখন ৰাজ্য/মাত্ৰা বা লোকেৰে গঠিত,৬৭ ইয়াৰে সপ্তম আৰু একেবাৰে নিম্নতম পাতাল লোককে পাতাল বা নাগ-লোক বুলিও কোৱা হয়৷ নাগ-লোকত নাগসকল বাস কৰে। দানৱ (দনুৰ সন্তান), দৈত্য (দিতিৰ সন্তান), ৰাক্ষস আৰু নাগসকল (কদ্ৰুৰ সৰ্প-মানৱ সদৃশ পুত্ৰ) পাতাল ৰাজ্যত বাস কৰে।৮
হিন্দু ধৰ্ম
বিষ্ণু পুৰাণত দেৱ ঋষি নাৰদৰ পাতাল ভ্ৰমণৰ কথা বৰ্ণনা কৰা হৈছে। নাৰদে পাতলক স্বৰ্গতকৈও সুন্দৰ বুলি বৰ্ণনা কৰিছে। পাতালত অজস্ৰ ৰত্ন, ধুনীয়া বাগিচা, হ্ৰদ আৰু সুন্দৰী অসুৰ কুমাৰীৰে ভৰি থকা বুলি বৰ্ণনা কৰা হৈছে। বতাহত মিঠা সুগন্ধি আৰু মিঠা সংগীত মিহলি হৈ থাকে। ইয়াৰ মাটি বগা, ক’লা, বেঙুনীয়া, বালিচহীয়া, হালধীয়া, শিলৰ আৰু লগতে সোণৰ।৯১০
বিষ্ণু পুৰাণত উল্লেখ কৰা অনুসৰি সাতখন পাতাল আছে, পৃথিৱীৰ পৃষ্ঠৰ তলত সত্তৰ হাজাৰ যোজন (দূৰত্বৰ পৌৰাণিক একক) দূৰত্বত এই পাতালবোৰ আছে। ইয়াৰে প্ৰত্যেকেখন পাতালে দহ হাজাৰ যোজনলৈকে সম্প্ৰসাৰিত হৈ থাকে। বিষ্ণু পুৰাণত উচ্চতমৰ পৰা নিম্নতমলৈকে থকা পাতালৰ নামবোৰ হৈছে: অতল, বিতল, নিতল, গৰ্ভস্তিমত, মহাতল, সুতল আৰু পাতাল। ভাগৱত পুৰাণ আৰু পদ্ম পুৰাণৰ মতে সাতখন পাতাল হৈছে ক্ৰমে অতল, বিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতাল। শিৱ পুৰাণত, মহাতলৰ সলনি কেৱল তল বুলি উল্লেখ কৰা হৈছে। বায়ু পুৰাণৰ মতে ৰসাতল, সুতল, বিতল, গভস্তল, মহাতল, শ্ৰীতল আৰু পাতাল বুলি কোৱা হৈছে।১১ সাতখন পাতালৰ লগতে ইয়াৰ ওপৰত থকা পৃথিৱীখন বিষ্ণুৰ তামসিক (অন্ধকাৰ) অৱতাৰ হাজাৰ মূৰৰ শেষনাগৰ মূৰত থিয় হৈ থাকে।১২১৩ কেতিয়াবা শেষনাগগ পাতালসমূহৰ তলত থকাৰ পৰিৱৰ্তে একেবাৰে নিম্নতম পাতালত বাস কৰে বুলি বৰ্ণনা কৰা হয়।১৪ পাতালসমূহত তলত নৰক থাকে, এই নৰকত মৃত্যুৰ পিছত পাপীসকলক শাস্তি দিয়া হয়।১৫
তথ্যসূত্ৰ
- ↑ Wilson 1865, পৃ. 209–213
- ↑ Search for "patala" in: Sanskrit Dictionary Search gives results: "1. one of the 7 regions under the earth and the abode of the Nagas or serpents and asuras"
- ↑ Māṇi 1975, পৃ. 580–581
- ↑ Mayer 2007, পৃ. 1
- ↑ Parmeshwaranand 2001, পৃ. 762–763
- ↑ (1978). Classical Hindu mythology: a reader in the Sanskrit Purāṇas. Temple University Press. পৃ. 48–49, 348–350. ISBN 9781439904640
- ↑ Prabhupada. Bhagavata Purana 5.24. The Bhaktivedanta Book Trust International, Inc
- ↑ Wilson 1865, পৃ. 209–213
- ↑ Wilson 1865, পৃ. 209–213
- ↑ Dimmitt 2012, পৃ. 348–350
- ↑ Wilson 1865, পৃ. 209–213
- ↑ Wilson 1865, পৃ. 209–213
- ↑ Dimmitt 2012, পৃ. 348–350
- ↑ Parmeshwaranand 2001, পৃ. 762–763
- ↑ Wilson 1865, পৃ. 209–213
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাতাল” প্ৰবন্ধৰ সংশোধন ৪৯১৪৯২ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।