তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল১ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত।২ এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত। তাম্ৰেশ্বৰী দেৱী হিন্দু ধৰ্মৰ কালী, তাৰা, চামুণ্ডা আদিৰ দৰে উগ্ৰ দেৱী। কিছুমানৰ মতে এই মন্দিৰ জনজাতীয় লোকদেৱী কেঁচাই খাইতিৰ মূল মন্দিৰ। কেঁচাই খাইতি চুতীয়া জনগোষ্ঠীৰ দেৱী আছিল, য'ত পূজা-পাতল কৰিবলৈ দেউৰী সকলক ৰখা হৈছিল। ৩
কালিকা পুৰাণত উল্লিখিত মতে কামৰূপত কামাখ্যা আৰু কামৰূপ নামৰ দুখন মুখ্য শক্তিপীঠ আছিল। তাৰেই কামৰূপ বা দিক্কৰবাসিনী নামৰ এখন শক্তিপীঠ কামৰূপৰ উত্তৰ অঞ্চলত আছিল। দিক্কৰ বাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এইৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ, ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়। একেইখন গ্ৰন্থৰ মতে কামৰূপ পীঠ বৃষোদকা নৈৰ(অৰ্থ বহল নৈ) পূবত আৰু সিতগংগা (অৰ্থ বগা নৈ) নৈৰ পাৰত অৱস্থিত আছিল। সেই কেইখন সম্ভৱতঃ তাম্ৰেশ্বৰীৰ পশ্চিমৰ দিবাং নৈৰ(অৰ্থ বহল) আৰু দিফু নৈ (অৰ্থ বগা) আছিল। অতীতত এই শালত নৰবলি প্ৰথা প্ৰচলিত আছিল।২ কালিকা পুৰাণত এই শালৰ নৰবলিৰ কথা উল্লেখ কৰা হৈছে, "হে ৰাজন, পানেষু মদিৰা শ্ৰেষ্ঠ,নৰো বলিষু পাৰ্থিৱ", অৰ্থাৎ এই পীঠত দ্ৰব্যৰ ভিতৰত মদ্যপান আৰু বলিৰ ভিতৰত নৰবলিয়ে শ্ৰেষ্ঠ।
প্ৰাচীন গ্ৰন্থ কালিকা পুৰাণ(দশম-একাদশ শতিকাৰ মাজৰ)ত দিক্কৰবাসিনী পীঠৰ দেৱ-দেৱীৰ পূজাত ৰেচম ব্যৱহাৰ কৰা কথা লিপিবদ্ধ কৰা হৈছে। গ্ৰন্থ অনুসৰি ডিক্কৰবাশিনী পীঠত দেৱ-দেৱীসকলক পূজা কৰাৰ সময়ত মন্দিৰৰ দেউৰীয়ে মূৰ্তিসমূহ ৰঙা, হালধীয়া আৰু বগা কৌশেয়া(অৰ্থাৎ বনৰীয়া ৰেচম) কাপোৰেৰে ঢাকি ৰাখিছিল।৪৫৬ জনা যায় যে পুৰণি কালত মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) হালধীয়া(প্ৰাকৃতিক), বগা(মেজানকাৰী মুগা) ৰঙত উপলব্ধ আছিল আৰু প্ৰায়ে "লেক" ৰঙা ৰং কৰা হৈছিল।৭
নামৰ উৎপত্তি
তাম্ৰেশ্বৰী মন্দিৰ তাম ধাতুৰে নিৰ্মাণ কৰা হৈছিল। বিশেষকৈ ইয়াৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰ পৰায়ে তাম্ৰেশ্বৰী নামটো প্ৰচলিত হ'ল।৮ আনহাতে কেঁচাই খাইতি নাম ইয়াৰ উগ্ৰ স্বভাৱ আৰু নৰবলি প্ৰথাৰ পৰা আহিছে বুলি গণ্য কৰা হয়।
শিলালিপি
তাম্ৰেশ্বৰী মন্দিৰত উদ্ধাৰ কৰা পাথৰ শিলালিপিত লিখা আছে,৯
“শিৱ চৰণ প্ৰসাদৎ বৃদ্ধাৰাজতন য়া শ্ৰী শ্ৰীমত মুক্ত ধৰ্মনাৰায়ণ শ্ৰী শ্ৰীমতী দিক্কৰবাসিনী ইষ্টকা দি বিৰচিত প্ৰকাৰ নিবন্ধ কৃত অগ্ৰহায়নকে শক ১৩৬৪”
— Tamresari Wall inscription
শিলালিপিত বৰ্ণনা কৰা মতে ১৩৬৪ শকত (১৪৪২ খ্ৰীষ্টাব্দ) বৃদ্ধাৰাজৰ পুত্ৰ চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে ইটা ('ইষ্টক') আৰু অন্য সামগ্ৰীৰে ('আদি') মন্দিৰৰ সীমাৰ দেৱাল নিৰ্মাণ কৰাইছিল। মন্দিৰটো দেৱী দিক্কৰ বাসিনীৰ প্ৰতি উৎসৰ্গিত। দিক্কৰবাসিনী নৱম-দশম শতিকাৰ কালিকা পুৰাণত 'কামৰূপ পীঠ' হিচাপে উল্লেখ আছে।
স্থাপত্য
মন্দিৰখনৰ দেৱাল আৰু দুৱাৰবোৰ সুন্দৰ কাৰু-কাৰ্য খচিত আছিল। মূলদ্বাৰৰ সন্মুখত ৰূপালী দাঁতৰ সৈতে দুটা প্ৰকাৰৰ হাতীৰ ভাস্কৰ্য আছিল। ১৭১১ খ্ৰীষ্টাব্দৰ চামৰুং ফুকনৰ বুৰঞ্জী মতে তাম্ৰেশ্বৰী মন্দিৰৰ ছাদ তামেৰে নিৰ্মিত আছিল। ১৮৪৮ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ ডেল্টনে সেই স্থানত শিলৰ মন্দিৰৰ গাঁথনি লক্ষ্য কৰিছিল। কিন্তু তামৰ ছাদ ইতিমধ্যে আঁতৰোৱা হৈছিল। ১৯০৫ চনত এই স্থান ভ্ৰমণ কৰা টি. ব্লকৰ অনুসৰি, এই বৰ্গাকাৰ গাঁথনিটো ভিতৰত মুল মন্দিৰটো হ'ব নোৱাৰে আৰু ইটাৰ বেৰটোৱে স্পষ্টভাৱে কেন্দ্ৰত কোনো এক প্ৰকাৰৰ বৃহৎ মন্দিৰ আছিল যি সময়ৰ সৈতে নাইকিয়া হৈছে। গোটেই মন্দিৰটো ইটাৰ দেৱালেৰে পৰিবেষ্টিত আছিল আৰু পশ্চিম ফালে নৰবলি স্থান আছিল।১০
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Leslie Shakespear,History of Upper Assam, Upper Burmah and North-East Frontier, p.24
- ↑ RUINS OF COPPER TEMPLE (TAMRESWARI), NEAR PAYA. Archeological Survey of India
- ↑ 'According to E.A. Gait, "The religion of the Chutiyas was a curious one. They worshipped various forms of Kali with the aid not of the Brahmanas but of their own tribal priests or Deoris. The favorite form in which they worshipped this deity was that of Kesai-khati 'the eater of raw flesh' to whom human sacrifices were offered. After their subjugation by the Ahoms, the Deoris were permitted to continue their ghastly rites; but they were usually given for this purpose, criminals who have been sentenced to capital punishment..."' Gogoi 2011 236
- ↑ Shastri, B.N, "The Kalikapurana: Text, Introduction and English Trans. with Shloka Index", p. 1240, "The goddess in her Lalitakanta (pleasantly charming) form is known as Mangala chandi,...she wears red silk(rakta-kauseya-vasana)."
- ↑ Shastri, B.N, "The Kalikapurana: Text, Introduction and English Trans. with Shloka Index", p. 1243-45, "O king! Listen to the procedure of worship of Brahma with rapt attention...Red silk(rakta-kauseya-vastram) is his (Brahma's) favourite cloth, rice cooked with milk, sesames, mixed with ghee are his favourite food."
- ↑ Shastri, B.N, "The Kalikapurana: Text, Introduction and English Trans. with Shloka Index", p. 1259, "Vasudeva may be worshipped briefly or elaborately. Red, yellow and white silk are the favourite cloths of Vishnu..."
- ↑ Journal Of Bihar And Orissa Research Society Vol. 3, p.212, "There was another of similar quality. It is known as the Mezankari muga, the worm feeding on the Adakari tree (Litsea citrata)."This muga constituted the dress of the higher ranks, most of which were dyed red with lac but some were white." It is now scarce."
- ↑ তাহানিৰ অসমৰ গৌৰৱ তাম শিল্প. বিকাশপিডিয়া
- ↑ Sircar,D.C,''Journal of Ancient Indian History, p. 21.
- ↑ Sadiya - Tourism, History, Culture and other facts
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাম্ৰেশ্বৰী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০০৯ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।