ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়। গোটেই বিশ্বজুৰি পালন কৰা বিভিন্ন ইছলামিক পৱিত্ৰ দিন তথা উৎসৱ এই বৰ্ষপঞ্জীৰ ওপৰত নিৰ্ভৰশীল।১
বিৱৰণ
প্ৰতিদিন সূৰ্যাস্তৰ মাধ্যমত দিন গণনা আৰম্ভ হয়। কিন্তু মাহ গণনা নিৰ্দিষ্ট ভূখণ্ডত খালি চকু বা বিভিন্ন যন্ত্ৰপাতিৰ (যেনে: দূৰবীণ, সাধাৰণ দূৰবীক্ষণ যন্ত্ৰ) সহায়ত জোন দেখাৰ ওপৰত সম্পূৰ্ণকৈ নিৰ্ভৰ কৰে। এই মাহ সমূহ জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি ২৯ বা ৩০ দিনৰ হয়। যি মাহ ২৯ দিনত শেষ হলে নতুন মাহৰ জোন দেখা পোৱা নাযায়, সেই মাহ ৩০ দিনত সম্পূৰ্ণ কৰা হয়।
মাহৰ নাম
ইছলামিক মাহসমূহৰ নাম ক্ৰমে:
- মহৰম محرّم
- চফৰ صفر
- ৰবিউল আওয়াল ربيع الأولي
- ৰবিউল চানি ربيع الاخري
- জমাডিউল আওয়াল جمادى الأولی
- জমাডিউছ চানি جمادي الآخر ي
- ৰজৱ رجب
- শ্ববান شعبان
- ৰমজান رمضان
- শাওয়াল شوّال
- জ্বিলকদ ذو القعدة
- জ্বিলহজ্জ ذو الحجة
বহিঃসংযোগ
- Helmer Aslaksen The Islamic Calendar
- Khalid Chraibi, The reform of the Islamic calendar: the terms of the debate, Tabsir.net, September 2012
কেলেণ্ডাৰ সলনি কৰা ৱেবছাইট
- Calendar Converter
- The Umm Al-Qura (Mecca) Calendar (in Arabic, English explanation here)
- The Umm al-Qura Calendar of Saudi Arabia (with date converter valid from 1937 to 2077)
- The Islamic Calendar/Hijri Calendar for Makkah
- Online Alavi Taiyebi Calendar
- Interactive Islamic Gregorian Calendar
- Islamic / Western Calendar Converter (supports all known variants of the tabular Islamic calendar)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছলামিক বৰ্ষপঞ্জী” প্ৰবন্ধৰ সংশোধন ৬০৬২১৩ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।