ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
যক্ষিণী
যক্ষিণী (यक्षिणी) বা যক্ষি হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পৌৰাণিক আখ্যানসমূহত উল্লেখ থকা এক শ্ৰেণীৰ জীৱ। যক্ষিণীসকল যক্ষসকলৰ সহচৰী। তেওঁলোক দেৱতা), অসুৰ, ৰাক্ষস, আৰু গন্ধৰ্ব বা অপ্সৰাসকলতকৈ ভিন্ন।
-
ল’কি
ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ।
-
সত্ত্ব
সত্ত্ব (Sanskrit: सत्वत्, অৰ্থাৎ মঙ্গল) তিনিটা গুণ বা “অস্তিত্বৰ ধৰণ’’ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে অনুভৱ কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল ৰজঃ (আৱেগ আৰু ক্ৰিয়া) আৰু তমঃ (ধ্বংস, বিশৃংখলতা)।
-
সত্য
সত্য (Truth) হৈছে তথ্য বা বাস্তৱৰ লগত মিল থকা এক বৈশিষ্ট্য। ব্যৱহাৰিক ভাষাত সত্যক সাধাৰণতে বাস্তৱক প্ৰতিনিধিত্ব কৰাৰ লক্ষ্যৰে বা অন্যথা ইয়াৰ সৈতে মিল থকা বস্তু যেনে বিশ্বাস, প্ৰস্তাৱনা আৰু ঘোষণামূলক বাক্যৰ সৈতে জড়িত কৰা হয়। সত্যক সাধাৰণতে মিছাৰ বিপৰীত বুলি ধৰা হয়।
-
হাৰাম
হাৰাম (; حَرَام ḥarām ) হৈছে আৰবী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে ‘নিষিদ্ধ’। ইয়াৰ দ্বাৰা হয় পবিত্ৰ কিবা এটাক বুজোৱা হ’ব পাৰে, য’ত বিশুদ্ধতাৰ অৱস্থাত নথকা বা পবিত্ৰ জ্ঞানৰ প্ৰতি দীক্ষিত নোহোৱা লোকসকলক প্ৰৱেশৰ অনুমতি দিয়া নহয়; বা "পাপপূৰ্ণ কাম যিটো কৰাটো নিষিদ্ধ।" এই শব্দটোৱে "এফালে ৰখা" কিবা এটাকো…
-
হিন্দুত্ব
হিন্দুত্ব (ইংৰাজী: Hindutva) হৈছে এক হিন্দু জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ। ১৯২৩ চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এই আদৰ্শক মূলতঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), বিশ্ব হিন্দু পৰিষদ (VHP), শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু অন্যান্য সংগঠনসমূহৰ দ্বাৰা সমৰ্থন কৰা হয়, যিবোৰক…
-
হেফেইষ্টাচ
হেফেইস্ত'ছ বা হেফেইষ্টাচ (Hephaestus) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা। ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে।
-
ৰক্তবীজ
ৰক্তবীজ ( रक्तबीज, ) হিন্দু ধৰ্মৰ এটা অসুৰ। পুৰাণ অনুসৰি তেওঁ শুম্ভ আৰু নিশুম্ভৰ সৈতে দুৰ্গাৰ দুয়োটা ৰূপ কালি আৰু চণ্ডী দেৱীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল যিটোৰ মতে তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলেই সেই তেজৰ পৰা আৰু বহুতো ৰক্তবীজৰ সৃষ্টিহৈ শত্ৰুৰ লগত…
-
ৰজঃ
ৰজঃ (Sanskrit: रजस्) তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে বিকশিত কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল সত্ত্ব (শুদ্ধ, ভৰসাম্য) আৰু তম:(অলসতা, হিংসা, বিকাৰ)। ৰজঃ হৈছে জন্মগত প্ৰৱণতা বা গুণ যিয়ে গতি, শক্তি আৰু কাৰ্যকলাপক পৰিচালিত কৰে।
-
ৰতি
ৰতি বা ৰতিদেৱী (रति) হৈছে হিন্দুসকলৰ প্ৰেম, জৈৱিক কামনা-বাসনা আৰু যৌন তৃপ্তিৰ দেৱী। ৰতিত প্ৰায়েই হাতত এখন তৰোৱাল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁ প্ৰেমৰ অধিষ্ঠাতা দেৱতা কামদেৱৰ সহধৰ্মিণী তথা প্ৰজাপতি দক্ষৰ জীয়ৰী।
-
অশ্বমেধ
অশ্বমেধ (अश्वमेध) বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ঠান। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল।
-
অস্তিত্ববাদ
অস্তিত্ববাদ (ইংৰাজী: Existentialism) হৈছে এক দৰ্শনমূলক দৃষ্টিভংগী আৰু অনুসন্ধানৰ ধাৰা, যি অস্তিত্বৰ আপাত অযৌক্তিকতা বা দুৰ্বোধ্যতাৰ স্বত্বেও এক প্ৰামাণিক জীৱন যাপন কৰাৰ বাবে মানুহৰ ব্যক্তিগত সংগ্ৰামক অন্বেষণ কৰে।
-
আল-আনফল
লুণ্ঠনসমূহ (ٱلأنفال, al-ʾanfāl; aka যুদ্ধৰ লুণ্ঠন, উপাৰ্জন, সঞ্চয়, লাভ) কোৰআনৰ অষ্টম অধ্যায় (ছূৰা), যাৰ ৭৫টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ বিষয়ে (আছবাব আল-নুজুল) ই হৈছে এক "মদিয়ান ছূৰা", যি বদৰৰ যুদ্ধৰ পিছত সম্পূৰ্ণ হয়। ই পৰৱৰ্তী ছূৰাহ, আত-তৌবাহৰ সৈতে একযোৰ গঠন কৰে।
-
আল-আৰফ
আল-আৰফ (ٱلأعراف, al-ʾAʿrāf; অৰ্থ: উচ্চতা) হৈছে কোৰআনৰ সপ্তম অধ্যায় (ছূৰা), যাৰ ২০৬টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আছবাব আল-নুজুল), ই হৈছে "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
আল-মা'ইদা
আল-মা'ইদা (ٱلمائدة, Al-Māʾidah; অৰ্থ: "মেজ" বা "খাদ্যৰ সৈতে মেজখন বিয়পি পৰিছে") কোৰআনৰ পঞ্চম অধ্যায় (ছূৰা), যাৰ ১২০টা শ্লোক (আয়াত)। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবা আল-নুজুল), ই হৈছে "মদিনান ছূৰাৰ", যাৰ অৰ্থ হৈছে ইয়াক মক্কাৰ পৰিৱৰ্তে মদিনাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা…
-
আল-হজ্জ
আল-হজ্জ (الحج, al ḥajj; অৰ্থ: "তীৰ্থযাত্ৰা", "হজ্জ") হৈছে কোৰআনৰ ২২ তম অধ্যায় (ছূৰা) যাৰ ৭৮টা আয়াত (শ্লোক)। এই ছূৰাটোৱে ইয়াৰ নাম ২৭তম আয়াতৰ পৰা লৈছে।
-
আৰ-ৰ'দ
আৰ-ৰ'দ, (الرعد ar-raʻd), অৰ্থ: ঢেৰেকনি, হৈছে কোৰআনৰ ১৩তম ছূৰা। যি ৪৩টা শ্লোক (আয়াত)ৰে গঠিত। ইয়াত মুকাতত (কোৰআনৰ আদ্যক্ষৰ) আছে المر (আলিফ. লাম. মিম. ৰ বা আলমৰ). ছূৰাৰ লক্ষ্য হৈছে সত্যৰ শক্তি আৰু মিছাৰ দুৰ্বলতা। আয়াত ১৫-ত এটা ছিচদাহৰ চিহ্ন আছে ۩:
-
উৰ্মিলা
উৰ্মিলা (ऊर्मिला) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী।
-
ঊষা (দেৱী)
ঊষা(उषस्) হিন্দু ধৰ্মৰ এগৰাকী বৈদিক পূৰ্বাহ্ণৰ দেৱী। ঋকবেদৰ শ্লোকত দেৱীৰ উল্লেখ সঘনাই হোৱা দেখা যায়। ডেভিদ কিন্সলীৰ মতে, তেওঁ "ধাৰাবাহিকভাৱে তেওঁক পূৰ্বাহ্ণৰ সৈতে চিনাক্ত কৰা হয়, জগতলৈ দৈনন্দিন পোহৰৰ আগমনৰ সৈতে নিজকে প্ৰকাশ কৰা, নিপীড়নকাৰী অন্ধকাৰক খেদি পঠিওৱা, দুষ্ট দানৱক খেদি পঠিওৱা, সকলো…
-
কুশ
কুশ (कुश) আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
-
চাৰ্বাক দৰ্শন
চাৰ্বাক দৰ্শন (चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
-
চীনা ড্ৰেগন
চীনা ড্ৰেগন অৰ্থাৎ লুং, লং বা লাং চীনা আখ্যান, লোককথা আৰু চীনা সংস্কৃতিত উল্লিখিত এক কিংবদন্তিমূলক জীৱ। চীনা ড্ৰেগনৰ কচ্ছপ আৰু মৎস্যৰ দৰে বহুতো প্ৰাণীসদৃশ ৰূপ আছে যদিও সাধাৰণতে ইয়াক চাৰিটা ঠেঙৰ সৈতে সৰ্পৰ দৰে চিত্ৰায়িত কৰা হয়।
-
চূড়াকৰণ
চূড়াকৰণ (चूड़ाकरण) বা মুণ্ডন (मुण्डन) হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি চূড়াকৰণ অষ্টম আচাৰ। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাঙ্গলিক অনুষ্ঠানসহ ক্ষুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়।
-
চোখামেলা
চোখামেলা ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ এজন সাধু আছিল। তেওঁ মহাৰ জাতিৰ অন্তৰ্গত আছিল, যিটো সেই সময়ত ভাৰতৰ অন্যতম নিম্ন বৰ্ণ বুলি গণ্য কৰা হৈছিল। বুলধনা জিলাৰ দেউলগাঁও ৰজা তালুকৰ মেহুনা ৰাজা নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ মহাৰাষ্ট্ৰৰ মংগলবেধাত বাস কৰিছিল। তেওঁ বহুতো অভংগ ৰচনা কৰিছিল।
-
ছেলেনে
ছেলেনে (/sɪˈliːniː/; প্ৰাচীন গ্ৰীক: Σελήνη; ইংৰাজী: Selene, অৰ্থাৎ "চন্দ্ৰ") প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু ব্যক্তিত্ব।
-
তক্ষক
তক্ষক হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এজন নাগৰজা। হিন্দু মহাকাব্য মহাভাৰতৰ লগতে ভাগৱত পুৰাণতো তেওঁৰ উল্লেখ আছে। তেওঁক নাগসকলৰ ৰজা বুলি বৰ্ণনা কৰা হৈছে। চীন আৰু জাপানৰ পৌৰাণিক কাহিনীত তক্ষকক "আঠজন শ্ৰেষ্ঠ অজগৰ ৰজা"ৰ ভিতৰত অন্যতম বুলিও জনা যায়।
-
ত্ৰিত্ব মঠ, চেৰ্নিহিভ
ত্ৰিত্ব মঠ (Trinity Monastery, Chernihiv) উত্তৰ-পূব ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা প্ৰাক্তন অৰ্থডক্স অৰ্থডক্স খ্ৰীষ্টান মঠ।
-
দৌল গোবিন্দ মন্দিৰ
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে।
-
নাইক্স
নাইক্স (Nyx) হৈছে গ্ৰীকসকলৰ নিশাৰ দেৱী। এক ছায়াময় চিত্ৰ, নাইক্স সৃষ্টিৰ আৰম্ভণিতে ইৰেবাছৰ (অন্ধকাৰ) সৈতে লগ হৈ হিপ্নোছ (টোপনি) আৰু থানাটোছৰ (মৃত্যু) দৰে আন আদি-দেৱতাসকলৰ জন্ম দিছিল।
-
নীল
নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল আছিল দেৱতা অগ্নিৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা…