অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অঙ্গদ

অংগদ বা অঙ্গদ (अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অংগদ বা অঙ্গদ (अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।১

জীৱন

অংগদ শক্তিশালী বান্দৰ ৰজা বালি আৰু তেওঁৰ পত্নী তাৰাৰ পুত্ৰ আৰু সুগ্ৰীৱৰ ভতিজা আছিল। ৰাম আৰু সুগ্ৰীৱৰ দ্বাৰা বালিৰ বধৰ পিছত তেওঁ লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামৰ সৈন্য দলত অংশগ্ৰহণ কৰে।

সুগ্ৰীৱে ৰামক তেওঁৰ পত্নীক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ পিছত অঙ্গদ আৰু তাৰাই ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক সুগ্ৰীৱৰ সৈতে মিলামিছা কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে একেলগে সুগ্ৰীৱক ৰামৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিক সন্মান কৰিবলৈ সৈমান কৰিবলৈ সক্ষম হয়। ২ সুগ্ৰীৱে তেতিয়া ৰামক সহায় কৰিবলৈ বান্দৰৰ ব্যৱস্থা কৰে আৰু বান্দৰ সৈন্যৰ আয়োজন কৰে যি ৰাৱণৰ পৈশাচিক যোদ্ধাৰ সৈতে যুঁজ দিব। অঙ্গদে হনুমান আৰু জাম্বৱন্তক লৈ গঠিত নিৰ্দিষ্ট অনুসন্ধান দলটোৰ নেতৃত্ব দিছিল আৰু ৰামৰ পত্নী সীতাক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল।৩

সংঘটিত ৰামায়ণৰ যুদ্ধত অঙ্গদে লংকাৰ বহুতো মহান যোদ্ধাক হত্যা কৰ কৰিবলৈ সক্ষম হয়, সেইসমূহৰ ভিতৰত আছে ৰাৱণৰ পুত্ৰ নৰান্তক আৰু ৰাৱণৰ সেনাৰ মুখ্য সেনাপতি মহাপৰ্শ।৪

অঙ্গদ বান্দৰ মৈণ্ডৰ জ্যেষ্ঠ কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, আৰু তেওঁৰ ধ্ৰুৱ নামৰ এজন পুত্ৰ সন্তান জন্ম হয়।৫

তথ্যসূত্ৰ

  1. ↑ Who was Angad? What is Angad's role in Ramayana?. www.timesnownews.com
  2. ↑ Narayan, R. K. (2006-08-29). The Ramayana: A Shortened Modern Prose Version of the Indian Epic. Penguin. ISBN 978-1-4406-2327-1
  3. ↑ Subramaniam, Neela. (2005). Ramayana for Children. Sura Books. ISBN 978-81-7478-489-6
  4. ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
  5. ↑ www.wisdomlib.org/definition/angada

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঙ্গদ” প্ৰবন্ধৰ সংশোধন ৫৩০৩৫৯ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।