অম্বিকা সাধাৰণত আদি শক্তি বা পৰশীবমৰ সহশক্তিৰ নাম। এই গৰাকী দেৱীৰ আঠখন হাত আছে, আৰু সেই হাতত একাধিক অস্ত্ৰ আছে। তেওঁ ভগৱতী বা চণ্ডী নামেৰেও পৰিচিত। তেওঁ নিজেই আদি শক্তি তথা বিশ্বজগতৰ মা বুলি পৰিচিত আৰু সমস্ত প্ৰাণী বুলিও বিবেচিত, আৰু ইয়ে "অম্বিকা" নামৰ অৰ্থ। তেওঁ স্কন্দ পুৰাণত দেৱী তথা দেৱী মহামাময়া বুলি জনা যায় যি পাৰ্বতীৰ দেহৰ পৰা আবিৰ্ভাৱ হৈছিল। তেওঁ সম্ভ আৰু নিসম্ভ নামৰ দুটা ৰাক্ষসক হত্যা কৰিছিল। তেওঁ অম্বা, দুৰ্গা, ভগৱতী, পাৰ্বতী, ভবানী, অম্বে মা, শেৰাৱালি, মাতাৰাণী ইত্যাদি নামেৰেও চিহ্নিত।১
অম্বিকাৰ বিভিন্ন অৱতাৰ আৰু ৰূপ
শ্ৰীমদ্ দেৱী ভাগৱত মতে অম্বিকা হ'ল অন্যান্য সমস্ত দেৱদেৱীৰ প্ৰান্তিক পূৰ্বসূৰি। তেওঁক বহু ৰূপ তথা নামেৰে উপাসনা কৰা হয়। তেওঁৰ অৱতাৰ তেওঁৰ মানসিক অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে:
- সতী অম্বিকাৰ এটি ৰূপ, যি ভগৱান শিৱৰ প্ৰথম স্ত্ৰী, তেওঁ নিজকে বিস্মৃত কৰিছিল। তেওঁ দক্ষিণায়িনী নামেও পৰিচিত।
- ভদ্ৰকালী অম্বিকাৰ অন্যতম উগ্ৰ ৰূপ। তেওঁ দক্ষ প্ৰজাপতিৰ যজ্ঞ ধ্বংস কৰিছিল।
- পাৰ্বতী অম্বিকাৰ কোমল ৰূপ, তেওঁ গৌৰী আৰু উমা নামেও পৰিচিত। তেওঁ ভগৱান শিবৰ স্ত্ৰী। মহাদেৱক পতিৰূপে পাবৰ বাবে পাৰ্বতীয়ে ঘোৰ তপস্যা কৰিছিল। পূৰ্বজন্মত পাৰ্বতী দক্ষ প্ৰজাপতিৰ জীয়ৰী আছিল আৰু সেইজন্মতো তেওঁ ভগৱান শিৱৰ পত্নী আছিল। পাৰ্বতী হিন্দু ত্ৰিদেৱীসকলৰ মাজৰ এগৰাকী বুলিও সুপৰিচিত।
- দুৰ্গা অম্বিকাৰ এটি ৰাক্ষস-যুদ্ধৰ ৰূপ। কিছুমান গ্ৰন্থত দেখা যায় যে, অম্বিকাই দুৰ্গামাসুৰক বধ কৰাৰ বাবে দুৰ্গাৰ ৰূপ লৈছিল। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি।
- কালী হ'ল অম্বিকাৰ আন এটি হিংস্ৰ ৰূপ। সময় আৰু পৰিৱৰ্তনৰ দেৱী হিচাপে পৌৰাণিক ধৰ্মীয় উৎস নিৰীতিত উল্লেখ আছে।অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস। লগতে তান্ত্ৰিক শৈৱৰ এটা ভাগ কুলমাৰ্গৰ চাৰিটা বিভাগৰ এটা।২ সময়ৰ লগে লগে কালীক পূজা-পাৰ্ৱণত বা আন তন্ত্ৰ শাখাসমূহত দৈৱিক মা, বিশ্বব্ৰহ্মাণ্ডৰ মা, আদি শক্তি বা আদি পৰাশক্তি আদি নামেৰে অভিহিত কৰা হয়।৩৪৫
- চণ্ডী হ'ল দুৰ্গা, তেওঁ অম্বিকাৰ শক্তি হিচাপে বিবেচিত; তেওঁ ক'লা বৰণৰ আৰু সিংহৰ বাহনত বিৰাজমান। তেওঁ মহিষাসুৰৰ হত্যা কৰিছিল।
- দশ মহাবিদ্যা হ'ল শক্তিৰ দশম অৱতাৰ। তন্ত্ৰ শাস্ত্ৰত অম্বিকাৰ প্ৰতিটো ৰূপৰ গুৰুত্ব লাভ কৰিছে।
৫২ খন শক্তি পীঠে নিৰ্দেশ কৰে যে সমস্ত দেৱ-দলদেৱীৰে আদি ৰূপ অম্বিকা।
- নৱদুৰ্গা, দেৱী দুৰ্গাৰ নৱম ৰূপ আৰু তেৱেঁই অম্বিকা। ১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী। এই কেইগৰাকীক একেলগে নৱদুৰ্গা বুলিও কোৱা হয়।
- মীনাক্ষী হৈছে চকুৰ দৰে মাছৰ আকাৰৰ দেৱী।
- কামাক্ষী, প্ৰেম আৰু নিষ্ঠাৰ দেৱী।
- ললিতা, মহাবিশ্বৰ লীলা-খেলাৰ দেৱী; তেওঁ দেৱী অম্বিকাৰ এক ৰূপ।
- ভাৰতৰ উপকূলীয় অঞ্চলত বিৰাজমান হৈ থকা দেৱী অলখেশ্বৰী পানীৰ সৈতে সম্পৰ্কীত দেৱী।৬
- অন্নপূৰ্ণা হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী।৭ হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱান প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয়। ধৰ্মীয় গ্ৰন্থসমূহত অন্নপূৰ্ণা দেৱীক চন্দ্ৰমাৰ দৰে গোল মুখ, তিনিটা চকু আৰু চাৰিখন হাতেৰে সৈতে এগৰাকী কম বয়সীয়া দেৱীৰূপে বৰ্ণনা কৰা হৈছে। তলফালৰ বাওঁহাতখনত সুস্বাদু খাদ্যৰে ভৰপূৰ এটা কলহ আৰু সোঁহাতখনত এখন ডাঙৰ হেতা আছে।
- ৬৪ যোগিনী হ'ল দেৱী অম্বিকাৰ ৬৪ নং ৰূপ বা অৱতাৰ।
তথ্যসূত্ৰ
- ↑ Dalal, Roshen. (2010). Ambika. The Religions of India: A Concise Guide to Nine Major Faiths. Penguin Books. পৃ. 18. ISBN 9780143415176
- ↑ Sanderson, Alexis. "The Śaiva Literature." Journal of Indological Studies (Kyoto), Nos. 24 & 25 (2012–2013), 2014, pp. 63–64
- ↑ Hawley (1982), p. 152
- ↑ Harding (1993), p. xxv
- ↑ McDaniel (2004), p. 5
- ↑ Subhash C Biswas, India the Land of Gods,, pp 331–332
- ↑ Wil(সংস্কৃত ভাষা: अन्नपूर्णा, IAST: Annapūrṇa, lit. filled with or possessed of food)liams, Monier. Monier-Williams Sanskrit-English Dictionary. faculty.washington.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকা” প্ৰবন্ধৰ সংশোধন ৪৩৬৫৬৯ (১০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।