অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অন্নপ্ৰাশন

অন্নপ্ৰাশন (अन्नप्राशन, ) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাশনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"। সাধাৰণতে শিশুক ছয়মাহলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়।

হালনাগাদ: ৮ মে’ ২০২৫ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অন্নপ্ৰাশন (अन्नप्राशन, ) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাশনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।১ সাধাৰণতে শিশুক ছয়মাহলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুওৱাৰ আৰম্ভণিতে অন্নপ্ৰাশন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাশন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰসমূহে ক্ৰমে গুৰুত্ব হেৰুৱালেও অন্নপ্ৰাশন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।১

নামৰ উৎপত্তি

সংস্কৃত ভাষাৰ অন্নপ্ৰাশন শব্দটো অন্ন আৰু প্ৰাশন এই দুটা শব্দ মিলি সৃষ্টি হৈছে। অন্ন মানে খাদ্য বা সিজোৱা চাউল আৰু প্ৰাশন মানে খুৱাই দিয়া।২৩৪ এই অনুষ্ঠানক "প্ৰথম খাদ্য খুৱাইদিয়া"ৰ উৎসৱ হিচাপে পালন কৰা হয়।৫১

কাৰ্যসূচী

অন্নপ্ৰাশনৰ নৈৱেদ্য
অন্নপ্ৰাশনৰ নৈৱেদ্যছবি: Jean-Etienne Minh-Duy Poirrier from Bruxelles, Belgium · CC BY-SA 2.0

অন্নপ্ৰাশন সাধাৰণতে পুৰোহিতৰ পৰামৰ্শমতে উদ্‌যাপন কৰা হয়। পুৰোহিতে দিন বাৰ চাই শুভ মুহূৰ্ত নিৰ্ণয় কৰাৰ পিছত বিশেষ দিনটোত অন্নপ্ৰাশন পালন কৰা হয়।

অন্নপ্ৰাশন শিশুৰ ছয়ৰ পৰা আঠ মাহ সময়ত অনুষ্ঠিত কৰা হয়। ল’ৰাৰ বাবে যুগ্ম মাহত আৰু ছোৱালীৰ বাবে অযুগ্ম মাহত অন্নপ্ৰাশন পাতে। শিশুৰ দাঁত গজিবলৈ আৰম্ভ হওঁতে এই অনুষ্ঠান আয়োজিত কৰা নিয়ম।৬ অন্নপ্ৰাশনত পৰিয়ালৰ সকলো সদস্য, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ কৰি উদ্‌যাপন কৰা হয়।

কিছুমানে অন্নপ্ৰাশনৰ পিছত মামাভাত নামৰ অনুষ্ঠান পালন কৰে। মামাভাতত শিশুৰ মোমায়েকৰ ঘৰত ভাত খুৱাই দিয়াৰ নিয়ম। অন্নপ্ৰাশনৰ ঠিক পিছতেই মামাভাত অনুষ্ঠিত কৰা হয়। ইয়াৰ কাৰণ হৈছে অন্নপ্ৰাশন আৰু মামাভাতৰ পাছতহে শিশুৱে গোটা অহাৰ গ্ৰহণ কৰিব পাৰে।

বিশেষ ব্যৱস্থা

অন্নপ্ৰাশনত সোণ-ৰূপৰ উপকৰণৰ বিশেষ মহত্ব আছে। শিশুক খুৱাবলৈ ব্যৱহাৰ কৰা চামুচ আদি ৰূপৰ হ’লে ভাল। সেইদৰে চাউল বা চুজিৰ ক্ষীৰ, মৌ, ঘিউ, তুলসী আৰু গংগাজল আদি তৈয়াৰ ৰখা হয়।

মাংগলিক বিধি

অন্নপ্ৰাশনত মংগলচাৰণৰ পৰা ৰক্ষাবিধানলৈকে একাদিক্ৰমে সকলো ৰীতি পালন কৰা হয়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল:

  1. পাত্ৰপূজন
  2. অন্ন সংস্কাৰ
  3. বিশেষ আহুতি
  4. ক্ষীৰ প্ৰাসন

বৈজ্ঞানিক কাৰণ

শিশুৰ ৬ মাহ বয়সলৈ একমাত্ৰ মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰশীল। ৬ মাহ বয়সৰ পিচতে শিশুক সহজে হজম হ’ব পৰা তৰল আহাৰৰ প্ৰয়োজন হয়। বহুতে লুঠুৰি বা ভিটামিন আৰু প্ৰটিন যুক্ত কৃত্ৰিম আহাৰ খুওৱা দেখা যায়। অৱশ্যে এনে বয়সত শিশুটিয়ে হাত ভৰিৰে খেলিব পৰা হোৱা বাবে অতিৰিক্ত পোষক আহাৰৰ প্ৰয়োজন হয়। এনে শিশুক ৰসাল ফল, গোটা বা ফলা মুগ ভিজোৱা পানী, শাক পাচলি সিজোৱা পানী, পনীয়াকৈ নাৰিকলৰ গাখীৰ আদি খুৱাব লাগে। মাকৰ গাখীৰ খোৱাৰ উপৰি ক্ৰম অনুসৰি খুউৱা এনেবোৰ সুষম আহাৰে শিশুটিৰ পুষ্টিসাধন কৰে। অন্নপ্ৰাশনৰ পাছত এবছৰ নোহোৱালৈ নাইবা ভালদৰে দাঁত নগজালৈ সহজে হজম হ’ব পৰা শিশুৰ ৰুচিসন্মত নৰম বা তৰল আহাৰ, পাচলি মিহলোৱা খিচিৰি আদি খুওৱাটো ভাল। আজি কালি সচেতন মাক-বাপেকে শিশুৰ খাদ্যৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।

চৰকাৰী আঁচনি

অসম চৰকাৰে প্ৰথম আহাৰ দিৱস বা অন্নপ্ৰাশন নামৰ এক আঁচনি উলিয়াইছে। শিশুক অপুষ্টিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আৰু শিশুৰ সঠিক বিকাশৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে শিশুক ৬ মাহ অতিক্ৰম কৰাৰ পাছত পৰিপূৰক খাদ্য খুউওৱা কাৰ্য্যৰ প্ৰচাৰৰ বাবে অসমৰ কিছুমান বাচনি কৰা জিলাত প্ৰথম আহাৰ দিৱস উদ্‌যাপন কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lochfeld, James G. (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃ. 43–44. ISBN 9780823931798
  2. ↑ spokensanskrit.org "Anna" spokensanskrit.org/index.php?mode=3&script=h
  3. ↑ spokensanskrit.org "Rice" spokensanskrit.org/index.php?mode=3&script=h
  4. ↑ spokensanskrit.org "Prasana" spokensanskrit.org/index.php?mode=3&script=h
  5. ↑ Manu smṛti
  6. ↑ Pandit, Bansi. (2005). Explore Hinduism. Heart of Albion. পৃ. 128. ISBN 9781872883816

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নপ্ৰাশন” প্ৰবন্ধৰ সংশোধন ৫০৭০২৫ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।