কান্দুৰা বলিন স্মিথ (১৯ শতিকা) নগাঁৱৰ লোক। একেতৰ দেউতাক কণা আছিল আৰু ভিক্ষা কৰি পেট প্ৰৱৰ্তাইছিল। ১৮৪৮ চনত নগাঁৱত থকা শ্ৰীমতী ষ্টোডাৰ্ড নামৰ এগৰাকী মহিলাৰ উদ্যোগত নগাঁৱৰ 'মাউৰা শিশুৰ বিদ্যালয়'ত ভৰ্তি হয়। ইয়াতে মাইলছ ব্ৰনছনৰ তত্বাৱধানত ইংৰাজী আৰু অসমীয়াৰ শিক্ষা লয় আৰু খৃষ্টান ধৰ্মৰো শিক্ষা গ্ৰহন কৰে। ১৯০৫ চনত খৃষ্টান ধৰ্মত দীক্ষিত হৈ বলিন স্মিথ নাম লয়। ১৮৫৭ চনত চৰকাৰী চাকৰিত যোগদান কৰি গুৱাহাটীলৈ যায়। কিন্তু ব্ৰনছনৰ অনুৰোধত চাকৰি এৰি অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ কামত লাগে। ১৮৮৭ চনত গুৱাহাটী বেপ্তিষ্ট মিছনেৰী গীৰ্জাৰ এগৰাকী মুখ্য সংগঠন আছিল। অসমীয়াত তুতি গীত ৰচনা কৰিছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৪৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্দুৰা বলিন স্মিথ” প্ৰবন্ধৰ সংশোধন ১১৩৮১০ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।