ডা° কিৰণময়ী তামূলী (Kironmoyee Tamuli; ১৯৫২-২০২১) এগৰাকী চিকিৎসক আৰু শিশু সাহিত্যিক আছিল। শিশু আলোচনী মৌচাক আৰু নতুন আৱিষ্কাৰৰ লগত বিশেষভাৱে জড়িত।
সংক্ষিপ্ত জীৱনী
ডা° কিৰণময়ী তামূলীৰ ১৯৫২ চনৰ ২৯ নৱেম্বৰত জন্ম হৈছিল। পিতৃৰ নাম গোলোকচন্দ্ৰ দাস আৰু মাতৃৰ নাম ফুলেশ্বৰী দাস।১ ১৯৭৭ চনত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি যোৰহাটৰ মিছন হস্পিতেলত যোগদান কৰে। ১৯৮০ চনত আঞ্চলিক গৱেষণাগাৰত (বৰ্তমান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান) চিকিৎসকৰূপে যোগদান কৰি চিকিৎসা সেৱাত ব্ৰতী হৈ ২০১২ চনত বিভাগীয় মুৰব্বী ৰূপে অৱসৰ গ্ৰহণ কৰে। ২০২১ চনৰ ৯ অক্টোবৰত তেওঁৰ বিয়োগ ঘটে।১
সাহিত্যকৃতি
কিৰণ তামূলী নামেৰে তেওঁ বিশেষকৈ শিশুসকলৰ মাজত জনপ্ৰিয় আছিল। শিশু আলোচনী মৌচাক আৰু নতুন আৱিষ্কাৰত ডাক্তৰ পেহী নামেৰে অতি সৰল ভাষাত বিভিন্ন ৰোগ সম্পৰ্কে শিশুৰ বাবে লিখিছিল। তেওঁৰ লেখাসমূহ জনা-নজনা ৰোগৰ কথা নামেৰে ২০০২ চনত প্ৰকাশ পায়। তেওঁৰ শিশু উপন্যাস অপৰাজেয় (২০০৪) আৰু শহা আৰু কাছৰ দৌৰ (২০১০) নামৰ কিতাপ দুখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া ই প্ৰকাশ কৰিছিল। অপৰাজেয় উপন্যাসখন হিন্দী ভাষালৈ আৰু শহা আৰু কাছৰ দৌৰ (২০১০) কিতাপখনৰ হিন্দী আৰু ইংৰাজী অনুবাদ নেশ্যনেল বুকট্ৰাষ্টে প্ৰকাশ কৰিছে আৰু দুয়োখন শিশু-সাহিত্যৰ একাধিক সংস্কৰণেৰে দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে।১ তেওঁ লণ্ডন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মালয়েছিয়াত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ আৰু বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰিত হৈছিল। ১৯৯৯ চনৰ এপ্ৰিল মাহত লণ্ডন আৰু স্কটলেণ্ড ভ্ৰমণৰ অভিজ্ঞতাৰে লিখা টেমছৰ দুয়োপাৰ (২০০২) আৰু ২০০৩ চনত আমেৰিকা ভ্ৰমণত লাভ কৰা অভিজ্ঞতাৰে লিখা আমেৰিকা আমেৰিকা (২০০৬) প্ৰকাশ হয়।
কিৰণ তামূলী শিশু সাহিত্য ন্যাস
অসমীয়া শিশু-সাহিত্যৰ সৃষ্টি, চৰ্চা আৰু উত্তৰণৰ উদ্দেশ্যে তেওঁৰ সোঁৱৰণত কিৰণ তামোলী শিশু-সাহিত্য ন্যাসৰ জন্ম হয়। ন্যাসে ২০২১ চনৰ ২৪-২৬ ডিচেম্বৰত যোৰহাটত শিশু-সাহিত্যৰ এখন কৰ্মশালা অনুষ্ঠিত কৰিছিল। ন্যাসে শিশু সাহিত্যৰ ক্ষেত্ৰখনৰ উৎকৰ্ষৰ বাবে প্ৰতিবছৰে কিৰণ তামূলী শিশু-সাহিত্য বঁটা প্ৰদান কৰিছে। ২০২২ বৰ্ষৰ বঁটাপ্ৰাপক সকল হ’ল-
- শিশু সাহিত্য বঁটা- জোনমণি দাস;
- শিশু-সাহিত্য পৰ্য্যালোচনা বঁটা- ড° নয়নমণি বৰুৱা;
- শিশু-সাহিত্য অলংকৰণ বঁটা- নৱ প্ৰতিম দাস;
- শিশু-সাহিত্য প্ৰকাশন বঁটা- পুথিতীৰ্থ প্ৰকাশন
২০২৩ বৰ্ষৰ বঁটাপ্ৰাপক সকল হ’ল-
- শিশু সাহিত্য বঁটা- আকাশদীপ্ত ঠাকুৰ
- শিশু সাহিত্য পৰ্যালোচনা বঁটা- ড৹ বৰ্ণালী বড়া
২০২৪ বৰ্ষৰ বঁটাপ্ৰাপক
- শিশু সাহিত্য পৰ্যালোচনা বঁটা- ববিতা শৰ্মা
- সৃষ্টিমূলক মৌলিক শিশু গ্ৰন্থ, অলংকৰণ আৰু প্ৰকাশন বঁটাৰ বাবে মানবিশিষ্ট গ্ৰন্থৰ প্ৰবিষ্টি নোপোৱাৰ বাবে এই তিনিটা শিতানত বঁটা ঘোষণা কৰিব পৰা নগ'ল।
২০২৫ বৰ্ষৰ বঁটা প্ৰাপ্তসকল হ’ল-
- শিশু-সাহিত্য বঁটা- শ্রীসুব্রত কুমাৰ দত্ত
- শিশু-সাহিত্য পর্যালোচনা বঁটা-ড° ডালিমা কাকতি
- শিশু-সাহিত্য অলংকৰণ বঁটা-ড° সঞ্জীৱ বৰা
- শিশু-সাহিত্য প্রকাশন বঁটা-বনলতা,গুৱাহাটী
২০২২ চনৰ ৪ ডিচেম্বৰত অসম প্ৰকাশন পৰিষদৰ যোৰহাট গ্ৰন্থমেলাত প্ৰদান কৰা এই বঁটাত আছে প্ৰতিগৰাকীলৈ পঁচিশ হাজাৰ টকা, স্মাৰক আৰু প্ৰশস্তি পত্ৰ।২৩
তথ্যসূত্ৰ
- ↑ প্ৰশান্ত কুমাৰ মহন্ত. (২০২১). থৈ গ’ল অকণিহঁতলৈ অমিয়া লেখনি. মৌচাক. পৃ. ৫-৮
- ↑ (আমাৰ অসম, ৫ ডিচেম্বৰ, ২০২২). শিশুৰ কলৰবেৰে মুখৰ অসম গ্ৰন্থমেলা কিৰণ তামূলী শিশু সাহিত্য বঁটা প্ৰদান. জিএল পাব্লিকেশ্যন লিমিটেড
- ↑ Kiran Tamuly Awards for Children Declared. Sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণময়ী তামূলী” প্ৰবন্ধৰ সংশোধন ৫৫৭৯২২ (২৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।