অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুইণ্টিলিয়া

কুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমাইম নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ কেলিগোলাৰ শাসনকালত এজনী খ্যাতনামা সুন্দৰী আছিল। তেওঁ চেনেটৰ পম্পেদিয়ুচৰ প্ৰেমিকা আছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমাইম নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল।১

তেওঁ কেলিগোলাৰ শাসনকালত এজনী খ্যাতনামা সুন্দৰী আছিল। তেওঁ চেনেটৰ পম্পেদিয়ুচৰ প্ৰেমিকা আছিল।২ কিন্তু পম্পেদিয়ুচৰ প্ৰতিদ্বন্দ্বী চেনেটৰ টিমিডিয়ুচে কেলিগুলালৈ অভিযোগ উত্থাপন কৰিছিল যে কুইণ্টিলিয়াই কেলিগুলাৰ বিৰুদ্ধে চলা এটা ষড়যন্ত্ৰৰ বিষয়ে জানিছিল।৩

এই অভিযোগৰ ফলত কেলিগুলাই কুইণ্টিলিয়াক বন্দী কৰি কঠোৰভাৱে নিৰ্যাতন কৰিছিল। জোছেফুছৰ মতে, তেওঁক নিৰ্যাতন কৰিছিল কাছিয়ুছ খেৰেয়াই, যিজনে পাছত কেলিগুলাৰ হত্যা পৰিকল্পনা কৰিছিল।৪ কিন্তু কুইণ্টিলিয়াই একো স্বীকাৰ কৰা নাছিল, আৰু অৱশেষত কেলিগুলাই তেওঁক মুক্ত কৰি অৰ্থনৈতিক ক্ষতিপূৰণ প্ৰদান কৰিছিল।১

তেওঁৰ পম্পেদিয়ুচৰ প্ৰতি আনুগত্য জোছেফুছ আৰু চুৱেটোনিয়াছে প্ৰশংসা কৰিছিল। প্ৰাচীন ৰোমত মঞ্চ শিল্পীসকলৰ সমাজত নিম্ন স্থান থাকিলেও, কুইণ্টিলিয়াক এটা আদৰ্শ হিচাপে গণ্য কৰা হৈছিল, যি এক অপৰিসীম ঘটনা।৫

তথ্যসূত্ৰ

  1. ↑ Fratantuono, Lee. (2018-03-30). Caligula: An Unexpected General. Pen and Sword. ISBN 978-1-5267-1122-9
  2. ↑ Sheldon, Rose Mary. (2023-06-14). Kill Caesar!: Assassination in the Early Roman Empire. Rowman & Littlefield. ISBN 978-1-5381-1489-6
  3. ↑ Winterling, Aloys. (2015-09-15). Caligula: A Biography. Univ of California Press. ISBN 978-0-520-28759-4
  4. ↑ Sewell, Jan; Smout, Clare. (2020-04-29). The Palgrave Handbook of the History of Women on Stage. Springer Nature. ISBN 978-3-030-23828-5
  5. ↑ Jan Sewell, Clare Smout, The Palgrave Handbook of the History of Women on Stage

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন অভিনেত্ৰীনৃত্যশিল্পীঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইণ্টিলিয়া” প্ৰবন্ধৰ সংশোধন ৫০০২৬৭ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।