কিশোৰ জেনা (Kishore Jena; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৯৫) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ জেভেলিন থ্ৰ' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
প্ৰাথমিক জীৱন
তেওঁৰ ঘৰ ওড়িশাৰ পুৰী জিলাৰ কোথাছাহি গাঁৱত।১
কেৰিয়াৰ
২০২৩ চন
২০২৩ চনৰ জুন মাহত জেনাই ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।২ ২০২৩ চনৰ ৩০ জুলাইত তেওঁৰ শ্ৰীলংকাৰ দিয়াগামাত ৮৪.৩৮ মিটাৰ দূৰত্বৰ থ্ৰ' প্ৰতিযোগিতাখনৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ' হিচাপে পঞ্জীয়ন ভুক্ত হয়।৩
জেনাই তেওঁৰ ৮৪.৭৭ মিটাৰৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ' ২০২৩ চনৰ আগষ্ট মাহত বুডাপেষ্টত অনুষ্ঠিত হোৱা ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। কৰ্তৃপক্ষৰ পৰা ভিছাৰ অনুমোদন লাভৰ আৰম্ভণিৰ অসুবিধাসমূহ অতিক্ৰম কৰি তেওঁ এই প্ৰতিযোগিতাত ৫ম স্থান দখল কৰে।৪৫
২০২৩ চনৰ ৪ অক্টোবৰত তেওঁ ২০২২ চনৰ হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত ৮৭.৫৪ মিটাৰৰ ব্যক্তিগত অভিলেখ সৃষ্টিৰে ৰূপৰ পদক লাভ কৰে।৬
তথ্যসূত্ৰ
- ↑ Pradhan, Hemanta. (August 19, 2023). Javelin thrower Kishore Jena hopeful for good performance in World Athletics Championships. Times of India
- ↑ (18 August 2023). Javelin thrower Kishore Jena gets Hungarian visa, will compete at World Championships. Deccan Herald
- ↑ Srivastava, Shantanu. (August 4, 2023). Worlds on his mind, Kishore Kumar Jena aims to prolong dream run. Hindustan Times
- ↑ (2023-08-18). Javelin thrower Kishore Jena gets Hungarian visa, vows to give his best at World Championships. The Times of India
- ↑ (2 August 2023). Four Indian javelin throwers qualify for World Cships but not all going as one is injured. devdiacourse''
- ↑ Vasudevan, Shyam. (4 October 2023). With one throw Kishore Jena won silver medal, Olympics berth and national recognition. ESPN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিশোৰ জেনা” প্ৰবন্ধৰ সংশোধন ৪২৫৮০০ (১৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।