কমলা দেৱী পটলে (Kamla Devi Patle, জন্ম ৫ মে' ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি৷ ছত্তীশগড় ৰাজ্যৰ জাঞ্জগীৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি তেওঁ সংসদৰ সদস্য আছিল।১২ ২০০৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ড° শিৱকুমাৰ দহৰিয়াক ৮৭,২১১ টা ভোটত পৰাস্ত কৰি তেওঁ ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ ২০১৪ চনত পুনৰ তেওঁ ১৬ নং লোকসভালৈ নিৰ্বাচিত হয়। তেওঁৰ পিতৃ বেদৰাম ক্ষেত্ৰীয় আৰু মাতৃ প্ৰক্ষামতী৷ ১৯৮২ চনত ইন্দ্ৰভূষণ পটলেৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ দুগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে৷ তেওঁ কৃষিৰ লগতো জড়িত৷৩
তথ্যসূত্ৰ
- ↑ Profile. Government of India
- ↑ Kamla Devi Patle. www.prsindia.org
- ↑ 16th Lok Sabha Election Results 2014, States Wise and Party Wise
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা দেৱী পটলে” প্ৰবন্ধৰ সংশোধন ৪৭৭৬৬৪ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।