কিৰিত প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মন বাহাদুৰ (Kirit Pradyot Manikya Deb Barman Bahadur) এগৰাকী ভাৰতীয় ৰাজনীতিক। বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ পৰিয়ালৰ মুখীয়াল আৰু ১৮৬ তম ৰজা (নামধাৰী)। তেওঁ দিল্লীত জন্ম হৈছিল, আৰু বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ বাসিন্দা। তেওঁ দ্য নৰ্থইষ্ট টুডে' (TNT-The Northeast Today) নামৰ বাৰ্তালোচনীখনৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিয়'নেল এলায়েন্স (চমুকৈ TIPRA)-ৰ অধ্যক্ষ। ১২
পদবী
প্ৰদ্যুৎ মাণিক্যই বৰ্তমান আৰু পূৰ্বতে কাৰ্যনিৰ্বাহ কৰা পদবীসমূহ হৈছে:৩
- অধ্যক্ষ, ক্লাব হে'ৰিটে'জ- ত্ৰিপুৰা কেছ'ল হোটেল
- ত্ৰিপুৰা ৰাজ পৰিয়ালৰ বৰ্তমানৰ মুখীয়াল
- অধ্যক্ষ, দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিয়'নেল এলায়েন্স, TIPRA
- উপদেষ্টা, নৰ্থ-ইষ্ট ষ্টুডেন্টছ কমিটি, দিল্লী
- উপদেষ্টা, নৰ্থ-ইষ্ট ৰিজিয়'নেল ডেভেল'পমেন্ট এছ'ছিয়েছন (NERDA)
- অধ্যক্ষ, ৰ'য়েল ত্ৰিপুৰা ফাউণ্ডেছন;৪
- সদস্য, কাৰ্যকৰী পৰিষদ, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয় (প্ৰাক্তন)
- সভাপতি, ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটি (প্ৰাক্তন)
- সাধাৰণ সম্পাদক, ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটি (প্ৰাক্তন)
ৰাজনীতি, সংবাদ মাধ্যম আৰু ক্ৰীড়া
প্ৰদ্যুৎ দেৱ বৰ্মনে দ্য নৰ্থইষ্ট টুডে' নামৰ বাৰ্তালোচনীখন আৰম্ভ কৰিছিল। আলোচনীখন মূলতঃ উত্তৰ-পূব ভাৰতৰ পাঠকসকলৰ উদ্দেশ্যে প্ৰচাৰিত হৈছিল। ১ ইয়াৰ পাঠকৰ সংখ্যা প্ৰায় ১,০০০,০০০ আছিল বুলি জনা যায়। তেওঁ দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিয়'নেল এলায়েন্স (TIPRA) নামৰ আঞ্চলিক ৰাজনৈতিক মঞ্চত অধিক মনোনিৱেশ কৰাৰ উদ্দেশ্যেৰে ২০১৯ চনৰ নৱেম্বৰ মাহত আলোচনীখনৰ সম্পাদক পদ ত্যাগ কৰাৰ লগ্গতে ইয়াৰ ব্যৱস্থাপনাও বিক্ৰী কৰে। তেওঁ সেনাবাহিনীৰ বিশেষ অধিকাৰ আইন (AFSPA)-ৰ এজন সৰৱ সমালোচক। তেওঁ এগৰাকী সুবক্তাও আৰু বিভিন্ন বিশ্ববিদ্যালয়ত নিজৰ বক্তৃতা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰদান কৰা বক্তৃতা উল্লেখনীয়। ৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Datta, Sekhar. (30 May 2006). Tripura scion follows in mom's footsteps - Royal foray into politics. The Telegraph
- ↑ A royal suitable boy looks for a suitable girl. The Telegraph
- ↑ Archived copy
- ↑ Royal Tripura Foundation
- ↑ India’s North East on focus at Harvard. Theshillongtimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মন” প্ৰবন্ধৰ সংশোধন ৪৩৪০৯১ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।