কাৰ্লা জান ৱাকাৰ এগৰাকী আমেৰিকান ছোৱালী যাক টেক্সাছৰ ফোৰ্ট ৱৰ্থৰ বলিং এলি পাৰ্কিং লটৰ পৰা অপহৰণ কৰাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ১৯৭৪ তাৰিখে হত্যা কৰা হৈছিল। অপহৰণৰ তিনিদিন পিছত তেওঁৰ মৃতদেহ ফৰ্ট ৱৰ্থৰ পৰা মাত্ৰ ৩০ মিনিট দক্ষিণে এটা নৰ্দমা খাদত পোৱা গৈছিল।
হত্যাৰ গোচৰৰ ইতিহাস
অপহৰণ
১৯৭৪ চনৰ ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৱাকাৰে তেওঁৰ প্ৰেমিক ৰডনি ৰায়ৰ সৈতে ৱেষ্টাৰ্ণ হিলছ হাই স্কুলত এক নৃত্য অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত তেওঁৰ গাড়ীত বহিছিল। তেওঁলোকক দুজন অচিনাক্ত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল যিয়ে হঠাতে গাড়ীখনৰ দুৱাৰ খুলিছিল। ৰডনি ৰয়ক পিষ্টলেৰে আঘাত কৰি অচেতন কৰি পেলোৱা হৈছিল। ঘটনাটোৰ তেওঁৰ অন্তিম স্মৃতি আছিল যে ৱাকাৰক এজন অজ্ঞাত ব্যক্তিয়ে ধৰি লৈছিল আৰু তেওঁ সহায়ৰ বাবে চিঞৰি আছিল। জ্ঞান ঘূৰাই পোৱাৰ পিছত তেওঁ ৱাকাৰক ক'তো দেখা নাপালে। ঘটনাটোৰ পিছত, ৰডনিয়ে লগে লগে কাৰ্লা ৱাকাৰৰ ঘৰলৈ তাইৰ মাক-দেউতাকক জনাবলৈ গৈছিল।১২
তথ্যসূত্ৰ
- ↑ Podcast, Generation Why. Original suspect in 1974 kidnap, torture and murder of Fort Worth teen finally arrested 46-years later. Generation Why Podcast
- ↑ (2020-09-22). Police Make Arrest In Carla Walker Cold Case 46 Years After Her Tragic Murder. YourTango
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ২৮৩৮১০ (২৯ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।