অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কামাৰ ডাগাৰ

কামাৰ ডাগাৰ: Qamar Dagar এগৰাকী ভাৰতীয় কেলিগ্ৰাফাৰ। তেওঁ ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। ২০১৬ চনত ভাৰতৰ মহিলাৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কামাৰ ডাগাৰ: Qamar Dagar এগৰাকী ভাৰতীয় কেলিগ্ৰাফাৰ। তেওঁ ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। ২০১৬ চনত ভাৰতৰ মহিলাৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শাস্ত্ৰীয় ধ্ৰুপদ সংগীতজ্ঞ পৰিয়ালত নতুন দিল্লীত ডাগৰৰ জন্ম হৈছিল।১২তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।২ তেওঁ কেলিগ্ৰাফাৰ হাছান মাছৌদি আৰু মহম্মদ এলবাজক গুৰু হিচাপে উল্লেখ কৰিছে।২

কেৰিয়াৰ

ডাগাৰ এগৰাকী পেছাদাৰী কেলিগ্ৰাফাৰ যিয়ে তেওঁৰ কামত বিমূৰ্ত চিত্ৰকল্প শৈলীবদ্ধ আৰু মনোমোহক ৰূপত ব্যৱহাৰ কৰে।৩ চিএনবিচি টিভি১৮ এ তেওঁক ভাৰতৰ "সৰ্বাধিক বিখ্যাত চিত্ৰকলা কেলিগ্ৰাফাৰ" বুলি অভিহিত কৰিছে।৪

ডাগাৰৰ একক প্ৰদৰ্শনী ভাৰত, ফ্ৰান্স আৰু আমেৰিকাত অনুষ্ঠিত হৈছে।৫৬ ২০১৯ চনত তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত গ্ৰুপ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।২৭

কেলিগ্ৰাফীৰ নিজা পেছাদাৰী ব্যৱহাৰৰ উপৰিও তেওঁ নিজৰ সংস্থা কালামকাৰী ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ জৰিয়তে ভাৰতত এই শিল্পৰূপটো সংৰক্ষণৰ কাম কৰিছে।৩১ শিল্পীসকলে তেওঁলোকৰ কামসমূহ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰিবলৈ আৰু কেলিগ্ৰাফীৰ কলাক জীয়াই ৰাখিবলৈ অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰিছিল।১ ডাগাৰে আন্তঃৰাষ্ট্ৰীয় কেলিগ্ৰাফী উৎসৱৰ আয়োজন কৰিছে।২ তেওঁৰ কেলিগ্ৰাফী কৰ্মশালাসমূহে ভাৰতলৈ পৰ্যটকৰ বাবে সাংস্কৃতিক আকৰ্ষণ হিচাপে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে।৪৮৯ স্কুলজে পৰিচালনা কৰা চেলিব্ৰিটি শ্ব'ৰ আয়োজক মিচেছ নিধি কুমাৰৰ সৈতে হোৱা ইন্টাৰেক্টিভ অধিবেশনৰ সময়ত তেওঁ শিশুসকলৰ সৈতে কেলিগ্ৰাফীৰ বিষয়েও জ্ঞান বিস্তাৰ কৰিছে।১০

বঁটা আৰু সন্মান

  • ২০১৬ চনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে তেওঁক ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ নাগৰিক বঁটা নাৰী শক্তিৰ সন্মান প্ৰদান কৰে।১১১২

তথ্যসূত্ৰ

  1. ↑ Parvez, Subuhi. (2012-03-01). Calligraphy: Reviving the dying art. Hindustan Times
  2. ↑ Banerjee, Sudeshna. (2019-03-24). Different strokes. The Asian Age
  3. ↑ Jones, Vivien; Pokharel, Sugam. (2020-04-01). Qamar Dagar, the woman fighting to keep India's calligraphy culture alive. CNN Travel
  4. ↑ (9 August 2019). Art: Learning calligraphy with Qamar Dagar. CNBC TV18
  5. ↑ Raghib, Qazi M. (2018-05-16). Qamar Dagar: Combining spirituality with calligraphy. National Herald
  6. ↑ (2014-05-12). Youngsters bring alive art of calligraphy. Business Standard
  7. ↑ Varghese, Shiny. (2019-02-12). Telling Strokes: An exhibition honours Mahatma Gandhi through handmade paper and calligraphy. The Indian Express
  8. ↑ (2019-06-26). 23 exclusive experiences at India's top hotels. Condé Nast Traveller India
  9. ↑ Hill, Bee. (8 March 2018). A Mindful Guide To Visiting India. Nylon
  10. ↑ Fish Tank-CALLIGRAPHY. Skoolz.in. Skoolz
  11. ↑ Nari Shakti Awardees- Ms. Qamar Dagar, Delhi · Ministry of Women & Child Development · GoI. Ministry of Women and Child Development
  12. ↑ (2017-03-09). आधुनिक भारत में लड़का-लड़की में भेदभाव की कोई जगह नहीं: राष्ट्रपति. Amar Ujala

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামাৰ ডাগাৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৫২৭ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।