অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাশ্মীৰৰ ৰেশ্মা

ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত। তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত।১২ তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

ৰেশ্মাৰ জন্ম শ্ৰীনগৰত হৈছিল। তেওঁৰ দুই গৰাকীকৈ ভনীয়েক আৰু ছয়জন গৰাকী ভাতৃ আছিল।১ তেওঁ ১১ বছৰ বয়সত গায়ন আৰু নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহৰ অনুভৱ কৰিছিল।৪ সৰুৰ পৰাই, তেওঁ লিংগ পৰিচয়ৰ বাবে অপমানৰ সন্মুখীন হৈছিল। ফলস্বৰূপে, তেওঁ পঞ্চম শ্ৰেণীৰ পিছতেই বিদ্যালয় এৰি দিয়ে আৰু তেওঁৰ ককাইদেৱৰ তত্ত্বাৱধানত এটা দৰ্জী দোকানত কাম কৰিবলৈ আৰম্ভ কৰে।১৪

জীৱন আৰু সংগীত ক্ৰিয়াকলাপ

২২ বছৰ বয়সত, এজন গ্ৰাহকৰ অনুৰোধ মৰ্মে গীত গাইছিল।১৪ এই পৰিস্থিতিৰ মাজতে, তেওঁ "ৰেশ্মা" নাম গ্ৰহণ কৰে।১ যদিও তেওঁৰ মাতৃয়ে গান গোৱা কাৰ্যকলাপক সমৰ্থন নকৰিলে, অৱশেষত ২০০১ চনত, তেওঁ নিজৰ ভাতৃৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানক লালন-পালন কৰিবলৈ গান গোৱাৰ সিদ্ধান্ত লয়।১

সমাজসেৱা

ৰেশ্মা কাশ্মীৰত লিঙ্গান্তৰিত ব্যক্তিসকলৰ অধিকাৰৰ বাবে সংগ্ৰামৰ অন্যতম মুখ আছিল।৫ ২০১১ চনত, তেওঁ আৰু আন লিঙ্গান্তৰিত অধিকাৰ কৰ্মীৰে এক "Intervention Plan"ৰ জৰিয়তে সমাজ কল্যাণ বিভাগক তত্‍পৰ কৰাৰ চেষ্টা কৰিছিল।৬

মিডিয়াত

২০২২ চনৰ এক তথ্যচিত্ৰ Trans Kashmir-ত ৰেশ্মাক অন্তৰ্ভুক্ত কৰা হৈছিল।৭

মৃত্যু

ৰেশ্মাই নৱেম্বৰ ২০২২ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত পৰলোক প্ৰাপ্ত হয়। তেওঁৰ সংগীত আৰু সমাজসেৱাই কাশ্মীৰৰ লিঙ্গান্তৰিত সমাজৰ বাবে এক অমূল্য অবদান হিচাপে ৰৈ গ’ল।৮

তথ্যসূত্ৰ

  1. ↑ Mateen, Zoya; Mohammad, Moazum. (17 November 2022). Reshma: The Kashmir trans icon who fought pain to bring joy to people. BBC News
  2. ↑ Manhotra, Dinesh. (6 November 2022). Who was singer Abdul Rashid; "Reshma of Kashmir" singer passes away (details). www.ibtimes.co.in
  3. ↑ A glimpse into the lives of transgender people in Kashmir. gal-dem.com
  4. ↑ (6 November 2022). Reshma: The story of resilience. The Kashmir Monitor
  5. ↑ Handa, Aakriti. (29 November 2022). Remembering Reshma: The Voice of Transgender People in Kashmir. TheQuint
  6. ↑ Zargar, Haris. (28 February 2020). Kashmir's invisible LGBTQIA+ community. New Frame
  7. ↑ (9 June 2022). 'Reshma, Babloo, Shabnum': Film on Kashmir's trans-genders premiers at International Queer Festival - The Kashmir Monitor
  8. ↑ (23 February 2023). WATCH: Kashmir remembers a trans icon. Himal Southasian

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিজম্মু আৰু কাশ্মীৰৰ ব্যক্তিএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰৰ ৰেশ্মা” প্ৰবন্ধৰ সংশোধন ৫১০৬৪৯ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।