কাব্য কিৰণ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ ওড়িয়া ভাষা আৰু হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰিছে।১ তেওঁ ওলিউডত নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু ২০১৫ চনত ৰং-ই-ইস্কৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল।২৩ তেওঁ ২০১৯ চনত ওড়িয়া ভাষা চলচ্চিত্ৰ খুছিৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল৪ আৰু পুনৰ ওড়িয়া বোলছবি শ্বহীদ ৰঘু চৰ্দাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০২২ চনত কাব্যই ঋষি সিঙৰ তু কি কিট্টা নামৰ এটা সংগীত ভিডিঅ'ত অভিনয় কৰিছিল।৫
প্ৰাৰম্ভিক জীৱন
কাব্য কিৰণৰ জন্ম ওড়িশাৰ ভুৱনেশ্বৰত হৈছিল।৩ তেওঁ ভুৱনেশ্বৰ আৰু মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰয়াত পিতৃ এজন ব্যৱসায়ী আছিল আৰু তেওঁ বেনাৰসৰ বাসিন্দা আছিল। আনহাতে তেওঁৰ মাতৃ কলকাতাৰ আছিল আৰু পিছলৈ ওড়িশাত থিতাপি লৈছিল।
কেৰিয়াৰ
প্ৰাৰম্ভিক বয়সত কাব্যৰ সংগীতৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল আৰু তেওঁ ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ নাটকৰ প্ৰতিও অতি উৎসাহিত আছিল, যাৰ বাবে তেওঁ ধ্ৰুপদী ওড়িছী নৃত্য আৰু থিয়েটাৰৰ সৈতে জড়িত হৈ পৰিছিল। স্কুল আৰু কলেজত পঢ়ি থকা সময়ত তেওঁ সাংস্কৃতিক কাম-কাজত অতি সক্ৰিয় আছিল। ২০১৩ চনত পুপুল ভূঞাৰ সৈতে ওড়িয়াৰ প্ৰথমখন থ্ৰী-ডি (3D) বোলছবি কাউঁৰী কন্যাৰ জৰিয়তে তেওঁ ওড়িয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।৬ তেওঁ ৰং-ই-ইস্কৰ জৰিয়তে বলীউডত অভিষেক ঘটাইছিল।৭
২০১৮ চনত তেওঁ ওডিয়া ছবি ৰহস্য আৰু ২০১৯ চনত খুছি ছবিত অভিনয় কৰে। ২০২১ চনত তেওঁৰ ছবি শ্বাহিদ ৰঘু চৰ্দাৰ মুক্তি লাভ কৰে।৮
চলচ্চিত্ৰপঞ্জী
| + | বৰ্ষ | চলচ্চিত্ৰ | ভাষা | চৰিত্ৰ | টোকা |
| ২০১৩ | কাউঁৰী কন্যা | ওড়িয়া | অনুসূয়া | ওলিউডত আত্মপ্ৰকাশ | |
| ২০১৫ | ৰং-ই-ইস্ক | হিন্দী | বলীউডত আত্মপ্ৰকাশ | ||
| ২০১৭ | ৰাম ৰতন | সুইটী | |||
| ২০১৮ | ৰহস্য | ওড়িয়া | ইন্দুমতী/শ্ৰুতি | দ্বৈত চৰিত্ৰ | |
| ২০১৯ | খুছি | শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০১৯ | |||
| ২০২১ | শ্বহীদ ৰঘু চৰ্দাৰ | ৰঘু চৰ্দাৰৰ পত্নী | শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২০৯ | ||
| ভোক | হেমা |
ৱেব-চিৰিজ
| + | বৰ্ষ | শিৰোনাম | ভাষা | অ’টিটি প্লেটফৰ্ম | চৰিত্ৰ | টোকা |
| ২০২২ | ৭২ আৱাৰ্ছ | ওড়িয়া | তৰংগ প্লাছ | ৱেব-চিৰিজত আত্মপ্ৰকাশ | ||
| ২০২২ | এক্সপ’জড | কাঞ্চালংকা |
বঁটা আৰু মনোনয়ন
- ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০১৯: খুছি বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী।
- ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২০: শ্বহীদ ৰঘু চৰ্দাৰ বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী।১০১১১২
তথ্যসূত্ৰ
- ↑ Service, Pragativadi News. (26 November 2022). Actress Kavya Keeran goes bold as she flaunts her curves at Beach. Pragativadi
- ↑ Kavya Kiran: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ (7 December 2021). Kavya Keeran's got her hands full. Orissa Post
- ↑ (5 November 2021). 31st Odisha State Film awards and 8th State Tele awards announced: Check details here. KalingaTV
- ↑ Bureau, Adgully. (20 December 2022). Kavya Keeran dazzles in a glamorous look for a song. adgully.com
- ↑ First Odia 3D Movie of Odisha Kaunri Kanya 3D releases today. Odisha Haalchaal
- ↑ (7 December 2021). Kavya Keeran's got her hands full. Orissa Post
- ↑ Panda, Apurba Ranjan. ସତେଜ ସକାଳର ଅତିଥି ଅଭିନେତା ଦେବାଶିଷ ଓ ଅଭିନେତ୍ରୀ କାବ୍ୟା କିରଣ. ARGUS News
- ↑ Service, Express News. (2024-11-15). Ananta, Srinivas, Jayiram to get Mohan Sundar Dev Goswami Awards for lifetime contribution to Odia cinema. The New Indian Express
- ↑ Nayak, Subadh. (2024-11-17). Odisha State Film Awards: 'Mohansundar Dev Goswami Award' conferred on three stalwarts, check winners' list. KalingaTV
- ↑ Pradhan, Surya Narayan. (2024-11-14). Odisha State Film Awards: 'Daman' adjudged Best Film; Babusan Best Actor. Sambad English
- ↑ Service, Express News. (2024-11-15). Ananta, Srinivas, Jayiram to get Mohan Sundar Dev Goswami Awards for lifetime contribution to Odia cinema. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাব্য কিৰণ” প্ৰবন্ধৰ সংশোধন ৫৯৮২৫৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।