অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিশোৰ দাস

কিশোৰ দাস (Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷ তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কিশোৰ দাস (Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা।১ তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷২ তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল। তেওঁ অভিনয় কৰা ৩০০ৰো অধিক মিউজিক ভিডিঅ’ৰ ভিতৰত “তুৰুত তুৰুত” গীতটো অসমীয়া উদ্যোগত এক নম্বৰ গীত বুলি প্ৰমাণিত হৈছে।৩

প্ৰাৰম্ভিক জীৱন

১৯৯১ চনৰ ২৩ নৱেম্বৰ তাৰিখে কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাত কিশোৰ দাসৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম দেবেন দাস আৰু মাতৃ নলিনী দাস৷ তেওঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল৷

কৰ্মজীৱন

কিশোৰে ২০১৯ চনত ৰং চেনেলত সম্প্ৰচাৰিত অসমীয়া টেলিভিচন অনুষ্ঠান বিধাতা আৰু বন্ধোনৰ যোগেদি প্ৰথম চৰিত্ৰ ভূমিকাত অভিনয় কৰিছিল৷ পিছলৈ তেওঁ ২০২১ চনত “নেদেখা ফাগুন”ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা অন্তিমখন ছবি “দাদা তুমি দুষ্ট বৰ” মুক্তিলাভ কৰে ২০২২ চনৰ ২৪ জুনত৷ কৰ্মজীৱনৰ খুব কম সময়ৰ ভিতৰতে কিশোৰ দাসে ৩০০তকৈও অধিক সংগীত ভিডিঅ’ত অভিনয় কৰাৰ লগতে আৰু বহুটো চুটি ছবিত কাম কৰিছিল।৪১

বঁটা আৰু সন্মান

তেওঁ ২০১৯ চনত “কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড” আৰু এছিয়ানেট আইকন বঁটাত “আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১” বঁটা লাভ কৰিছিল।৫১

মৃত্যু

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২২ চনৰ ২ জুলাই তাৰিখে চেন্নাইৰ এপ’লো চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩০ বছৰ৷

তথ্যসূত্ৰ

  1. ↑ (3 July 2022). Assam Actor Kishor Das Passes Away in Chennai. Sentinelassam.com/
  2. ↑ বৰুৱা, জাহ্নৱী. (2 July 2022). Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস. assam.nenow.in
  3. ↑ Big shock to the entertainment industry, this famous actor passed away. News Track
  4. ↑ Assamese Actor Kishore Das Died Of Cancer, Breathed His Last At The Age Of 30!. womansera.com
  5. ↑ (3 July 2022). Actor Kishor Das passes away. The Assam Rising. পৃ. 3

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিশোৰ দাস” প্ৰবন্ধৰ সংশোধন ৫১০৬৬২ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।