জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অফেলিয়া অলিভেৰো
অফেলিয়া আনা অলিভেৰো হৈছে এইচ আই ভি/এইডছ আৰু জৈৱ চিকিৎসা গৱেষণাৰ বিশেষজ্ঞ আৰ্জেণ্টিনাৰ-আমেৰিকান জীৱবিজ্ঞানী। নেচনেল কেন্সাৰ ইনষ্টিটিউট (এনচিআই)ৰ জ্যেষ্ঠ কৰ্মচাৰী বিজ্ঞানী হিচাপে কাম কৰাৰ সময়ত তেওঁ নিউক্লিঅ’চাইড এনালগ প্ৰৰোচিত চেণ্ট্ৰ’জ’মেল এম্প্লিফিকেশন আৰু এনিউপ্ল’ইডিৰ আৱিষ্কাৰৰ পথ-প্ৰদৰ্শক আছিল।
-
অবিনা তাৱাইড কগুইট
অবিনা তাৱাইড কগুইট এগৰাকী ফিলিপিনো মানোবো সম্প্ৰদায়ৰ সূচীকৰ্মী (এমব্ৰইডাৰ)। ৪২৭ নম্বৰ ঘোষণাৰ জৰিয়তে ২০২৩ চনত তেওঁক 'মানলিলিখা নাং বায়ান' (ৰাষ্ট্ৰীয় জীৱন্ত সম্পদ) সন্মানেৰে বিভূষিত কৰা হয়।
-
অভিজিত মুখাৰ্জী
অভিজিত মুখাৰ্জী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ পশ্চিমবংগৰ জাংগীপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷
-
অমল চন্দ্ৰ দাস
অমল চন্দ্ৰ দাস (জন্ম-১৯৭৬) এগৰাকী লেখক, সম্পাদক, লগতে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী (জ্যেষ্ঠ) অধ্যাপক।
-
অমূল্যা কমল
অমূল্যা কমল (Amoolya Kamal, জন্ম: ১১ জুলাই ১৯৮৪) এগৰাকী ভাৰতীয় ফুটবল প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবলাৰ যিয়ে মিডফিল্ডাৰ হিচাপে খেলিছিল।
-
অমৃতা চিমা
অমৃতা চিমা এগৰাকী ভাৰতীয় সাংবাদিক। তেওঁ ১৯৯৯ চনৰ পৰা জাৰ্মান আন্তঃৰাষ্ট্ৰীয় টিভি সম্প্ৰচাৰক ডয়চে ৱেলে -টিভিৰ বাতৰি উপস্থাপিকা হিচাপে কাম কৰি আহিছে। ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ অষ্ট্ৰেলিয়াৰ সম্প্ৰচাৰক এছ বি এছ টেলিভিছনৰ সৈতে কিছু বছৰ কটায়।
-
অম্বিকা বেৰী
অম্বিকা বেৰী: Ambica Beri; জন্ম অম্বিকা সুবেৰৱাল, এগৰাকী ভাৰতীয় আৰ্ট গেলেৰীৰ মালিক। তেওঁ শিল্পীসকলৰ বাবে এটি প্ৰশান্তি স্থান স্থাপন কৰিছিল। ৰিট্ৰিট বা প্ৰশান্তি স্থান বা সৃষ্টিশীল আশ্ৰয়স্থল প্ৰতিষ্ঠা কৰাৰ বাবে ২০১৮ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।
-
অম্বিকানাথ বৰা
অম্বিকানাথ বৰা (Ambikanath Bora; ১৮৯১ - ১৯৬৮) এগৰাকী লেখক আৰু শিক্ষাবিদ আছিল।
-
অমৰ আৰ্শী
অমৰ আৰ্শী এজন পঞ্জাবী গায়ক৷ তেওঁৰ জন্ম হৈছিল ভাৰতৰ পঞ্জাৱৰ ফাগৱাৰাত অমৰজিৎ সিং নামেৰে। বৰ্তমান তেওঁ লণ্ডনৰ বাহিৰত ভিত্তি কৰি আছে। তেওঁৰ প্ৰথম এলবাম মুক্তি পায় ১৯৯১ চনত। তেওঁৰ গীতসমূহৰ ভিতৰত "আজা নি আজা", " কালা চাশমা" আৰু "ৰংলি কোঠী" উল্লেখযোগ্য।
-
অলকা নাথ
অলকা নাথ (ইংৰাজী: Alka Nath, জন্ম: ২৪ নৱেম্বৰ ১৯৫১) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছিণ্ডৱাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।
-
অশ্বমেধ দেৱী
অশ্বমেধ দেৱী (Ashwamedh Devi, জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৬৭) এগৰাকী ৰাজনীতিবিদ আৰু সংসদ সদস্য ৷ ভাৰতৰ বিহাৰ ৰাজ্যৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰাও বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
অশ্লেষা সাৱন্ত
অশ্লেষা সাৱন্ত (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ কিউঁকী সাঁচ ভী কভী বহু থী ধাৰাবাহিকত তিশা মেহতা বিৰাণীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
অসমীয়া ৰাজ্যপালসকলৰ তালিকা
এই তালিকাত স্বাধীন ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যপালৰ পদত অধিষ্ঠিত অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা হৈছে। বৰ্তমানলৈকে ৬ গৰাকী অসমীয়াই ভাৰতৰ আন ৰাজ্যত ৰাজ্যপাল হৈ কাৰ্যনিৰ্বাহ কৰিছে। তলৰ তালিকাত তেওঁলোকৰ নাম কাৰ্যনিৰ্বাহ কৰা চনৰ ক্ৰমত উল্লেখ কৰা হ'ল।
-
অহল্যা গগৈ
অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।
-
অৰুণা জয়ন্তী
অৰুণা জয়ন্তী: Aruna Jayanthi; এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু কেপজেমিনীৰ এছিয়া পেচিফিক আৰু লেটিন আমেৰিকাৰ ব্যৱসায়িক ইউনিটৰ পৰিচালন সঞ্চালক। ইয়াৰ পূৰ্বে তেওঁলোকৰ বিজনেছ চাৰ্ভিচেছৰ চিইঅ’ আৰু কেপজেমিনি ইণ্ডিয়াৰ চিইঅ’ হিচাপে ভূমিকা পালন কৰিছিল।
-
অৰুণাভ সৰকাৰ
অৰুণাভ সৰকাৰ (Arunabh Sarkar; ২৯ মে' ১৯৪১ - ১৮ ডিচেম্বৰ ২০১৪) এগৰাকী বাংলাদেশী কবি, স্তম্ভলেখক, সাহিত্য সম্পাদক আৰু স্বাধীনতা সংগ্ৰামী তেওঁৰ জন্ম হৈছিল বাংলাদেশ টাঙ্গাইলত। ২০০৯ চনত কবিতাৰ বাবে তেওঁ বাংলা অকাডেমী সাহিত্য বঁটা লাভ কৰিছিল।
-
অৰুণিমা শৰ্মা
অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল। ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।
-
অৰুণী ৰাজপক্ষ
অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
অৰ্চনা (কন্নড় অভিনেত্ৰী)
অৰ্চনা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলেগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ ই হৃদিয়া নিনাগাগী (১৯৯৬), এ (১৯৯৮), ফুল ঔৰ আগ (১৯৯৯) আৰু যজামানা (২০০০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
অৰ্চনা চেটাৰ্জী
অৰ্চনা চেটাৰ্জী ( Archana Chatterjee) এগৰাকী ভাৰতীয় শিশু সংক্ৰামক ৰোগ বিশেষজ্ঞ, মহামাৰী বিজ্ঞানী, আৰু শৈক্ষিক প্ৰশাসক যিয়ে ২০২০ চনৰ পৰা চিকাগো মেডিকেল স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰোজালিণ্ড ফ্ৰেংকলিন ইউনিভাৰ্চিটি অৱ মেডিচিন এণ্ড ছায়েন্সৰ চিকিৎসা বিষয়ৰ উপ-সভানেত্ৰী।
-
অৰ্জুন দৈৱজ্ঞ
অৰ্জুন দৈৱজ্ঞ ১৭ শতিকাৰ অসমৰ এগৰাকী জ্যোতিষী আছিল। গদাধৰ সিংহ ৰজা হোৱাৰ আগতে পলাই ফুৰা কালচোৱাত এখেতেই ভৱিষ্যতে গদাধৰ সিংহ ৰজা হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। এই ভৱিষ্যত বাণী সঁচা হোৱাৰ পাছত গদাধৰ সিংহই এখেতক ৰাজজ্যোতিষী পাতিছিল।
-
অৰ্পিতা চক্ৰৱৰ্তী
অৰ্পিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু লাইভ পৰিবেশক। তেওঁ সত্যাগ্ৰহ ছবিৰ "ৰস কে ভৰে তোৰে নেইন", ৰাগিনী এম এম এছ ২ ছবিৰ "লৰি অৱ ডেথ", টোটেল ধমাল ছবিৰ "পেইছা য়ে পেইছা", হিৰো ছবিৰ "খোয়া খোয়া", বেজুবান ইছক ছবিৰ টাইটেল ট্ৰেক, তেলেগু ছবি জগাথা নেন্দুদলীৰ "কনাবাদুনা" আৰু "মনাছে…
-
অৱনী দাভদা
অৱনী দাভদা: Avani Davda টাটা ষ্টাৰবাকছৰ প্ৰথম চিইঅ' আৰু ৩৩ বছৰ বয়সত টাটা গ্ৰুপৰ আটাইতকৈ কম বয়সীয়া চিইঅ' আছিল। ২০১৪ চনত তেওঁ ফৰ্চুন আৰু ফুড এণ্ড ৱাইনত 'খাদ্য আৰু পানীয়ৰ আটাইতকৈ উদ্ভাৱনী মহিলা' তালিকাত ১৩ নম্বৰ স্থান লাভ কৰে।
-
আঁচল শৰ্মা
আঁচল শৰ্মা (आँचल शर्मा) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ নাই নভন্নু ল ৪ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৮ চনত, তেওঁ শত্ৰু গেট আৰু জনি জেণ্টলমেনত অভিনয় কৰিছিল। তেওঁ হিন্দী সংগীত ভিডিঅ’ তেৰি মেৰী দাস্তানতো অংশ লৈছিল।
-
আইশা বুহাৰী
আইছা হালিলু বুহাৰী (Aisha Halilu Buhari, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী পেছাদাৰী সৌন্দৰ্য্য থেৰাপিষ্ট যি ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে নাইজেৰিয়াৰ প্ৰথম মহিলা হিচাপে কৰ্মনিৰ্বাহ কৰিছিল।.
-
আকাশ দীপ্ত ঠাকুৰ
আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক।
-
আকৰ্ষ খুৰানা
আকৰ্ষ খুৰানা(Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচালক আকাশ খুৰানাৰ পুত্ৰ। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে টিভিএফ ট্ৰিপলিং (এজন লেখক হিচাপে), ইয়ে মেৰী ফেমীলি (অভিনেতা), মিচমেচ্চড (পৰিচালক হিচাপে) আৰু কৃষ (এজন সহায়ক চিত্ৰনাট্য লেখক হিচাপে)।
-
আচাৰ্য শেখৰ চক্ৰৱৰ্তী
আচাৰ্য শেখৰ চক্ৰৱৰ্তী (১৭ শতিকা) কোচ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। কামৰূপৰ এই পণ্ডিতগৰাকীৰ প্ৰকৃত নাম জয়কৃষ্ণ। বিদ্যাধৰ এখেতৰ পিতৃৰ নাম। ৰজা প্ৰাণনাৰায়ণৰ নিৰ্দেশ অনুসৰি প্ৰসিদ্ধ সংস্কৃত ব্যাকৰণ 'প্ৰয়োগ ৰত্নমালা'ৰ টীকা গ্ৰন্থ 'প্ৰভা প্ৰকাশিকা' ৰচনা কৰে।
-
আছফাক আহমেদ
আছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী লেখক, নাট্যকাৰ আৰু সম্প্ৰচাৰক আছিল। উৰ্দু ভাষাত তেওঁ পাকিস্তান দূৰদৰ্শন আৰু ৰেডিঅ’ৰ বাবে উপন্যাস, চুটি গল্প আৰু নাটক লিখিছিল।
-
আছা বি
খোৱাণ্ড আছা বি আল-জাৰ্কাছিয়া (মৃত্যু ১৫০৯) এগৰাকী মামলুকৰ পত্নী আছিল। চুলতান ছাইফ আদ-দিন কাইতবাই (ৰাজ্য ১৪৬৮–১৪৯৬)ৰ উপপত্নী, চুলতান আন-নাছিৰ মহম্মদ ইবনে কাইটবাই (ৰাজ্য ১৪৯৬–১৪৯৮)ৰ মাতৃ, চুলতান আবু ছাইদ কানছুহৰ (ৰাজ্য ১৪৯৮–১৫০০) ভগ্নী আৰু চুলতান আল-আশ্ৰফ জানবালাতৰ পত্নী আছিল। ১৫০০–১৫০১)।