অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্চনা চেটাৰ্জী

অৰ্চনা চেটাৰ্জী ( Archana Chatterjee) এগৰাকী ভাৰতীয় শিশু সংক্ৰামক ৰোগ বিশেষজ্ঞ, মহামাৰী বিজ্ঞানী, আৰু শৈক্ষিক প্ৰশাসক যিয়ে ২০২০ চনৰ পৰা চিকাগো মেডিকেল স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰোজালিণ্ড ফ্ৰেংকলিন ইউনিভাৰ্চিটি অৱ মেডিচিন এণ্ড ছায়েন্সৰ চিকিৎসা বিষয়ৰ উপ-সভানেত্ৰী।

হালনাগাদ: ২৩ ফেব্ৰুৱাৰী ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অৰ্চনা চেটাৰ্জী ( Archana Chatterjee) এগৰাকী ভাৰতীয় শিশু সংক্ৰামক ৰোগ বিশেষজ্ঞ, মহামাৰী বিজ্ঞানী, আৰু শৈক্ষিক প্ৰশাসক যিয়ে ২০২০ চনৰ পৰা চিকাগো মেডিকেল স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰোজালিণ্ড ফ্ৰেংকলিন ইউনিভাৰ্চিটি অৱ মেডিচিন এণ্ড ছায়েন্সৰ চিকিৎসা বিষয়ৰ উপ-সভানেত্ৰী।

জীৱন

চেটাৰ্জীৰ জন্ম আৰু ডাঙৰ-দীঘল ভাৰতত।১ ১৯৮৩ চনত সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী লাভ কৰে।১ ১৯৮৩ চনৰ পৰা ১৯৮৪ চনলৈ মুম্বাইৰ ইণ্ডিয়ান নেভেল হস্পিতাল শ্বিপ, আছভিনীত ঘূৰণীয়া ইন্টাৰশ্বিপ সম্পূৰ্ণ কৰে।২ ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে, আৰ্মী মেডিকেল কৰ্পছৰ চিকিৎসা বিষয়া আছিল।২ তেওঁ মূলতঃ মিলিটাৰী হাস্পতাল গয়াত গৰ্ভৱতী মাতৃ আৰু শিশুৰ যত্ন লৈ কাম কৰিছিল।১২ তেওঁক অধিনায়ক হিচাপে সন্মানীয়ভাৱে অব্যাহতি দিয়া হৈছিল। ২ ১৯৮৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অণুজীৱবিজ্ঞান বিভাগৰ জ্যেষ্ঠ আৱাসী আছিল।২ ১৯৯৩ চনত পি.এইচ.ডি. নেব্ৰাস্কা বিশ্ববিদ্যালয়ৰ চিকিৎসা কেন্দ্ৰৰ পৰা চিকিৎসা বিজ্ঞান আন্তঃবিভাগীয় এলেকাৰ কাৰ্যসূচীত ডিগ্ৰী লাভ কৰে।১৩ তেওঁৰ গৱেষণাৰ শিৰোনাম আছিল, ভেছ’এক্টিভ হিউম’ৰেল ৰেচপন্স এণ্ড পালমোনাৰী মেটাবলিক ফাংচন ইন ইনফেণ্ট এক্সট্ৰাকৰ্প’ৰিয়েল মেমব্ৰেন অক্সিজেনেচন (ইচিএমঅ’)।৩ চেটাৰ্জীয়ে ইউনিভাৰ্চিটি অৱ নেব্ৰাস্কা মেডিকেল চেণ্টাৰ আৰু ক্ৰেইটন ইউনিভাৰ্চিটিত সংক্ৰামক ৰোগৰ ৰেচিডেন্সি আৰু ফেল’শ্বিপ সম্পূৰ্ণ কৰে।১

১৯৯৮ চনত চেটাৰ্জীয়ে ইউনিভাৰ্চিটি অৱ চাউথ ডাকোটা চেনফৰ্ড স্কুল অৱ মেডিচিনত সহকাৰী অধ্যাপক আৰু শিশু চিকিৎসা বিভাগৰ শিশু সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী হিচাপে অধ্যাপক হিচাপে যোগদান কৰে।১৪ ১৯৯৯ চনত আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ ফেলো হয়।২ ২০০০ চনৰ পৰা ২০১৩ চনলৈকে চেটাৰ্জী ক্ৰেইটন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ শিশু সংক্ৰামক ৰোগৰ অধ্যাপক আৰু চিলড্ৰেনছ হস্পিতাল এণ্ড মেডিকেল চেণ্টাৰৰ চিকিৎসালয়ৰ মহামাৰী বিজ্ঞানী আৰু সংক্ৰমণ নিয়ন্ত্ৰণৰ চিকিৎসা সঞ্চালক আছিল।২ ২০০৩ চনত ছ’চাইটি ফৰ পেডিয়াট্ৰিক ৰিচাৰ্চৰ সদস্য আৰু ২০০৫ চনত ইনফেকচিয়াছ ডিজিজ ছ’চাইটি অৱ আমেৰিকাৰ ফেলো নিৰ্বাচিত হয়।২ ২০১১ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পেপিলোমা ভাইৰাছ ছ’চাইটিৰ সদস্য হয়।২ চেটাৰ্জীয়ে ২০১১ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰেইটন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ একাডেমিক আৰু ফেকাল্টী বিষয়ৰ সহযোগী ডীন আছিল।২ ২০১৩ চনত চেনফৰ্ড ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনলৈ অধ্যাপিকা আৰু শিশু চিকিৎসা বিভাগৰ অধ্যক্ষ আৰু অধ্যাপক বিকাশৰ জ্যেষ্ঠ সহযোগী ডীন হিচাপে ঘূৰি আহে।২ ২০২০ চনৰ এপ্ৰিল মাহত চেটাৰ্জীয়ে চিকাগো মেডিকেল স্কুলৰ ডীন আৰু ৰোজালিণ্ড ফ্ৰেংকলিন ইউনিভাৰ্চিটি অৱ মেডিচিন এণ্ড চাইন্সৰ চিকিৎসা বিষয়ৰ উপ-সভাপতি হয়।৫২ তেখেত শিশু ৰোগৰ অধ্যাপক।২ আমেৰিকা যুক্তৰাষ্ট্ৰত ক'ভিড-১৯ মহামাৰীৰ সময়ত, তেওঁ খাদ্য আৰু ঔষধ প্ৰশাসন ভেকচিন আৰু সম্পৰ্কিত জৈৱিক সামগ্ৰী উপদেষ্টা সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল।৫৬

চেটাৰ্জীৰ বিবাহ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ সমৰ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Terveen, Joyce. (1999-04-27). Doctor likes 'detective' role diagnosing youth ailments. Argus-Leader. পৃ. 13
  2. ↑ Chatterjee, Archana. (March 23, 2022). CV. Food and Drug Administration
  3. ↑ Chatterjee, Archana. (1993). Vasoactive Humoral Response and Pulmonary Metabolic Function in Infant Extracorporeal Membrane Oxygenation (ECMO). University of Nebraska Medical Center
  4. ↑ (1999-01-04). https://www.newspapers.com/article/argus-leader-on-the-move/140201089/. পৃ. 28
  5. ↑ Olson, Yadira Sanchez. (2020-11-12). Rosalind Franklin University dean serving as adviser for COVID-19 vaccine development. Chicago Tribune
  6. ↑ Stankiewicz, Kevin. (2020-12-11). FDA advisor explains why she voted against recommending Pfizer's Covid vaccine for emergency use. CNBC

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪৮১৪৪৫ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।