অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৱনী দাভদা

অৱনী দাভদা: Avani Davda টাটা ষ্টাৰবাকছৰ প্ৰথম চিইঅ' আৰু ৩৩ বছৰ বয়সত টাটা গ্ৰুপৰ আটাইতকৈ কম বয়সীয়া চিইঅ' আছিল। ২০১৪ চনত তেওঁ ফৰ্চুন আৰু ফুড এণ্ড ৱাইনত 'খাদ্য আৰু পানীয়ৰ আটাইতকৈ উদ্ভাৱনী মহিলা' তালিকাত ১৩ নম্বৰ স্থান লাভ কৰে।

হালনাগাদ: ১০ মে’ ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অৱনী দাভদা: Avani Davda টাটা ষ্টাৰবাকছৰ প্ৰথম চিইঅ' আৰু ৩৩ বছৰ বয়সত টাটা গ্ৰুপৰ আটাইতকৈ কম বয়সীয়া চিইঅ' আছিল।১ ২০১৪ চনত তেওঁ ফৰ্চুন আৰু ফুড এণ্ড ৱাইনত 'খাদ্য আৰু পানীয়ৰ আটাইতকৈ উদ্ভাৱনী মহিলা' তালিকাত ১৩ নম্বৰ স্থান লাভ কৰে।২

২০১৫ চনৰ ১৮ ডিচেম্বৰত তেওঁ পদত্যাগ কৰে আৰু সুমি ঘোষে তেওঁক প্ৰতিস্থাপন কৰে।৩৪ এতিয়া, তেওঁ গড্ৰেজ নেচাৰছ বাস্কেটৰ পৰিচালন সঞ্চালিকা।৫

মুম্বাইত ডাঙৰ-দীঘল হোৱা দাভদাই এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী আৰু নাৰ্চী মঞ্জী ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। মুখ্য কাৰ্যবাহী বিষয়া পদত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ টাটা গ্ৰুপৰ অন্যান্য কোম্পানীত কাম কৰিছিল, য'ত আছিল টাটা এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচেছ, দ্য ইণ্ডিয়ান হোটেলছ কোম্পানী (তাজ হোটেলছ) আৰু ইনফিনিটি ৰিটেইল লিমিটেড।৫

তথ্যসূত্ৰ

  1. ↑ (March 2013). Coffee with BS: Avani Saglani Davda, Tata Starbucks. Business Standard India
  2. ↑ Business News Today: Read Latest Business news, India Business News Live, Share Market & Economy News
  3. ↑ Alves, Glynda. Meet Avani Davda, the youngest CEO in Tata Group - The Economic Times. The Economic Times. economictimes.indiatimes.com
  4. ↑ (March 2014). Hottest Young Executives: Avani Davda's meteoric rise at Tata Starbucks - Business Today. businesstoday.intoday.in
  5. ↑ Gupta, Saumya. (2017-12-08). Avani Davda: Scaling back for more. Mint

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱনী দাভদা” প্ৰবন্ধৰ সংশোধন ৫০৭৩০০ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।