অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশ্লেষা সাৱন্ত

অশ্লেষা সাৱন্ত (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ কিউঁকী সাঁচ ভী কভী বহু থী ধাৰাবাহিকত তিশা মেহতা বিৰাণীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অশ্লেষা সাৱন্ত (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষা টেলিভিছনত কাম কৰে। তেওঁ কিউঁকী সাঁচ ভী কভী বহু থী ধাৰাবাহিকত তিশা মেহতা বিৰাণীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। সাৱন্তক সাত ফেৰে – চলোনী কা চফৰত তাৰা সিং, প্যাৰ কা দৰদ হ্যায় মীঠা মীঠা প্যাৰা প্যাৰাত প্ৰীতি দিৱান দেশপাণ্ডে, কুমকুম ভাগ্যত মীৰা আৰু অনুপমাত বৰ্খা মেহতা কাপাড়িয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়।১২ তেওঁ ২০২২ চনত হাৰিয়ানা ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলাইছিল।৩

কেৰিয়াৰ

দ্বাদশ শ্ৰেণীৰ পিছত তেওঁ প্ৰায় এবছৰ ধৰি স্থানীয় মডেলিং কৰিছিল। তাৰ পিছত তেওঁ গ্লেডৰাগছ প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰে। সেই সময়তে পুনেত বালাজী টেলিফিল্মছৰ অডিচন চলি আছিল আৰু তেওঁ ধেমালিৰ চলেৰে অডিচন দিবলৈ গৈছিল। তেওঁলোকে তেওঁক ক্যা হদচা ক্যা হকীকতৰ বাবে নিৰ্বাচন কৰিছিল আৰু ইয়াৰ বাবে তেওঁ মুম্বাইলৈ যাব লগা হৈছিল। যদিও উক্ত ধাৰাবাহিকখনৰ শ্বুটিং নহ’ল, তেওঁ কচৌটী জিন্দগী কেত ঋষভ বাজাজৰ সহযোগী হিচাপে এটা সৰু চৰিত্ৰত অভিনয় কৰে। একতা কাপুৰে সাৱন্তক জনাইছিল যে তেওঁক কিউঁকী সাঁচ ভী কভী বহু থী (ষ্টাৰ প্লাছ) আৰু কম্মল (জি টিভি) ধাৰাবাহিকত অভিনয় কৰাবলৈ তেওঁ আগ্ৰহী। তেওঁ দুয়োটা অফাৰ গ্ৰহণ কৰে। সাৱন্তই দেশ মে নিকলা হোগা চান্দত ৰোহিত শৰ্মাৰ পত্নীৰ চৰিত্ৰতো অভিনয় কৰিছিল। তেওঁ প্যাৰ কা দৰদ হ্যায় মীঠা মীঠা প্যাৰা প্যাৰাত প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কুমকুম ভাগ্যত ৰিয়া মেহৰাৰ পৰিচালিকা মীৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২২ চনৰপৰা তেওঁ অনুপমা ধাৰাবাহিকত ৰোহিত বক্সীৰ বিপৰীতে বৰ্খা কাপাড়িয়াৰ চৰিত্ৰত অভিনয় কৰি আছে।

ব্যক্তিগত জীৱন

২০০২ চনত কিউঁকী সাঁচ ভী কভী বহু থীৰ ছেটত সাৱন্তই অভিনেতা সন্দীপ বাছোৱানাক লগ পাইছিল আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।৪ ২৩ বছৰ ধৰি একেলগে থকাৰ পিছত ২০২৫ চনৰ ১৬ নৱেম্বৰত বৃন্দাবনত সাৱন্ত আৰু বাছোৱানা বিবাহপাশত আবদ্ধ হয়।৫৬

তথ্যসূত্ৰ

  1. ↑ (10 September 2018). Ashlesha Savant strikes a bold pose. The Times of India
  2. ↑ (12 August 2013). Revelations and marred relations in Pyaar Ka Dard.. The Times of India
  3. ↑ (13 December 2012). Sumit Vats, Sandeep Baswana and Ashlesha Sawant during the launch of 'Superdry' store, held at Palladium in Mumbai on December 13, 2012. The Times of India
  4. ↑ (28 April 2022). Payal Rohatgi-Sangram Singh to Hina Khan-Rocky Jaiswal; TV couples who have been in relationship for years but did not marry. The Times of India
  5. ↑ Kyunki Saas Bhi Kabhi Bahu Thi actors Sandeep Baswana and Ashlesha Savant tie the knot in a beautiful Vrindavan ceremony after 23 years of relationship. Bollywood Hungama
  6. ↑ Exclusive! After being in a relationship for 23 years..Baswana & Ashlesha Sawant tie the knot. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্লেষা সাৱন্ত” প্ৰবন্ধৰ সংশোধন ৫৯৮১০৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।