অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণিমা শৰ্মা

অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল। ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল।১ ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।২

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

অসমৰ দুলীয়াজানত জন্মগ্ৰহণ কৰা অৰুণিমাই ১৯৯৭ চনত অধিক অধ্যয়নৰ বাবে মুম্বাইলৈ গুচি যায়। টিভি শ্ব' কেইছা য়ে প্যাৰ হায়ৰ অংশ হিচাপেও তেওঁ অভিনয় কৰিছে। শ্ব’টোত থকাৰ সময়ত অৰুণিমাই চোকা ভগ্নীৰ চৰিত্ৰত অভিনয় কৰি জনাজাত আছিল। কঁকালৰ বিষৰ বাবে অৰুণিমাই কছম ছে এৰি থৈ যায়। তদুপৰি তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে অধিক সময় কটাব বিচাৰিছিল। পিছলৈ অৰুণিমাৰ ঠাইত পল্লৱ সুভাষ চন্দ্ৰনে স্থান লাভ কৰে। লগতে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ ষ্টাৰ প্লাছৰ ধাৰাবাহিক কাহানী ঘৰ ঘৰ কীত অৰুনিমাই সোণু আগৰৱালাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ছুপাৰ মডেল তথা অভিনেত্ৰী দীপান্বিতা শৰ্মাৰ কনিষ্ঠ ভগ্নী।

টেলিভিছন

+বছৰনামচৰিত্ৰটোকা
২০০৬-২০০৯কছম ছেৰাণো (তিনি ভনীৰ ভিতৰত কনিষ্ঠ)
২০০৬-২০০৭কাহানী ঘৰ ঘৰ কীসুনয়না আগৰৱাল
২০০৬কাব্যাঞ্জলি
২০০৭কাহানী ঘৰ ঘৰ কী

তথ্যসূত্ৰ

  1. ↑ Nuzhat Aziz; Saumit Singh. (6 August 2006). I'm every woman, it's all in me!. DNA India
  2. ↑ (2019-06-30). Ekta Kapoor reveals how the most talked about consummation scene of Kasamh Se was shot. India Today

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণিমা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৫৭২১০ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।