অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণী ৰাজপক্ষ

অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ
২০১৫ চনত অৰুণী
২০১৫ চনত অৰুণীছবি: Nalins74 · CC BY-SA 4.0

অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।১

ব্যক্তিগত জীৱন

১৯৮৪ চনৰ ৫ জানুৱাৰী তাৰিখে শ্ৰীলংকাৰ কল্পিতীয়া চহৰত অৰুণী ৰাজপক্ষই জন্মগ্ৰহণ কৰিছিল। তেওঁ শ্ৰীলংকাৰ কেন্দ্ৰীয় প্ৰদেশৰ কেণ্ডী চহৰত ডাঙৰ-দীঘল হৈছিল। জি.চি.ই. এডভান্স লেভেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত, অৰুণীয়ে সচিবালয়ৰ পাঠ্যক্ৰম এটা অধ্যয়নৰ উদ্দেশ্যে কেণ্ডীৰ কাৰিকৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়ছোৱাত, তেওঁ কেণ্ডীত ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। যাৰ ফলত তেওঁ মডেলিঙত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ পাইছিল।২ ২০১৫ চনত তেওঁ নলিন সমৰবিক্ৰমৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁ দুজনী যমজ কন্যা সন্তানৰ মাতৃ।

কৰ্মজীৱন

২০০৪ চনত, অৰুণিয়ে উদাৰতা মেনিকে খিতাপ আৰু ২০০৫ বৰ্ষৰ কেপ্ৰী বিউটি কুইনৰ খিতাপ লাভ কৰে।৩

অৰুণীয়ে "হেল্লʼ শ্ৰীলংকা" আৰু "লিয়াসেৱানা"ৰ দৰে বিভিন্ন অনুষ্ঠানৰ আয়োজক হিচাপেও কাম কৰি আহিছে।৪

চলচ্চিত্ৰপুঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০১২চুপাৰ চিক্সশ্বেৰিনমুখ্য অভিনেত্ৰী
২০১৫মহাৰাজ গেমুনুকলু মেনীকাপাৰ্শ্ব অভিনেত্ৰী
২০১৫এড্ৰেছ না (নʼ এড্ৰেছ)৫নাথালিয়াপাৰ্শ্ব অভিনেত্ৰী
২০১৬পাত্থিনিমাধৱীপাৰ্শ্ব অভিনেত্ৰী
২০১৬আদৰণীয় কাথাৱাক (এ মেলোডি অৱ লাভ)৬দেউলীসংগীতধৰ্মী চলচ্চিত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Aruni Rajapaksha - Beauty Queen, Model, Film Actress and TV Presenter. Aruni Rajapaksha
  2. ↑ Dhananjani Silva. (2007-04-22). It was one goal at a time for this Kandy lamissi
  3. ↑ Lakna Paranamanna. (2008-12-14). Udarata Menike on the ramp
  4. ↑ travel and living. hirutv.lk
  5. ↑ (2014-01-19). 'Address Nehe' A plot about people without address. sundaytimes.lk
  6. ↑ (2014-08-24). 'Adaraneeya Kathawak' completes shooting. sundaytimes.lk

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰীশ্ৰীলংকাৰ চলচ্চিত্ৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণী ৰাজপক্ষ” প্ৰবন্ধৰ সংশোধন ৬০৩১০৭ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।