আছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী লেখক, নাট্যকাৰ আৰু সম্প্ৰচাৰক আছিল।১২ উৰ্দু ভাষাত তেওঁ পাকিস্তান দূৰদৰ্শন আৰু ৰেডিঅ’ৰ বাবে উপন্যাস, চুটি গল্প আৰু নাটক লিখিছিল। তেওঁ পাকিস্তানৰ ব্ৰডকাষ্টিং আৰু সাহিত্যিক ঐতিহ্যৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ উল্লেখযোগ্য সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰপৰা প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু চিতাৰা-এ-ইমতিয়াজ বঁটা লাভ কৰিছিল।৩
প্ৰাৰম্ভিক জীৱন
১৯২৫ চনৰ ২২ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ অধীনৰ পঞ্জাৱৰ মুকস্তাৰৰ মহম্মদ ফৈদৰ এটা পৰম্পৰাগত পাশ্তান পৰিয়ালত তেওঁৰ জন্ম হৈছিল।১৪৫৬ মুকস্তাৰতে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল।৪৫৭
তথ্যসূত্ৰ
- ↑ Ashfaq Ahmed remembered Dawn (newspaper), Published 16 September 2009. Retrieved 26 February 2019
- ↑ About Ashfaq. Zaviia.com website
- ↑ ISLAMABAD: Tributes paid to Ashfaq Ahmed Dawn (newspaper), Published 1 November 2004. Retrieved 25 February 2019
- ↑ Iqbal, M 1999, Colours of Loneliness, Oxford University Press, p.391
- ↑ Iqbal, Muzaffar. (1999). Colours of loneliness. Oxford University Press. ISBN 9780195778502
- ↑ The enigma behind the man. The News International (newspaper), Biography of Ashfaq Ahmed
- ↑ Ashfaq Ahmed. Pakistanconnections.com website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছফাক আহমেদ” প্ৰবন্ধৰ সংশোধন ৪২৪৭৮১ (৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।