অৰ্চনা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলেগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ ই হৃদিয়া নিনাগাগী (১৯৯৬), এ (১৯৯৮), ফুল ঔৰ আগ (১৯৯৯) আৰু যজামানা (২০০০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
কেৰিয়াৰ
অৰ্চনাৰ জন্ম হৈছিল মাৰাঠী ভাষী পৰিয়ালত। ১৯৯৬ চনত শিৱ ৰাজকুমাৰৰ সৈতে কন্নড় চলচ্চিত্ৰ আদিত্যত তেওঁৰ অভিষেক ঘটে৷ ইয়াৰ পিছত তেওঁ বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত আছে ১৯৯৯ চনৰ ‘ফুল ঔৰ আগ’, য’ত তেওঁ মিথুন চক্ৰৱৰ্তীৰ সৈতে অভিনয় কৰিছিল। অৰ্চনাই অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰত ৪০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।১
নিৰ্বাচিত চলচ্চিত্ৰৰ তালিকা
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | মন্তব্য |
|---|---|---|---|
| ১৯৯৬ | আদিত্য | শাৰদা | |
| ১৯৯৭ | ই হৃদয়া নিনাগাগি | ||
| ১৯৯৮ | মেঘা বান্টু মেঘা | ||
| ১৯৯৮ | মাৰি কান্নু হৰি মায়াগে | সৌন্দৰ্য | |
| ১৯৯৮ | এ | ||
| ১৯৯৯ | ফুল ঔৰ আগ | জয়ন্তী | হিন্দী চলচ্চিত্ৰ |
| ২০০০ | যজা | ||
| ২০০০ | মাভা মাভা মাদুভে মাডো | ||
| ২০০০ | পলি ভাৱ | ||
| ২০০১ | চান্দু | তেলুগু চলচ্চিত্ৰ৪ | |
| ২০০১ | নীলাম্বৰী | ||
| ২০০২ | ইয়াৰিগে বেদা দুদ্দু | ||
| ২০০৭ | থামাশেগাগি | ||
| ২০১৬ | চিবিআই সত্য |
তথ্যসূত্ৰ
- ↑ (11 March 2016). CBI Sathya movie cast and crew. The Times of India
- ↑ Yajamana movie review. Vishnuvardhan.com
- ↑ Phool Aur Aag cast and crew. The Times of India
- ↑ Sri. Reviews of 2001 Released Movies - Chandu. Telugucinema.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা (কন্নড় অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫০৭২৯৮ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।