অৰুণা জয়ন্তী: Aruna Jayanthi; এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু কেপজেমিনীৰ এছিয়া পেচিফিক আৰু লেটিন আমেৰিকাৰ ব্যৱসায়িক ইউনিটৰ পৰিচালন সঞ্চালক। ইয়াৰ পূৰ্বে তেওঁলোকৰ বিজনেছ চাৰ্ভিচেছৰ চিইঅ’ আৰু কেপজেমিনি ইণ্ডিয়াৰ চিইঅ’ হিচাপে ভূমিকা পালন কৰিছিল। ২০০০ চনত জয়ন্তীয়ে কেপজেমিনিত যোগদান কৰে আৰু ভাৰতত প্ৰতিষ্ঠানটোৰ অফশ্ব'ৰ ক্ষমতাসমূহ আৰম্ভ আৰু স্থাপন কৰা মূল দলৰ অংশ আছিল, শেষত তেওঁলোকৰ বিশ্বব্যাপী আউটচ'ৰ্চিং সেৱাৰ নেতৃত্ব দিছিল।১২ জয়ন্তী ২০১৪ চনৰ নৱেম্বৰৰ পৰা নেচনেল ইনষ্টিটিউট অৱ টেকন'লজি কালিকাটৰ ব'ৰ্ড অৱ গৱৰ্ণৰৰ অধ্যক্ষ।৩
শিক্ষাৃৃ
জয়ন্তীয়ে ১৯৮৪ চনত এছভিকেএম ৰ এনএমআইএমএছৰ Shri Vile Parle Kelavani Mandal's Narsee Monjee Institute of Management Studies(SVKM's NMIMS) পৰা আৰ্থিক পৰিচালন অধ্যয়ন (Management Studies in Finance) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪
বঁটা
জয়ন্তীক ২০১১ আৰু ২০১২ চনত ফৰ্চুন ইণ্ডিয়াৰ 'সৰ্বাধিক শক্তিশালী মহিলা',৫৬ আৰু ২০১১-২০১৫ আৰু ২০১৭-২০১৮ চনত বিজনেছ টুডেৰ 'বিজনেছৰ আটাইতকৈ শক্তিশালী মহিলা'ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ২০১৩ চনত তেওঁ 'ইণ্ডিয়া টুডে মহিলা বঁটা' লাভ কৰে।১৪ জয়ন্তী নাছকমৰ কাৰ্যবাহী পৰিষদৰ সদস্যও।১৫
লগতে চাওক
- ৰোশনী নাদৰ
তথ্যসূত্ৰ
- ↑ (5 September 2018). Capgemini rejig: Aruna Jayanthi elevated as APAC, LatAm biz unit MD. Business Standard
- ↑ (6 September 2018). Aruna Jayanthi leads Latin American operation of Capgemini. Consultancy.lat
- ↑ (3 November 2014). Women honchos of tech firms appointed to NIT board of governors. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 September 2018). Aruna Jayanthi elevated as Capgemini APAC, LatAm business unit MD. Business Line
- ↑ Fortune India - Most Powerful Women 2011 - Aruna Jayanthi. Fortune
- ↑ Fortune India - Most Powerful Women 2012 - Aruna Jayanthi. Fortune
- ↑ Most Powerful Women in Business 2011 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2012 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2013 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2014 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2015 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2017 - Aruna Jayanthi. Business Today
- ↑ Most Powerful Women in Business 2018 - Aruna Jayanthi. Business Today
- ↑ (9 May 2013). India Today Woman Awards 2013. ইণ্ডিয়া টুডে
- ↑ (22 April 2016). Aruna Jayanthi puts Indian Women in the limelight with her Contribution to IT Industry. ViralIndianDiary.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণা জয়ন্তী” প্ৰবন্ধৰ সংশোধন ৫১০৪৮৯ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।