অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অহল্যা গগৈ

অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।

হালনাগাদ: ২১ মে’ ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।

জন্ম আৰু বংশ-পৰিয়াল

অহল্যা গগৈ ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ নাতিনী আৰু কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ কনিষ্ঠ কন্যা। জন্ম ১৯৩৩ চনৰ ১ এপ্ৰিলত, যোৰহাটত। ১২ তেওঁ শিৱসাগৰৰ অভিযন্তা বুধীন্দ্ৰনাথ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২

শিক্ষা

যোৰহাট ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অহল্যাই যোৰহাট জে বি কলেজৰ পৰা অংক, ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানত ১৯৫৪ চনত ডিষ্টিংছনসহ বি এছ ছি ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংকশাস্ত্ৰত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান পাই স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।২

তথ্যসূত্ৰ

  1. ↑ জন্মদিন উদযাপন
  2. ↑ দত্ত, কুশল. (২০০৪). অহল্যা গগৈ. কথা গুৱাহাটী. পৃ. ২৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ নাৰীশিক্ষাবিদসাহিত্যিকসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহল্যা গগৈ” প্ৰবন্ধৰ সংশোধন ৬০৭৫৮৪ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।