অভিজিত মুখাৰ্জী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ পশ্চিমবংগৰ জাংগীপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷১২
বাল্যকাল
অভিজিত মুখাৰ্জীৰ জন্ম হয় ১৯৬০ চনৰ ২ জানুৱাৰীত পশ্চিমবংগৰ এটা বঙালী পৰিয়ালত৷ তেওঁৰ পিতৃ হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী আৰু মাতৃ শুভ্ৰা মুখাৰ্জী৷৩৪ মুখাৰ্জীয়ে ১৯৮৪ চনত যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে৷৩
পেছাদাৰী কেৰিয়াৰ
মুখাৰ্জীয়ে কেইবাটাও কোম্পানীত কৰপ’ৰেট বিষয়া (corporate executive)ৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷ ইয়াৰ ভিতৰত ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড (Bharat Heavy Electricals Limited),মাৰুটি উদ্যোগ লিমিটেড (Maruti Udyog Limited) আৰু ষ্টিল অথ’ৰিটি অব ইণ্ডিয়া লিমিটেড (Steel Authority of India Limited)৷৫
ৰাজনৈতিক কেৰিয়াৰ
মুখাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ ২০১১ চনৰ নিৰ্বাচনত জয়ী হৈ নালহাটী লোকসভা সমষ্টিৰ আসন লাভ কৰে৷৬
"Painted–dented" বিতৰ্ক
২০১২ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ পৰৱৰ্ত্তীকালত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা মহিলাসকলক "highly dented and painted" বুলি আখ্যা দি মুখাৰ্জীয়ে সমাজৰ গৰিহণা ভোগ কৰিব লগাত পৰে৷৭ এটা সাক্ষাৎকাৰত৮ তেওঁ লগতে উল্লেখ কৰে যে এই মহিলাসকল ডিস্ক’লৈ যায় আৰু তেওঁলোক বাস্তৱ জীৱনৰ সৈতে কোনো সম্পৰ্ক নাই৷৯১০ এই মন্তব্যসমূহে সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷১১১২১৩ তেওঁৰ ভগ্নী শৰ্মিষ্ঠা মুখাৰ্জীয়েও এইসম্পৰ্কত আশ্চৰ্য্য প্ৰকাশ কৰে৷৭ অভিজিত মুখাৰ্জীয়ে পিছত তেওঁৰ মন্তব্যৰ বাবে সমজুৱাকৈ ক্ষমা বিচাৰে৷১৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Hindu: News / National: Congress loses Tehri, scrapes through in Jangipur
- ↑ General Elections to Lok Sabha 2014 Constituency Wise Trends & Results. West Bengal. Election Commission of India
- ↑ Life of Abhijit Mukherjee. abhijitmukherjee.in
- ↑ Biography. Pranab Mukherjee
- ↑ (26 June 2012). No surprises here, it’s a staid First Family. Tehelka
- ↑ Nalhati. Assembly Elections May 2011 Results. Election Commission of India
- ↑ President Pranab Mukherjee's son Abhijit terms anti-rape protesters 'dented and painted' women - Economic Times
- ↑ Presidents son Abhijit Mukherjee taunts Delhi agitation - YouTube
- ↑ The Hindu: News / National: Sexist comment ‘dents’ President’s son
- ↑ Painted women protesting, not students: Abhijit Mukherjee | Firstpost
- ↑ Sexist comments by President's son, CPI-M leader invite West Bengal's ire - Hindustan Times
- ↑ Abhijit Mukherjee’s foot-in-mukh moment steals spotlight from rape cases · India Insight
- ↑ Abhijit Mukherjee's 'sexist' comment draws ire on Facebook, Twitter - Times Of India
- ↑ President's son Abhijit Mukherjee apologizes after calling anti-rape protesters 'dented and painted' - Times Of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজিত মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪১০৭৩৬ (১০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।