অবিনা তাৱাইড কগুইট এগৰাকী ফিলিপিনো মানোবো সম্প্ৰদায়ৰ সূচীকৰ্মী (এমব্ৰইডাৰ)। ৪২৭ নম্বৰ ঘোষণাৰ জৰিয়তে ২০২৩ চনত তেওঁক 'মানলিলিখা নাং বায়ান' (ৰাষ্ট্ৰীয় জীৱন্ত সম্পদ) সন্মানেৰে বিভূষিত কৰা হয়।১২
ব্যক্তিগত জীৱন
অবিনা কগুইট আগুছান ডেল চুৰ প্ৰদেশৰ লা পাজ চহৰত বাস কৰে।১
সূচীকৰ্মী

অবিনাক মাত্ৰ পোন্ধৰ বছৰ বয়সৰ পৰাই তেওঁৰ আইতাকে আগুছান ডেল চুৰৰ মানোবোসকলৰ পৰম্পৰাগত সূচীকৰ্ম ছুয়াম (suyam) শিকাবলৈ আৰম্ভ কৰিছিল।১
আগুছান ডেল চুৰৰ মানোবোসকলৰ অন্যান্য গুৰুত্বপূৰ্ণ পৰম্পৰাৰ দৰেই ছুয়াম প্ৰক্ৰিয়াটো এক আচাৰ-নীতিৰ অন্তৰ্ভুক্ত। কোৱা হয় যে অবিনা কগুইটক টুমাৰ এজন দেৱতাই (diwata) নিৰ্বাচন কৰিছিল আৰু থলুৱা জ্ঞান তথা সঁজুলিৰ ক্ষেত্ৰত বিশেষজ্ঞ হবলৈ আশীৰ্বাদ দিছিল।১
অবিনাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা আৰ্হি ব্যৱহাৰ কৰি সূতা, মণি (beads) আৰু কাপোৰৰ জৰিয়তে ছবি সৃষ্টি কৰি আহিছে, যিবোৰে তেওঁলোকৰ মানোবো পৰম্পৰাক প্ৰতিফলিত কৰে।১
মানলিলিখা নাং বায়ান
২০২৩ চনৰ ১৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে স্বাক্ষৰ কৰা ৪২৭ নম্বৰ ঘোষণাৰ জৰিয়তে অবিনা কগুইটক আগুছানৰ মানোবো এমব্ৰইডাৰী বা ছুয়াম পৰম্পৰা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে 'মানলিলিখা নাং বায়ান' বঁটা প্ৰদান কৰা হয়।৩ এই সন্মান গ্ৰহণ কৰাৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।১ তেওঁ কাৰাগা (CARAGA) অঞ্চলৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।৪
অন্যান্য ৰাষ্ট্ৰীয় জীৱন্ত সম্পদসকলৰ দৰেই অবিনা কগুইটেও ফিলিপাইনৰ কেন্দ্ৰীয় বেংকৰ পৰা এটা সোণৰ জলমলাই থকা পদক আৰু ২,০০,০০০ পেছোৰ এক অনুদান লাভ কৰে। ইয়াৰ উপৰিও তেওঁ জীৱনকালত প্ৰতি মাহে ৫০,০০০ পেছোৰ জলপানি লাভ কৰিব। তেওঁৰ বাবে ৭,৫০,০০০ পেছো পৰ্যন্ত চিকিৎসা আৰু চিকিৎসালয়ৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া (state funeral) সম্পন্ন কৰা হ’ব।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Manipon, Roel Hoang. (2024-01-02). Hail the newly declared National Living Treasures. Daily Tribune
- ↑ Proclamation No. 427. lawphil.net
- ↑ Proclamanation No. 427 Declaring Nine (9) Individuals as Manlilikha ng Bayan for 2023. Official Gazette of the Philippines
- ↑ (2025-05-17). Honoring Bae Abina Coguit: Caraga’s First Manlilikha ng Bayan. National Museum of the Philippines - Butuan on Facebook
- ↑ Unite, Betheena. (2025-05-07). Marcos: Preserve, pass on Filipino cultural treasures. Manila Bulletin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবিনা তাৱাইড কগুইট” প্ৰবন্ধৰ সংশোধন ৬০৬৮১৮ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।