অশ্বমেধ দেৱী (Ashwamedh Devi, জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৬৭) এগৰাকী ৰাজনীতিবিদ আৰু সংসদ সদস্য১ ৷ ভাৰতৰ বিহাৰ ৰাজ্যৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।২
তেওঁ সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰাও বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৩ চনত বিহাৰ চৰকাৰে তেওঁক বিহাৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।
প্ৰাথমিক জীৱন
১৯৬৭ চনৰ ১৮ ছেপ্টেম্বৰত জিলা সমস্তীপুৰ (বিহাৰ)ৰ মেয়াৰীত তেওঁৰ জন্ম হৈছিল। ১৯৭৯ চনৰ ৭ মে'ত প্ৰদীপ মাহতোৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ আছে।২৩
শিক্ষা
অশ্বমেধ দেৱী মেট্ৰিক ঊত্তীৰ্ণ৷ তেওঁ বাজিতপুৰ মেয়াৰী, চৰাই ৰঞ্জন, সমস্তীপুৰ, বিহাৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈছে।[২
কৰ্মজীৱন
২০০০ আৰু ২০০৫ চনত সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰা বিহাৰ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।৪
সাংসদ
২০০৯ চনলৈকে তেওঁ সদস্য হিচাপে থাকে। ২০০৯ চনত তেওঁ ১৫ নং লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।২ ২০২৩ চনত বিহাৰ ৰাজ্যৰ বাবে মহিলা আয়োগৰ মুৰব্বী হিচাপে অশ্বমেধ দেৱীয়ে নিযুক্তি লাভ কৰে। তেওঁ ৰাজ্যৰ মহিলাৰ সৈতে জড়িত বিষয়সমূহ চোৱাচিতা কৰিবলৈ পুনৰ গঠন কৰা আয়োগত সাতগৰাকী সদস্যৰ এগৰাকী আছিল।৫
তথ্যসূত্ৰ
- ↑ EX-MP Track - Lok Sabha. PRS
- ↑ Biographical Sketch Member of Parliament 15th Lok Sabha
- ↑ Ujiarpur grapples with new caste equations - Delimitation changes constituency's constitution, not its share of problems. The Telegraph
- ↑ Ashwamedh Devi chairman of Bihar Women Commission. jagran.com
- ↑ Ashwamedh Devi to head state commission for women. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বমেধ দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৬১৪১ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।