আচাৰ্য শেখৰ চক্ৰৱৰ্তী (১৭ শতিকা) কোচ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। কামৰূপৰ এই পণ্ডিতগৰাকীৰ প্ৰকৃত নাম জয়কৃষ্ণ। বিদ্যাধৰ এখেতৰ পিতৃৰ নাম। ৰজা প্ৰাণনাৰায়ণৰ নিৰ্দেশ অনুসৰি প্ৰসিদ্ধ সংস্কৃত ব্যাকৰণ 'প্ৰয়োগ ৰত্নমালা'ৰ টীকা গ্ৰন্থ 'প্ৰভা প্ৰকাশিকা' ৰচনা কৰে। 'সাৰ মঞ্জৰী' নামে আন এখন ব্যাকৰণ ৰচনা কৰে।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচাৰ্য শেখৰ চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ১০৭৩২৫ (১৫ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।