অৰুণাভ সৰকাৰ (Arunabh Sarkar; ২৯ মে' ১৯৪১ - ১৮ ডিচেম্বৰ ২০১৪) এগৰাকী বাংলাদেশী কবি, স্তম্ভলেখক, সাহিত্য সম্পাদক আৰু স্বাধীনতা সংগ্ৰামী১ তেওঁৰ জন্ম হৈছিল বাংলাদেশ টাঙ্গাইলত। ২০০৯ চনত কবিতাৰ বাবে তেওঁ বাংলা অকাডেমী সাহিত্য বঁটা লাভ কৰিছিল। ২০০৭ চনত অৰুণাভ সৰকাৰে টাঙ্গাইল সাহিত্য সংসদ কবিতা বঁটাও লাভ কৰে।২৩ তেওঁ তিনিখন কবিতা সংকলন প্ৰকাশিত হৈছে। সেইবোৰ হ'ল - নগৰে বাউল, কেউ কিছুই জানে না আৰু নাৰীৰা ফেৰে না। ১৯৬৯ চনৰ পৰা ১৯৮৫ চনলৈকে সৰকাৰে কাব্যালোচনী এশিকা সম্পাদনা কৰিছিল আৰু প্ৰায় ৪০ বছৰ ধৰি সাংবাদিক হৈ আছিল।৩ ২০১৪ চনৰ ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।৪
তথ্যসূত্ৰ
- ↑ (2007-09-22). Poems in delighted eyes
- ↑ 6 authors receive Bangla Academy Awards. bdnews24.com
- ↑ (2007-10-02). Arunabh wins poetry prize
- ↑ কবি ও সাংবাদিক অৰুণাভ সৰকাৰ আৰ নেই. ProthomAlo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাভ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৫৩ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।