সুলক্ষণা নাইক ( Sulakshana Naik; জন্ম: ১০ নৱেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ উইকেট কীপাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলিছিল। ২০০২ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতৰ হৈ দুখন টেষ্ট মেচ, ৪৬ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৩১ খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। মুম্বাই আৰু ৰেলৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।১২
২০২০ চনৰ জানুৱাৰী মাহত তেওঁক বিচিচিআইৰ ক্ৰিকেট পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।৩
তথ্যসূত্ৰ
- ↑ Player Profile: Sulakshana Naik. ESPNcricinfo
- ↑ Player Profile: Sulakshana Naik. CricketArchive
- ↑ (31 January 2020). BCCI announces appointment of CAC members. BCCI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলক্ষণা নাইক” প্ৰবন্ধৰ সংশোধন ৫৭০০৮৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।