অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুপ্ৰকাশ ভূঞা

সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক। ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক।১ ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।২

জন্ম আৰু পৰিয়াল

সুপ্ৰকাশ ভূঞাৰ জন্ম ১৯৯০ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱত হৈছিল।১ তেওঁৰ পিতৃ শান্তিৰাম ভূঞা আৰু মাতৃ ৰাণু ভূঞা।১

শিক্ষা আৰু কৰ্মজীৱন

তেওঁ ইংৰাজী ভাষা সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।১ বৰ্তমান তেওঁ শিৱসাগৰ জিলাৰ দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয়ৰ সহকাৰী শিক্ষক (বিষয় শিক্ষক) হিচাপে কৰ্মৰত।৩১

সাহিত্য কৃতি

সুপ্ৰকাশ ভূঞাই ছাত্ৰাৱস্থাৰপৰাই নিয়মিতভাৱে সাহিত্য চৰ্চা কৰি আহিছে। প্ৰায় ২০১০ চনৰপৰা অসমৰ আগশাৰীৰ সাহিত্য আলোচনী ক্ৰমে— গৰীয়সী, প্ৰান্তিক, সাতসৰী (আলোচনী) আৰু প্ৰকাশ (আলোচনী) আদি নিয়মিতভাৱে তেওঁৰ চুটিগল্পসমূহ প্ৰকাশ পাই আহিছে।১ ২০০৮ চনত গৰীয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প প্ৰতিযোগিতাত তেওঁৰ কাঞ্চনজংঘাৰোহণ গল্পটোৱে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।১

তেওঁৰ গল্পসমূহত মূলতঃ অসমৰ গ্ৰাম্য তথা প্ৰান্তীয় সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন-সংগ্ৰাম, অন্ধবিশ্বাস, বানপীড়িত সমাজৰ কৰুণ ছবি আৰু মানুহৰ অন্তৰ্জীৱনৰ মনস্তাত্ত্বিক সংঘাত প্ৰতিফলিত হয়।৪

প্ৰকাশিত গ্ৰন্থসমূহ

  • ছিছিফাছৰ পৃথিৱী: সাহিত্য অকাডেমিৰ 'নৱোদয় প্ৰকল্প'ৰ অধীনত প্ৰকাশিত তেওঁৰ প্ৰথমখন গল্প সংকলন।১
  • কুঁচিয়ানামা (২০২৩): পূৰ্বায়ণ প্ৰকাশনৰদ্বাৰা প্ৰকাশিত দ্বিতীয়খন গল্প সংকলন।১৫ ইয়াত জাঁজৰি, বীৰা, ক'লাজোন, থাউনি, মন্ত্ৰণা কক্ষত আদিকে ধৰি মুঠ ১৪টা গল্প সন্নিৱিষ্ট আছে।৪

বঁটা আৰু সন্মান

  • গৰীয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প প্ৰতিযোগিতাত পুৰস্কাৰ (২০০৮)১
  • সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা (২০২৫) (কুঁচিয়ানামা গল্পসংকলনৰ বাবে)২

তথ্যসূত্ৰ

  1. ↑ (18 June 2025). সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা. ETV Bharat Assamese
  2. ↑ (18 June 2025). অসমীয়া সাহিত্যৰ দুই লেখকলৈ সাহিত্য একাডেমীৰ পুৰস্কাৰ... Asomiya Pratidin
  3. ↑ (18 June 2025). ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা. Assam TV9
  4. ↑ কিশোৰ দাস কোঁৱৰ. (July 2024). 'কুঁচিয়ানামা': কিছু নতুন, some exception and some curiosity. অন্যযুগ
  5. ↑ Kuchiyanama – Suprakash Bhuyan. Scientia Books

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া গল্পকাৰসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰকাশ ভূঞা” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।