সৰোজিনী মেহতা (Sarojini Mehta, (১৮৯৮-১৯৭৭) আছিল গুজৰাট, ভাৰতৰ এগৰাকী চুটিগল্পকাৰ।
১৮৯৮ চনত সৰোজিনী মেহতাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰমনভাই নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল বিদ্যাগৌৰী নীলকণ্ঠ। তেওঁলোক উভয়েই সমাজ-সংস্কাৰক আৰু লেখক আছিল। ১৯১৯ চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে ১৯২৩ চনত লণ্ডন স্কুল অৱ ইক'নমিকছৰ পৰা সমাজতত্ত্ব অধ্যয়ন কৰে। আহমেদাবাদত থকা বনিতা বিশ্ৰামত তেখেতে এগৰাকী ছুপাৰিণ্টেডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে।১ তেখেতে নানক মেহতাৰ লগত দাম্পত্য জীৱন আৰম্ভ কৰে। নানক আছিল সুমন্ত মেহতাৰ কনিষ্ঠ ভ্ৰাতৃ।২
তেখেতৰ দুখনমান চুটি গল্প-সংকলন হৈছে: একাদশী (১৯৩৫), চাৰ পাথাৰনি মা (১৯৫৩) আৰু ৱালাতা পানী (১৯৬২)। তেখেতৰ গল্পৰ বিষয়বস্তু আছিল সমাজ, পৰিয়াল, বাল্য বিবাহ আৰু সমাজত নাৰীৰ স্থান।১
তথ্যসূত্ৰ
- ↑ Chaudhari. (2005). વીસમી સદીનું ગુજરાતી નારીલેખન. সাহিত্য অকাডেমি. পৃ. 351. ISBN 8126020350
- ↑ Parikh, Shailaja Kalelkar. (2013). Marching to a Different Beat: The Nilkanths of Gujarat. Akshara Prakashan. পৃ. 150. ISBN 978-93-82255-35-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজিনী মেহতা” প্ৰবন্ধৰ সংশোধন ৩০১৮১৯ (২৮ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।